Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে


ছত্তীশগড়ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাসিন্দাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত ৰাজ্য ছত্তীশগড়ে প্ৰগতিৰ নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত  বহু অঞ্চল এতিয়া উন্নয়নৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ছত্তীশগড়ৰ প্ৰতিভাৱান জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগে এখন  বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজ্যখনৰ  প্ৰতিষ্ঠা দিৱসৰ ২৫ বছৰত ছত্তীশগড়ৰ মোৰ সকলো ভাই-ভনীলৈ বহুত শুভেচ্ছা। প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত এই ৰাজ্যখনে আজি প্ৰগতিৰ নতুন মান নিৰ্ধাৰণৰ কামত নিয়োজিত হৈ পৰিছে। এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত বহু অঞ্চলে এতিয়া উন্নয়নৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মই নিশ্চিত যে ইয়াৰ কঠোৰ পৰিশ্ৰমী আৰু দক্ষ লোকসকলৰ নিষ্ঠা তথা উদ্যমেৰে ৰাজ্যখনে  বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”


 

*******

MJPS/ST/DM