Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিকিমৰ নামচিত সুৰংগ ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ এটা ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে  শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে   আশু আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা  প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা  আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ সাহায্য  দিয়া হ’ব বুলি ঘোষণা কৰে।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ ভাঙি  প্ৰাণ হেৰুওৱাসকলৰ বাবে মৰ্মাহত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো।”

 

 পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা  আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ সাহায্য  দিয়া হ’ব।

@narendramodi”

***

MJPS/SS/PRK/DM