Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰী ই-বজাৰ নামত বিশেষ উদ্দেশ্যসাধক ব্যৱস্থা প্ৰতিষ্ঠাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত দিশত অনুমোদন জনোৱা হয়ঃ-
১. চৰকাৰী ই-বজাৰ নামে এটা বিশেষ উদ্দেশ্য সাধক ব্যৱস্থা (জিইএমএছপিভি)গঢ়ি তোলা হ’ব, যি ৰাষ্ট্ৰীয় পৰ্য়ায়ত চৰকাৰীভাৱে ক্রয়যোগ্য পোর্টেল হিচাপে যাতে কোম্পানী আইন-২০১৩ৰ ৮ নম্বৰ ধাৰাত পঞ্জীকৃত কোম্পানীসমূহে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহক সামগ্ৰী আৰু সেৱা ক্রয়ৰ সুযোগ প্ৰদান কৰিব পাৰে। এই জিইএমএছপিভি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্রালয়/বিভাগ, কেন্দ্র আৰু ৰাজ্যৰ ৰাষ্ট্রীয়কৃত প্ৰতিষ্ঠানসমূহ, স্বায়ত্ত্বশাসিত সংস্থা আৰু স্থানীয় স্বায়ত্বশাসিত প্ৰতিষ্ঠানসমূহতো এই ই-বজাৰৰ জৰিয়তে তেওঁলোকৰ প্রয়োজনীয় সামগ্ৰী সংগ্রহ কৰিব পৰা এখন অনলাইন বজাৰ হিচাপে বিবেচিত হ’ব পাৰে, যাতে সাধাৰণভাৱে ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱা স্বচ্ছ আৰু দক্ষতাৰে উপায়েৰে লাভ কৰে।

২. ডিজিএছ এণ্ড ডি বিভাগ আঁতৰ কৰা হ’ব আৰু ইয়াৰ কাম ২০১৭ৰ ৩১ অক্টোবৰ ভিতৰত শেষ হ’ব। যদি ডিজিএছ এণ্ড ডিয়ে ২০১৭ৰ ৩১ অক্টোবৰৰ ভিতৰত আঁতৰকৰণ সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহ’লে উপযুক্ত কাৰন দেখুৱাই সেই বিভাগৰ কার্যকালৰ ম্যাদ ২০১৮ৰ ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰিব পাৰিব বুলি অনুমতি দিয়া হৈছে।

****

AKT/VBA/SH/DB