Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চেন্নাইৰ দৈনিক থান্থি কাকতৰ মহাৰজত ৰজত জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মুল বক্তব্য

চেন্নাইৰ দৈনিক থান্থি কাকতৰ মহাৰজত ৰজত জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মুল বক্তব্য

চেন্নাইৰ দৈনিক থান্থি কাকতৰ মহাৰজত ৰজত জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মুল বক্তব্য

চেন্নাইৰ দৈনিক থান্থি কাকতৰ মহাৰজত ৰজত জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মুল বক্তব্য


ভাষণৰ আৰম্ভণীতে মই তামিলনাডুৰ চেন্নাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ সময়ত যিকেইটাৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুওৱাৰ লগতে জটিল সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোকৰ প্ৰতি সমবেদনা আৰু সহানুভুতি জনাইছো। মই ৰাজ্য চৰকাৰক সম্ভাব্য সকলো ধৰণৰ সাহাৰ্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছো। মই প্রবীণ সাংবাদিক থিৰু আৰ মোহনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছো।

 ‘দৈনিক থান্থি’ কাকতে  গৌৰবোজ্বল ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এই সাফল্যৰ যাত্রাত মই থিৰু এছ.পি. আদিথানাৰ, থিৰু এছ.টি. আদিথানাৰ আৰু থিৰুবালা সুব্রমনিয়ান জীৰ অৱদানক প্রসংসা কৰিছো। বিগত চাৰে সাত দশক ধৰি তেওঁলোকৰ সুপ্রচেষ্টাত থান্থিকে এক বৃহত্তম মিডিয়া ব্ৰেণ্ড হিচাপে গঢ় লৈছে। তেওঁলোকে কেৱল তামিলনাডুতে নহয়, সমগ্ৰ দেশতে ইয়াৰ প্ৰসাৰ ঘটাইছে। এই সফলতাৰ বাবে বাবে মই থান্থিৰ মেনেজমেণ্ট আৰু কর্মীসকলৰ অৱদানৰো প্রশংসা কৰিছো।

বর্তমান চৌবিশ ঘণ্টাৰ সংবাদ চেনেলে কোটি কোটি ভাৰতবাসীৰ বাবে সহজলভ্য হৈ পৰিছে। তাৰ পাছতো অধিকাংশ লোকৰ দিনটো আৰম্ভ হয় এহাতে খবৰ কাগজ আৰু আনটো হাতত চাহ বা কফিৰে। মই জানিব পাৰিছো ‘দিনা থান্থি’ বৰ্তমান কেৱল তামিলনাডুতে নহয়, ই বাংগালুৰু, মুম্বাই আনকি ডুবাইসহ মুঠ সত্তৰটা সংস্কৰণৰ প্রকাশিত হৈছে। ৭৫ বছৰ ধৰি চলা এই ব্যাপক প্ৰসাৰ হৈছে থিৰু এছ.পি. আদিথানাৰৰ দূৰদর্শী নেতৃত্বৰ প্রতি এক শ্রদ্ধাঞ্জলি, যিখন ১৯৪২ চনত এই সংবাদপত্রৰ আৰম্ভ কৰিছিল। সেই যুগত নিউজপ্রিণ্ট অতি দুর্লভ সামগ্রী আছিল। কিন্তু তেওঁ তৃণজাতীয় উদ্ভিদৰ পৰা হাতেৰে তৈয়াৰ কৰা কাগজত সংবাদপত্রৰ চপোৱাৰ কাম কৰিছিল।

লেখাৰ আকাৰ, সাধাৰণ ভাষা আৰু সহজবোধ্য লেখাৰ বাবে দিনা থান্থিয়ে বহু লোকৰ মাজত জনপ্রিয় হৈ পৰে। সেই সময়ত এই সংবাদপত্রই লোকসকলক ৰাজনৈতিক সজাগতা অনাৰ লগতে তথ্যৰ যোগান ধৰিছিল। মানুহে এই পত্রিকা পঢ়াৰ বাবে চাহৰ দোকানত ভীৰ কৰিছিল। এনেকৈয়ে যি যাত্রাপথৰ সূচনা হৈছিল সেয়া এতিয়াও অব্যাহত আছে, যেতিয়া ভাৰসাম্যপূর্ণ লেখাৰ বাবে দিনা থান্থি এজন দিন হাজিৰা কৰা লোকৰ পৰা ৰাজ্যৰ সর্বোচ্চ ৰাজনৈতিক কর্মীৰ বাবে জনপ্রিয় হৈ পৰিছে।

