Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চোটিলাত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণ, ৰাজকোটত গ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেন্দ্ৰনগৰ জিলাৰ চোটিলাত এক ৰাজহুৱা সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়। ৰাজকোটত তেওঁ এটি গ্রীনফিল্ড বিমান বন্দৰ, আমেদাবাদ-ৰাজকোটৰ ৰাষ্ট্ৰীয় ঘাইপথ ছিক্সলেনলৈ উন্নীতকৰণ আৰু ৰাজকোট-মোৰবি ৰাজ্যিক ঘাইপথ ফ’ৰলেনলৈ উন্নীতকৰণ প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রী সম্পূর্ণ স্বয়ংক্রিয়ভাবে দুগ্ধ প্রস্তুতকৰণৰ এটি কেন্দ্র আৰু পেকেজিং প্লান্ট, সুৰেন্দ্র নগৰৰ জোড়াবৰনগৰ আৰু ৰতনপুৰ এলেকাৰ মাজত এটি খোৱাপানী প্ৰকল্প পাইপলাইনো দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সুৰেন্দ্ৰনগৰ জিলাত এটা বিমানবন্দৰৰ কল্পনা কৰাটোও টান আছিল। তেওঁ কয় যে এই ধৰণৰ উন্নয়নমুলক কাম-কাজে নাগৰিকসকলৰ সক্ষমতা বৃদ্ধি কৰে।

তেওঁ কয় যে বিমান সেৱা কেৱল ধনী লোকসকলৰ বাবেই নহয়। আমি নিম্ন আয়ৰ লোকসকলৰ বাবেও বিমান সেৱা সহজলভ্য কৰি তুলিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ সংজ্ঞা সলনি হৈছে। দমকলক উন্নয়নৰ প্ৰতীক হিচাপে দেখা দিনৰ পৰা আজি নৰ্মদা নৈয়ে নাগৰিকক উপকৃত কৰালৈকে বৃহৎ পৰিৱৰ্তন হৈছে। তেওঁ কয় যে নৰ্মদাৰ পানীয়ে সুৰেন্দ্ৰনগৰ জিলাত ব্যাপক উপকাৰ সাধন কৰিব। তেওঁ ৰাইজক দায়িত্বসহকাৰে পানী ব্যৱহাৰ আৰু প্ৰতি টোপাল পানী সংৰক্ষণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে সুৰসাগৰ ডায়েৰীয়ে অঞ্চলটোৰ লোকসকলৰ ব্যাপক উপকাৰ সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলে উন্নত আৰু সুৰক্ষিত পথ নিৰ্মাণৰ দিশত কেনেধৰণে কাম কৰিছিল, সেই কথাও ভাষণ প্ৰসংগত দোঁহাৰে।

***

AKT/SH/DB