Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে   প্ৰধানমন্ত্ৰীয়ে


আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত আধ্যাত্মিক শিক্ষা, শান্তি, ধ্যান-ধাৰণাৰ আধুনিক কেন্দ্ৰ “শান্তি শিখৰ”ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্ম কুমাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়  যে ছত্তীশগড় গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজিৰ দিনটো  এক অতি বিশেষ দিন। ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডতো প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ আন কেইবাখনো ৰাজ্যই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই আটাইকেইখন ৰাজ্যৰ বাসিন্দালৈ প্ৰতিষ্ঠা দিৱসত শ্ৰীযুত মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। “ৰাজ্যৰ উন্নয়নে দেশৰ প্ৰগতিত ইন্ধন যোগায়  নীতিৰ দ্বাৰা পৰিচালিত হৈ আমি উন্নত ভাৰত নিৰ্মাণৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছো”, প্ৰধানমন্ত্ৰীয়ে কয় ।

 

ভাৰত উন্নত দেশ হোৱাৰ যাত্ৰাত ব্ৰহ্ম কুমাৰীৰ দৰে প্ৰতিষ্ঠানে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে কেইবা দশক ধৰি ব্ৰহ্ম কুমাৰী পৰিয়ালৰ সৈতে জড়িত হৈ থাকিব পাৰটো  তেওঁৰ বাবে  সৌভাগ্যৰ কথা। তেওঁ কয় যে এই আধ্যাত্মিক আন্দোলন  বট  গছৰ দৰে বৃদ্ধি হোৱা তেওঁ প্ৰত্যক্ষ কৰিছে। শ্ৰী মোদীয়ে ২০১১ চনত আহমেদাবাদত অনুষ্ঠিত হোৱা ‘শক্তিৰ ভৱিষ্যত’ কাৰ্যসূচী, ২০১২ চনত প্ৰতিষ্ঠানটোৰ ৭৫ বছৰীয়া জয়ন্তী  আৰু ২০১৩ চনত প্ৰয়াগৰাজ কাৰ্যসূচীৰ কথা স্মৰণ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্ম কুমাৰী প্ৰতিষ্ঠানৰ সৈতে গভীৰ ব্যক্তিগত সম্পৰ্ক থকাৰ কথা  প্ৰকাশ কৰি দাদী জানকীৰ মৰম আৰু ৰাজযোগিনী দাদী হৃদয় মোহিনীৰ পথ প্ৰদৰ্শনক তেওঁৰ জীৱনৰ আদৰৰ স্মৃতি হিচাপে স্মৰণ কৰে। তেওঁ মন্তব্য কৰে যে ‘শান্তি শিখৰ – একাডেমী ’ৰ ধাৰণাটো শান্তিপূৰ্ণ বিশ্বৰ চিন্তাধাৰা বাস্তৱায়িত কৰাৰ পদক্ষেপ। শ্ৰী মোদীয়ে কয় যে অনাগত সময়ত এই প্ৰতিষ্ঠানটোৱে বিশ্ব শান্তিৰ দিশত অৰ্থপূৰ্ণ প্ৰচেষ্টাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। এই প্ৰশংসনীয় পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু সমগ্ৰ ভাৰত তথা  বিদেশৰ ব্ৰহ্ম কুমাৰী পৰিয়ালৰ সদস্যসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

এটা পৰম্পৰাগত  প্ৰবচনৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে আচৰণ হৈছে ধৰ্ম, তপস্যা  আৰু জ্ঞানৰ সৰ্বোচ্চ ৰূপ তথা সৎ আচৰণৰ দ্বাৰা সকলো লাভ কৰিব পাৰি।  তেওঁ  দৃঢ়তাৰে কয় যে শব্দক কৰ্মলৈ ৰূপান্তৰিত কৰিলে প্ৰকৃত ৰূপান্তৰ ঘটে, আৰু এয়াই ব্ৰহ্ম কুমাৰী প্ৰতিষ্ঠানৰ আধ্যাত্মিক শক্তিৰ উৎস। তেওঁ উল্লেখ কৰে যে ইয়াত প্ৰতিগৰাকী ভগ্নীয়ে কঠোৰ তপস্যা আৰু আধ্যাত্মিক অনুশাসনৰ সন্মুখীন হয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰতিষ্ঠানটোৰ পৰিচয়েই বিশ্ব আৰু মহাবিশ্বৰ শান্তিৰ প্ৰাৰ্থনাৰ সৈতে জড়িত। তেওঁ আলোকপাত কৰে যে ব্ৰহ্ম কুমাৰীসকলৰ প্ৰথম আহ্বান  হৈছে “ঔম শান্তি”—য’ত ‘ঔম’য়ে  ব্ৰহ্ম আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক বুজায়, আৰু ‘শান্তি’য়ে শান্তিৰ আকাংক্ষাক বুজায়। তেওঁ লগতে কয় যে এই কাৰণেই ব্ৰহ্ম কুমাৰীৰ চিন্তাই প্ৰতিজন ব্যক্তিৰ আভ্যন্তৰীণ চেতনাত ইমান গভীৰ প্ৰভাৱ পেলাব পাৰিছে।