মই জানিব পাৰিছো যে ‘থান্থি’ৰ অৰ্থ হৈছে ‘টেলিগ্রাম’। ‘দিনা থান্থি’ৰ অর্থ হৈছে ‘দৈনিক টেলিগ্রাম’। বিগত ৭৫ বছৰ ধৰি পৰম্পৰাগত টেলিগ্রাম যি ডাক বিভাগৰ মাধ্যমেৰে দিয়া হৈছিল, সেয়া বাতিল হৈ গৈছে আৰু হেৰাই গৈছে। কিন্তু এই টেলিগ্রাম প্রতিদিনেই ক্রমান্বয়ে অধিক বৃদ্ধি পাইছে। ইয়েই হৈছে কঠোৰ শ্রম আৰু প্ৰতিশ্ৰুতিৰ দ্বাৰা পৰিচালিত মহৎ চিন্তাধাৰাৰ শক্তি।

মই জানিবলৈ পাই সুখী হৈছো যে তামিল সাহিত্যকে উৎসাহ যোগোৱাৰ বাবে প্রতিষ্ঠাপন থিৰু আদিথাৰানৰ নামত থান্থি গ্রুপে পুৰষ্কাৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে। সকলো পুৰস্কাৰপ্রাপক থিৰু তামিলানবান, ড০ ইৰাই আনবু আৰু থিৰু ভি.জি. সন্তোষমক মই আন্তৰিক অভিনন্দন জনাইছো। মই নিশ্চিত যে লিখা-মেলাক যিসকলে মহান বৃত্তি হিচাপে গ্রহণ কৰিছে, তেওঁলোকৰ বাবে এই স্বীকৃতি এক প্রেৰণাদায়ক বিষয় হ’ব।

বিশিষ্ট ব্যক্তিসকল,

জ্ঞানৰ বাবে মানুহৰ আকাংক্ষা আৰু তৃষ্ণা আমাৰ ইতিহাসৰ সমানেই প্রাচীন। সেই তৃষ্ণা নিবাৰণ কৰাত সহায় কৰে সাংবাদিকতাই। আজি সংবাদপত্রই কেৱল সংবাদেই উপস্থাপন নকৰে। সেইবোৰত আমাৰ চিন্তাধাৰা প্ৰতিফলিত হয়। বিস্তৃত প্রেক্ষাপটত ক’বলৈ হ’লে, প্রচাৰ মাধ্যম হৈছে সামাজিক পৰিৱৰ্তনৰ এক উপায়। সেইবাবে আমি প্রচাৰ মাধ্যমক গণতন্ত্রৰ চতুর্থ স্তম্ভ বুলি অভিহিত কৰো। যিসকলে কলমৰ শক্তিক প্রদর্শিত কৰিছে আৰু কেনেদৰে গুৰুত্বপূর্ণ জীৱনীশক্তি আৰু সমাজৰ সুন্দৰতাক প্ৰত্যক্ষ কৰিছে, সেই লোকসকলৰ মাজত উপস্থিত থাকিবলৈ পাই মই আজি নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো।

