পি এম ইণ্ডিয়া

লাক্ষাদ্বীপ, তামিলনাডু আৰু কেৰালা ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূ্ৰ্ণী বতাহ অ’খীত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়৷ দিনটোৰ আৰম্ভণিতে তেওঁ কাৱাৰাট্টী আৰু কন্যাকুমাৰীৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে৷ ঘূৰ্ণী বতাহে প্ৰলয়ৰ সৃষ্টি কৰা থিৰুৱন্তপুৰমৰ নিকটৱৰ্তী পান্থাৰা গাঁৱো তেওঁ পৰিভ্ৰমণ কৰে৷ ক্ষতিগ্ৰস্ত লোকসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বৰ্ণনা কৰে কিদৰে ঘূৰ্ণী বতাহে তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ শ্ৰী মোদীয়ে জনসাধাৰণক আশ্বাস প্ৰদান কৰে যে কেন্দ্ৰৰ ফালৰ পৰা তেওঁলোকলৈ সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব আৰু এই বিপৰ্যয়ৰ সময়ত সকলো তেওঁলোকৰ সৈতে আছে৷
প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক পৰিস্থিতি আৰু সাহায্য অভিযান সন্দৰ্ভত কাৱাৰাট্টী, কন্যাকুমাৰী আৰু থিৰুৱন্তপুৰমত পৃথকে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত কেৰালা আৰু তামিলনাডুৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে লোকসভাৰ উপাধ্যক্ষ আৰু লাক্ষাদ্বীপৰ প্ৰশাসক তথা বিষয়-ববীয়া উপস্থিত থাকে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এক সাহায্য অনুদানৰ জৰিয়তে ঘূৰ্ণী বতাহত প্ৰভাৱিত ৰাজ্যসমূহক সহায় কৰিব৷
ইয়াৰ পূৰ্বে, পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীক অ’খী ঘূৰ্ণী বতাহৰ ভয়াবহতাৰ কথা অৱগত কৰি কোৱা হৈছিল যে ২০১৭ৰ ৩০ নৱেম্বৰত এই ঘূৰ্ণী বতাহৰ প্ৰলয় আৰম্ভ হয় আৰু উক্ত দিনাই উদ্ধাৰ অভিযান আৰম্ভ হয়৷ ভাৰতীয় উপকূল বাহিনী আৰু ভাৰতীয় নৌসেনাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰকাৰ্য ক্ষিপ্ৰতাৰে চলাই নিয়ে৷ এই পৰ্যন্ত মুঠ ৮৪৫ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰাৰ লগতে সাহায্য আগবঢ়োৱা হৈছে৷
প্ৰধানমন্ত্ৰীক এই কথাও জনোৱা হয় যে উপকূলৰ পৰা ৭০০ সামুদ্ৰিক মাইল দূৰত্ব পৰ্যন্ত উদ্ধাৰ অভিযান চলোৱা হৈছিল৷
******
AKT/NT/HS/MS
Spent the day in Lakshadweep, Tamil Nadu and Kerala meeting people affected by #CycloneOckhi. I assured them that the entire nation stands firmly with them in these difficult times. https://t.co/JpxNgE0AFt
— Narendra Modi (@narendramodi) December 19, 2017
I am deeply touched by the courage the people of cyclone affected areas have shown in the face of adversity. pic.twitter.com/klxEQVZxAY
— Narendra Modi (@narendramodi) December 19, 2017
I commend the efforts of all agencies who have been engaged in rescue and relief operations. They are leaving no stone unturned in reaching out to every person affected by #CycloneOckhi.
— Narendra Modi (@narendramodi) December 19, 2017
PM @narendramodi reviewed the situation arising due to #CycloneOckhi at a high level meeting in Lakshadweep. pic.twitter.com/vLngkLs9Zb
— PMO India (@PMOIndia) December 19, 2017
Due to #CycloneOckhi, our farmers, fishermen and villages have been affected. When the cyclone struck, Defence Minister @nsitharaman had visited affected areas and taken stock of the situation: PM @narendramodi
— PMO India (@PMOIndia) December 19, 2017
Centre is providing all possible assistance. Navy and Coast Guard are monitoring the situation: PM @narendramodi #CycloneOckhi
— PMO India (@PMOIndia) December 19, 2017
Some of our people are stranded in foreign nations. The MEA and various embassies are working to bring them back. Some people also got stranded on parts of India's western coast. We have rescued many of them: PM @narendramodi
— PMO India (@PMOIndia) December 19, 2017
I am here to assure you that India stands shoulder to shoulder with all those affected by #CycloneOckhi. We will leave no stone unturned in the rescue and relief operations: PM @narendramodi to those affected by #CycloneOckhi
— PMO India (@PMOIndia) December 19, 2017
Earlier today, PM @narendramodi met those affected by #CycloneOckhi in Kanyakumari, Tamil Nadu. pic.twitter.com/rWwTjw8HUj
— PMO India (@PMOIndia) December 19, 2017