“বিশ্ব শান্তিৰ ধাৰণা ভাৰতৰ মৌলিক চিন্তা আৰু আধ্যাত্মিক চেতনাৰ এক অবিচ্ছেদ্য অংগ”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়  যে ভাৰত এনে এক দেশ  যি খন দেশে  প্ৰতিটো জীৱৰ মাজত ঐশ্বৰিকতাক দেখে আৰু আত্মাত অসীমতাক অনুভৱ কৰে। তেওঁ আলোকপাত কৰে যে ভাৰতৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানৰ সামৰণি পৰে বিশ্বৰ কল্যাণ আৰু সকলো জীৱৰ মাজত সদিচ্ছাৰ আহ্বানেৰে । শ্ৰী মোদীয়ে আৰু দৃঢ়তাৰে কয় যে এনে উদাৰ চিন্তাধাৰা আৰু বিশ্বাস তথা বিশ্ব কল্যাণৰ মনোভাৱৰ নিৰৱচ্ছিন্ন সংগম ভাৰতৰ সভ্যতাত   অন্তৰ্নিহিত হৈ আছে । তেওঁ কয় যে ভাৰতীয় আধ্যাত্মিকতাই কেৱল শান্তিৰ পাঠ শিকোৱাই নহয়, প্ৰতিটো খোজতে শান্তিৰ পথো দেখুৱাইছে। তেওঁ বিশদভাৱে কয়  যে আত্মসংযমৰ ফলত আত্মজ্ঞান, আত্মজ্ঞানে আত্ম উপলব্ধি আৰু আত্ম উপলব্ধিৰ ফলত আভ্যন্তৰীণ শান্তি প্ৰাপ্তি হয়। এই পথত খোজ দি শান্তি শিখৰ একাডেমীৰ সাধকসকল বিশ্ব শান্তিৰ আহিলা হৈ পৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

বিশ্ব শান্তিৰ অভিযানত ব্যৱহাৰিক নীতি আৰু প্ৰচেষ্টাৰ দৰেই ধাৰণাও গুৰুত্বপূৰ্ণ বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে এই দিশত নিজৰ ভূমিকা পালন কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰি আছে। “যেতিয়াই বিশ্বৰ যিকোনো ঠাইত সংকট বা দুৰ্যোগৰ সৃষ্টি হয়, তেতিয়াই ভাৰতে সহায় আগবঢ়াবলৈ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আগবাঢ়ি যায়, প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰে”, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে আজিৰ পৰিৱেশ প্ৰত্যাহ্বানৰ মাজতে ভাৰতে সমগ্ৰ বিশ্বতে প্ৰকৃতি সংৰক্ষণৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰকৃতিয়ে আমাক যি দিছে তাক সংৰক্ষণ আৰু সমৃদ্ধ কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে আমাৰ শাস্ত্ৰ আৰু সৃষ্টিকৰ্তাই আমাক এই নীতি-নিয়ম শিকাইছে। তেওঁ কয় যে আমি নদীক মাতৃ হিচাপে গণ্য কৰোঁ, পানীক ঐশ্বৰিক বুলি গণ্য কৰোঁ আৰু গছত ঈশ্বৰৰ উপস্থিতি দেখিবলৈ পাওঁ। তেওঁ  কয় যে এই আবেগে প্ৰকৃতি আৰু ইয়াৰ সম্পদৰ ব্যৱহাৰৰ  পথ প্ৰদৰ্শন কৰে—কেৱল নিষ্কাশনৰ উদ্দেশ্যেৰে নহয়, কিন্তু ওভতাই দিয়াৰ মনোভাৱেৰে সেয়া পৰিচালিত হয়। তেওঁ লগতে কয় যে এই জীৱন পদ্ধতিয়ে পৃথিৱীখনক এক নিৰাপদ ভৱিষ্যতৰ এক বিশ্বাসযোগ্য পথ দেখুৱাব  পাৰে।

 

ভাৰতে ইতিমধ্যে ভৱিষ্যতৰ প্ৰতি নিজৰ দায়িত্ব বুজি পাইছে আৰু সেয়া  পালন কৰি আছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড’ আৰু ভাৰতৰ ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ দৃষ্টিভংগীৰ বিষয়ত  আলোকপাত কৰি এই ধাৰণাসমূহৰ সৈতে বিশ্বই ক্ৰমান্বয়ে সংগতি ৰাখিছে বুলি উল্লেখ কৰে। ভূ-ৰাজনৈতিক সীমা অতিক্ৰম কৰি সমগ্ৰ মানৱতাৰ বাবে ভাৰতে মিছন লাইফ আৰম্ভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

সমাজক নিৰন্তৰ সবলীকৰণৰ ক্ষেত্ৰত ব্ৰহ্ম কুমাৰীৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাসেৰে কয় যে শান্তি শিখৰৰ দৰে প্ৰতিষ্ঠানে ভাৰতৰ প্ৰচেষ্টাত নতুন শক্তিৰ প্ৰৱেশ ঘটাব আৰু এই প্ৰতিষ্ঠানৰ পৰা নিৰ্গত শক্তিয়ে সমগ্ৰ দেশ আৰু বিশ্বৰ লাখ লাখ লোকক বিশ্ব শান্তিৰ ধাৰণাৰে সংযোগ কৰিব। ভাষণৰ  সামৰণিত প্ৰধানমন্ত্ৰীয়ে শান্তি শিখৰ – একাডেমী শান্তিপূৰ্ণ বিশ্বৰ হকে  প্ৰতিষ্ঠা কৰাৰ বাবে পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইকে ধৰি বিশিষ্ট অতিথিসকল উপস্থিত থাকে।

 

***

MJPS/SR/DM