উপনিবেশবাদৰ ক’লা দিনসমূহত ৰাজা ৰামমোহন ৰায়ৰ  ‘সম্বাদ কৌমুদী’, লোকমান্য তিলকৰ ‘কেশৰী’ আৰু মহাত্মা গান্ধীৰ ‘নৱজীৱন’ৰ দৰে প্রকাশিত কাকতে এক নক্ষত্ৰ হিচাপে প্রজ্জ্বলিত আছিল আৰু স্বাধীনতা আন্দোলনক উদ্বুদ্ধ কৰিছিল। দেশজুৰি সাংবাদিকতাৰ এনে পথিকৃত আছিল, যিসকলে বিলাসী জীৱন ত্যাগ কৰিছিল। তেওঁলোকে তেওঁলোকৰ সংবাদপত্রৰ জৰিয়তে এক জনসচেতনতা আৰু জাগৰণ গঢ়ি তোলাত সহায় কৰিছিল। সেইসকল পথিকৃতৰ উচ্চ আদর্শৰ বাবেই হয়তু সেই ব্রিটিছৰাজৰ সময় প্রতিষ্ঠিত হোৱা কেইবাখনো সংবাদপত্র এতিয়াও উত্তৰোত্তৰ সমৃদ্ধি লাভ কৰে আহিছে।

বন্ধুসকল,

আমাৰ এই কথা পাহৰি যোৱা অনুচিত যে তেওঁলোকে উত্তৰ প্রজন্ম, সমাজ তথা জাতিৰ প্রতি তেওঁলোকৰ কর্তব্য পালন কৰিছিল। আৰু সেইদৰেই আমি স্বাধীনতা অর্জন কৰিছিল। স্বাধীনতাৰ পাছত নাগৰিকসকলৰ অধিকাৰ ৰাজহুৱা বাৰ্তালাপত গুৰুত্ব পাইছিল। দুর্ভাগ্যবশতঃ সময়ৰ পৰিপ্ৰক্ষিতত আমি যেন আমাৰ ব্যক্তিগত আৰু সামূহিক কর্তব্যবোধক উপেক্ষা কৰে আহিছো, যিটোৱে আজি আমাৰ সমাজৰ অনিষ্টকাৰী বিভিন্ন শক্তি কিবাপ্ৰকাৰে সহায় কৰি আহিছে। সেয়েহে সময়ৰ আহ্বান হৈছে এক “সংযুক্ত, দায়িত্বশীল আৰু সচেতন নাগৰিক” হোৱাৰ বাবে এক জন সজাগতা সৃষ্টি কৰা। ‘অধিকাৰ’ক লৈ যি সামাজিক বোধ আছে, তাক নিশ্চিতভাৱে ‘দায়িত্বশীল সংযুক্তি’ৰ সামাজিক বোধৰ সৈতে সুন্দৰভাবে মিলি আগুৱাই নিব লাগিব। আৰু এইবোৰ আমাৰ শিক্ষা পদ্ধতি, আমাৰ ৰাজনৈতিক নেতৃত্বৰ ভূমিকাৰ জৰিয়তে গঠিত হ’ব। কিন্তু বৰ্তমান প্রচাৰ মাধ্যমৰো এক গুৰুত্বপূর্ণ ভুমিকা আছে।

উপস্থিত ৰাইজ,

স্বাধীনতাৰ হকে মাত মতা সংবাদপত্ৰৰ অধিকাংশই আছিল দেশৰ বিভিন্ন ভাষাৰ সংবাদপত্র। সেয়েহে ব্রিটিছ চৰকাৰে ভাৰতীয় ভাষাৰ সংবাদপত্রক লৈ শংকিত হৈ পৰিছিল। এই সংবাদপত্রসমূহৰ মুখ বন্ধ কৰাৰ বাবেই ১৮৭৮চনত ‘ভার্নাকুলাৰ প্রেছ এক্ট’ বা স্বদেশী ভাষাৰ সংবাদপত্র আইন কার্যকৰী কৰিছিল।

আমাৰ এই বৈচিত্র্যপূর্ণ দেশত এই দেশীয় ভাষাৰ সংবাদপত্র যিবোৰ বিভিন্ন আঞ্চলিক ভাষাত প্রকাশিত হয়, সেইবোৰৰ গুৰুত্ব পূৰ্ব দৰেই আছে। এই পত্রসমূহত যি ভাষাত বিভিন্ন বিষয় উপস্থাপন কৰে, সেয়া সেই লোকসকলে সহজে বুজি পায়। অধিকাংশ সময় সংবাদপত্ৰত সমাজৰ দুর্বল তথা পিছপৰা শ্রেণীৰ কথা কয়। এওঁলোকৰ শক্তি, প্রভাৱ আৰি দায়িত্বক কোনোপধ্যে অৱমূল্যায়ন কৰিব পৰা নাযায়। এইবোৰ হৈছে পিছপৰা এলেকাত চৰকাৰৰ উদ্দেশ্য আৰু নীতিৰ বার্তাবাহক। একেদৰে তেওঁলোকে আমাৰ লোকসকলৰ চিন্তা-চেতনা, অনুভূতি আৰু আবেগক বহন কৰে।

