পি এম ইণ্ডিয়া
দেশৰ নাগৰিকৰ গুণগতমানৰ স্বাস্থ্য ব্যাপ্তি প্ৰদান কৰাৰ উদ্দেশ্য প্ৰসাৰণ কৰাৰ বাবে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত সংশোধন কৰা হৈছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ এয়া হ’ল এক গুৰুত্বপূৰ্ণ স্তম্ভ৷
এই ভাৱনাক সজীৱ কৰ ৰাখিবলৈ তথা চৰকাৰৰ আন এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় চিকিৎসা পৰিষদ (সংশোধন) বিধেয়ক, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ এই বিধেয়কে সংসদৰ নিয়মৰ দ্বাৰা ভাৰতীয় চিকিৎসা পৰিষদ (সংশোধন)দ্বিতীয় অধ্যাদেশ, ২০১৯ৰ স্থান ল’ব৷ বিধেয়কখন পৰৱৰ্তী সংসদত উত্থাপিত কৰা হ’ব৷
এই পদক্ষেপৰ দ্বাৰা দেশত চিকিৎসা শিক্ষাত পাৰদৰ্শিতা, জবাবদেহী আৰু চিকিৎসা শিক্ষাৰ সঞ্চালনত গুণগতমান সুনিশ্চিত হ’ব৷
প্ৰভাৱঃ
পৃষ্ঠভূমিঃ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আইএমচি আইন, ১৯৫৬ৰ ব্যৱস্থাপনা তথা তাৰ অধীনৰ কিছু নিয়মৰ অৱহেলা কৰি থকা ভাৰতীয় চিকিৎসা পৰিষদৰ কিছুমান মতগৰ্বী কাৰ্যৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ লগতে এমচিআইৰ কাৰ্যসমূহৰ নিৰীক্ষণ কৰাৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিন নিৰীক্ষণ সমিতিয়েও তেওঁলোকৰ নিৰ্দেশনা পালন নকৰাৰ উদাহৰণ দিয়ে তথা নিৰীক্ষণ সমিতিৰ সকলো সদস্যই পদত্যাগ কৰে৷
এই ঘটনাসমূহ পৰিলক্ষিত কৰি পাৰদৰ্শিতা, জবাবদেহী আৰু ভাৰতত চিকিৎসা শিক্ষাৰ সঞ্চালনত গুণগতমান প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় চিকিৎসা পৰিষদৰ স্থানত ২৬.০৯.২০১৮ত প্ৰণয়ন হোৱা ভাৰতীয় চিকিৎসা পৰিষদ (সংশোধন) অধ্যাদেশৰ স্থানত এত বৈকল্পিক তন্ত্ৰ স্থাপিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ লগতে এয়াও সিন্ধান্ত লোৱা হ’ল যে ইয়াৰ কাম–কাজ শাসক মণ্ডলৰ ওপৰত ন্যস্ত কৰা হ’ব য’ত প্ৰখ্যাত চিকিৎসকো অন্তৰ্ভুক্ত হৈ থাকিব৷ শাসক মণ্ডলৰ গঠন নীতি আয়োগৰ সদস্য ডাঃ বি.কে. পালৰ অধ্যক্ষতাৰ কৰা হৈছে আৰু ইয়াত ৬জন অন্য সদস্যও আছে৷
****
AKT/AK/MANN