Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ ম্যাদ ৩১.৩.২০১৯ৰ বিপৰীতে আৰু তিনি বছৰলৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন


চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগ(এনচিএছকে)ৰ ম্যাদ ৩১.৩.২০১৯ৰ বিপৰীতে আৰু তিনি বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷

মুল বৈশিষ্ট্যসমূহঃ

এনচিএছকে আইন ১৯৯৩ৰ অধীনত ১৯৯৩ চনত প্ৰথম অৱস্থাত ৩১.৩.১৯৯৭ চনলৈকে এক সময় ধাৰ্য কৰি এনচিএছকেৰ স্থাপন কৰা হৈছিল৷ পৰৱৰ্তী সময়ত এই আইনখনৰ ম্যাদ ৩১.৩.২০০২ আৰু তাৰ পাছত ২৯.০২.২০০৪লৈ বৃদ্ধি কৰা হয়৷ এই এনচিএছকে আইনখন ২৯.০২.২০০৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হয়৷ ইয়াৰ পাছত এনচিএছকেক এক অ-বিধিবদ্ধ সংস্থা হিচাপে সময়ে-সময়ে ম্যাদ বৃদ্ধি কৰা হৈছে৷ বৰ্তমানৰ আয়োগৰ ম্যাদ ৩১.৩.২০১৯লৈ বাহাল থাকিব৷

মুখ্য প্ৰভাৱঃ

দেশৰ চাফাই কৰ্মচাৰী তথা এনে কামৰ সৈতে জড়িত ব্যক্তিসকল এই প্ৰস্তাৱিত সিদ্ধান্তৰ মুখ্য হিতাধিকাৰী হ’ব আৰু এনচিএচকেই এই লোকসকলৰ কল্যান তথা তেওঁলোকৰ উন্নয়নৰ হকে কাম কৰিব৷ হাতেৰে কাম কৰা চাফাই কৰ্মীৰ সংখ্যা এমএছ আইনৰ ৩১.৩.২০১৯ৰ সমীক্ষা মতে ১৪,২২৬গৰাকী আৰু নিটী আয়োগৰ পৰামৰ্শক্ৰমে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে কৰা সমীক্ষা মতে ৩১.০১.২০১৯লৈকে এই সংখ্যা ৩১,১২৮গৰাকী৷

পটভূমিঃ

উল্লেখ্য যে চৰকাৰে চাফাই কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যান তথা উন্নীতকৰণৰ হকে সময়ে-সময়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ বিভিন্ন সময়ত লাভ কৰা অভিযোগৰ ভিত্তিত আইনৰ জৰিয়তে তেওঁলোকৰ সুৰক্ষাৰ দিশতো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ভিত্তিতে চৰকাৰে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ ম্যাদ পৰৱৰ্তী তিনি বছৰৰ বাবে বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়৷

AKT/DB