এই ক্ষেত্ৰত বৰ্তমান এটি বিষয় অৱশ্যে উৎসাহব্যঞ্জক যে আমাৰ অসাধাৰণ প্রিণ্ট মিডিয়াৰ ভিতৰত সর্বাধিক বিক্রী হোৱা বাতৰিকাকতসমূহৰ অধিকাংশই আঞ্চলিক ভাষাত প্রকাশিত হৈছে।‘দিনা থান্থি’ও এইবোৰৰে অন্যতম।

বন্ধুসকল,

মই প্ৰায়ে শুনি আচৰিত হওঁ যে প্রতিদিনে বিশ্বত কিমান ঘটনা ঘটিছে যি সংবাদপত্রত স্থান পায়।

দৰাচলতে ই এক উদ্বেগজনক বিষয়, আমি সকলোৱে জানো যে পৃথিৱীত প্রতিদিনে তাতকৈও অধিক ঘটনা সংঘটিত হয়। সম্পাদকসকলে কোনটো বেছি বিষয়টি গুৰুত্বপূর্ণ তাক বাছনি কৰি প্ৰকাশৰ সিদ্ধান্ত লয়। তেওঁলোকে কোনটো প্ৰথম পৃষ্ঠা দিব, কোনটো বিষয় বেছি ঠাই দিব লাগিব আৰু কোনটো বিষয় বাদ দিব ইত্যাদি সিদ্ধান্ত লয়। এইটো তেওঁলোকৰ বাবে এক গুৰুদায়িত্ব। সম্পাদকীয়ৰ স্বাধীনতা অৱশ্যে জনস্বার্থত প্রজ্ঞাৰ বাবে ব্যৱহাৰ কৰা উচিত। আনহাতে লেখা-মেলাৰ স্বাধীনতা তথা কি বিষয়ত লিখিব সেয়া নির্ধাৰণ কৰাৰ ক্ষেত্ৰতো ‘প্রকৃততে ভুল’ অথবা  ‘সঠিক নহয়’ এনেধৰণৰ বিষয় বাছনি কৰাটো স্বাধীন নহয়। মহাত্মা গান্ধীয়ে নিজেই কৈছেঃ “প্রচাৰ মাধ্যম হৈছে চতুর্থ স্তম্ভ। এয়া নিশ্চিতভাৱে এক ক্ষমতা, কিন্তু সেই ক্ষমতাৰ অপব্যৱহাৰ কৰাটো ডাঙৰ অপৰাধ”।

কোনো ব্যক্তিগত মালিকানাধীন প্রচাৰ মাধ্যমেও জনকল্যাণেৰ কাম কৰে। বিদ্বান লোকসকলে কৈছে যে প্রচাৰ মাধ্যম হৈছে শক্তিৰ পৰিৱর্তে শান্তিৰ জৰিয়তে সংস্কাৰ সাধনৰ এক মাধ্যম। সেয়া নির্বাচিত চৰকাৰ বা বিচাৰ ব্যৱস্থাৰ দৰেই ইয়াৰ সামাজিক গ্রহণযোগ্যতা আছে। আৰু ইয়াৰ আচৰণ স্পষ্টভাবে সমদর্শী হ’ব লাগিব। মই ইয়াত মহান সন্ত থিৰুভাল্লুভৰৰ বাণী স্মৰণ কৰিব বিচাৰিছো। সেয়া হৈছে “পৃথিৱীত নীতি বাদ দি এনে কোনো বস্তু নাই, যি একেলগে খ্যাতি আৰু সম্পদ আনি দিব পাৰে”।

বন্ধুসকল,

প্রযুক্তি প্রচাৰ মাধ্যমে এক বৃহৎ পৰিৱর্তন সাধন কৰিছে। এনে এক সময় আছিল যেতিয়া গাঁৱৰ ব্লেকবোর্ডত লিখা দিনৰ হেডলাইন অতি বিশ্বাসযোগ্যতা বহন কৰিছিল। আজি আমাৰ প্রচাৰ মাধ্যমে সেই গাঁৱৰ ব্লেকবোর্ডৰ পৰা অনলাইন বুলেটিন বোর্ডলৈ উন্নীত হৈছে।

শিক্ষাৰ ক্ষেত্রত বৰ্তমান যেনেকৈ জনাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, সেইদৰে বিভিন্ন বিষয় গ্রহণ কৰাৰ ক্ষেত্রত আমাৰ মানসিকতাৰ পৰিৱর্তন হৈছে। বৰ্তমান প্রত্যেক নাগৰিকে আলোচনা কৰে, বিচাৰ-বিশ্লেষণ কৰে, তেওঁলোকৰ ওচৰলৈ অহা সংবাদক বিভিন্ন দিশৰ পৰা চোৱা-চিতা কৰে। সেয়েহে প্রচাৰ মাধ্যমক ইয়াৰ বিশ্বাসযোগ্যতা বজাই ৰখাৰ বাবে অধিক চেষ্টা গ্রহণ কৰিব লাগিব। প্রচাৰ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ মঞ্চত স্বাস্থ্যসন্মত প্রতিযোগিতাই আমাৰ গণতন্ত্রৰ সুস্থ-সবল কৰি ৰখাৰ এটি ভাল বিষয়।

বিশ্বাসযোগ্যতাৰ ক্ষেত্রত জোৰ দিয়াৰ ক্ষেত্ৰত আমাৰ বাবে অন্তর্দর্শনৰ বিষয় হৈ উঠে। মই বিশ্বাস কৰো যে প্রয়োজন হ’লে প্রচাৰ মাধ্যমৰ সংস্কাৰ কেবল অন্তর্দর্শনৰ জৰিয়তে নিজৰ ভিতৰৰ পৰা জাগি উঠে। আমি সেই অন্তর্দর্শনৰ প্রক্রিয়া কোনো কোনো সময়ত প্ৰত্যক্ষ কৰিছো, যেনে ২৬/১১ৰ মুম্বাই আক্ৰমণৰ প্রতিবেদনৰ পর্যালোচনাৰ সময়ত। এই অন্তর্দর্শন প্রক্রিয়া আৰু অধিক হোৱা উচিত।

বন্ধুসকল,

মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্রাক্তন ৰাষ্ট্রপতি ড০ এ পি জে আব্দুল কালামৰ উদ্ধৃতি স্মৰণ কৰিব বিচাৰিছোঃ “আমি এনে এক মহান ৰাষ্ট্ৰ। আমাৰ বহুতো অসাধাৰণ সফলতা আছে, কিন্তু আমি সেইবোৰ গ্রহণ কৰিবলৈ অস্বীকাৰ কৰো। কিয়?”

মই প্ৰত্যক্ষ কৰিছো যে বৰ্তমান প্রচাৰ মাধ্যমৰ ভাষ্য কেৱল ৰাজনীতিবিদসকলক কেন্দ্র কৰি অকাই পকাই থাকে। এটা কেৱল ন্যায়সংগত যে গণতন্ত্রত ৰাজনীতি ইমান বিস্তৃতভাৱে আলোচনা হয়। কিন্তু ভাৰতত আমাৰ উপৰি আৰু বহুত ৰাজনীতিবিদ আছে। ১২৫ কোটি ভাৰতীয়ই এই ভাৰত নির্মাণ কৰিছে। প্রচাৰ মাধ্যমে তেওঁলোকৰ কথা, তেওঁলোকৰ সফলতাকত গুৰুত্ব দিয়া দেখিলে মই আনন্দিত হওঁ।

এই প্রচেষ্টাত মোবাইল ফোন হাতে থকা প্রত্যেক নাগৰিকেই আপোনালোকৰ বন্ধু। কোনো বিষয় অথবা ব্যক্তিৰ সাফল্যৰ বিষয় উপস্থাপনৰ ক্ষেত্রত নাগৰিকসকলৰ প্রতিবেদন এটা গুৰুত্বপূর্ণ সঁজুলি হ’ব পাৰে। কোনো সংকটৰ মুহূর্তত বা প্রাকৃতিক দুৰ্যোগৰৰ সময়ত ত্রাণকৰ্তা আৰু উদ্ধাৰৰ প্রচেষ্টাক নির্দেশিত কৰাৰ ক্ষেত্রতো বিশেষ সহায় কৰিব পাৰে।

প্রাকৃতিক দূৰ্যোগৰ সময়ত বিভিন্ন ঘটনা প্রচাৰ মাধ্যমে প্ৰচাৰৰ কাম কৰি থাকে। বিশ্বজুৰি বৰ্তমান প্রাকৃতিক দুর্যোগ অধিক হাৰত বৃদ্ধি পাইছে। জলবায়ু পৰিৱর্তন আমাৰ প্রত্যেকেৰ বাবেই এক প্ৰত্যাহ্বান। ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া প্রচাৰ মাধ্যমে কেনেদৰে নেতৃত্ব দিব? জলবায়ু পৰিৱর্তনৰ বিপৰীতে মোকাবিলাৰ কৰাৰ বাবে আমি কি কৰিব পাৰো, তাক লৈ প্রতিবেদন প্ৰস্তুত কৰা, আলোচনা কৰাৰ লগতে সচেতনতা বৃদ্ধিৰ বাবে প্রচাৰ মাধ্যমে নিয়মীয়াকৈ অলপ ঠাই বা সময় দিব নোৱাৰে নে?

মই এই সুযোগতে স্বচ্ছ ভাৰত অভিযানক লৈ প্রচাৰ মাধ্যমে গ্ৰহণ কৰা উদ্যোগৰ প্রশংসা কৰিব বিচাৰিছো। আমি ২০১৯ চনত মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তীৰ আগতে যি স্বচ্ছ ভাৰতৰ লক্ষ্য পুৰণ কৰিব বিচাৰিছো, তাৰ বাবে পৰিচ্ছন্নতাক লৈ সজাগতা আৰু জন সচেতনতা জাগ্ৰত কৰাৰ বাবে প্রচাৰ মাধ্যমে যি গঠনমূলক ভূমিকা গ্রহণ কৰিছে, তাৰ বাবে মই আপ্লুত হৈছো। আমি লক্ষ্যত উপনীত হৈছো বুলি দাবী কৰাৰ আগতে তেওঁলোকে আমাৰ যিবোৰ কাম বাকী ৰৈছে, সেইবোৰো দৃষ্টি আকৰ্ষণ কৰি আহিছে।

উপস্থিত ৰাইজ,

আন এটি গুৰুত্বপূর্ণ বিষয় হৈছে য’ত প্রচাৰ মাধ্যমে তেওঁলোকৰ ভুমিকা পালন কৰিব পাৰে। সেয়া হৈঠে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’। এটা উদাহৰণৰ জৰিয়তে মই সেইটো বুজাব খুজিছো।

ইয়াৰ বাবে কোনো সংবাদপত্র এবছৰ ধৰি প্রতিদিনে সামান্য স্তম্ভ বা ইঞ্চিৰ ঠাই দিব নোৱাৰিব নে? প্রতিদিনে তাত সেই সংবাদপত্রৰ ভাষাত এটি সাধাৰণ বাক্য থাকিব, যাৰ লগতে ভাৰতৰ প্রধান ভাষাসমূহলৈ ইয়াৰ অনুবাদো থাকিব।

বছৰ শেষত এইবোৰ সকলো ভাষাৰ ৩৬৫টা সাধাৰণ বাক্যৰ এটিকৈ সংকলন হৈ যাব। এই সাধাৰণ পদক্ষেপৰ ইতিবাচক প্রভাৱ কি হ’ব এবাৰ ভাবকছোন। তদুপৰি, প্রতিদিনে বিদ্যালয়েও এই বিষয়টো এবাৰকৈ আলোচনা কৰিব পাৰে, তাৰ জৰিয়তে ল’ৰা-ছোৱালীসকলে আমাৰ সমৃদ্ধশালী বৈচিত্র্যৰ শক্তি সম্পর্ক জানিব পাৰিব। ইয়াৰ দ্বাৰা কেৱল যে মহান কামেই হ’ব, সেয়া নহয় প্রকাশনৰ শক্তিও বৃদ্ধি পাব।

উপস্থিত ৰাইজ,

৭৫ বছৰ এজন মানুহৰ জীৱনৰ যথেষ্ট সময়। কিন্তু এখন দেশৰ ক্ষেত্ৰত বা এটি প্রতিষ্ঠানৰ ক্ষেত্ৰত সেয়া কেৱল এক উল্লেখযোগ্য মাঁইলৰ খুঁটি। তিনি মাহ আগতে আমি ভাৰত ত্যাগ আন্দোলনৰ ৭৫সংখ্যক দিৱস উদযাপন কৰিছিলো। সেয়েহে ‘দিনা থান্থি’ৰ এই যাত্রা তৰুণ আৰু উজ্বল ৰাষ্ট্ৰ হিচাপে ভাৰত গঢ়ি উঠাৰ বিষয়টোকে প্রতিফলিত কৰিছে।

সেই দিনা সংসদত মই ভাষণত অহা ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত নির্মাণৰ আহ্বান জনাইছিলো। এনে এক ভাৰত, য’ত দুর্নীতি, জাতিভেদ, সাম্প্রদায়িকতা, দাৰিদ্র্য, নিৰক্ষৰতা আৰু ৰোগমুক্ত হয়। সেয়েহে অহা পাঁচ বছৰ হ’ব কেৱল  ‘সংকল্পৰ পৰা সিদ্ধি’ৰ বাবে। এনে হ’লে আমি আমাসৰ স্বাধীনতা সংগ্রামীসকলৰ সপোনৰ ভাৰত নির্মাণ কৰিব পাৰিম। ভাৰত ত্যাগ আন্দোলনৰ সময়ত জন্ম লাভ কৰা সংবাদপত্র হিচাপে মই অনুভৱ কৰিছো এইক্ষেত্রত ‘দিনা থান্থি’ৰ এক বিশেষ দায়িত্ব আছে। মই আশা কৰো যে অহা পাঁচ বছৰ ধৰি আপোনালোকৰ পাঠক বা ভাৰতবাসীৰ বাবে সেই বিষয়টোৰে প্রতিফলন ঘটোৱাৰ সুযোগ আপোনালোকে ব্যৱহাৰ কৰিব।

আনকি অহা পাঁচ বছৰৰ বাহিৰে গৈও এই মহাৰজত জয়ন্তীত ‘দিনা থান্থি’ আৰু ৭৫ বছৰ কেনেদৰে অতিক্ৰম কৰিব সেয়া নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। সেয়া হৈছে বর্তমান আঙুলিৰ এক স্পর্শতে সংবাদ জানি যোৱাৰ প্রযুক্তিৰ যুগত দেশ আৰু জাতিৰ বাবে প্রাসংগিকতা অক্ষুণ্ন ৰখাৰ সর্বশ্রেষ্ঠ উপায়। ইয়াৰ মাজেদিয়েই বৃত্তি, নীতি আৰু বাস্তবিকতাৰ সর্বোচ্চ গুণ বজাই ৰাখিব লাগিব।

সদৌ শেষত মই পুনৰবাৰ তামিলনাডুৰ জনগণৰ সেৱাত ‘দিনা থান্থি’ৰ প্রকাশকৰ প্রচেষ্টাৰ প্রশংসা কৰিছো। মই নিশ্চিত যে আমাৰ মহান ৰাষ্ট্ৰৰ ভৱিষ্যত নির্ধাৰণত তেওঁলোকে গঠনমূলক সহায় আগবঢ়াই যাব।

ধন্যবাদ। 

***

AKT/SH/DB