Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছুৰাট মাৰাথন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ কিয়দাংশ

ছুৰাট মাৰাথন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ কিয়দাংশ

ছুৰাট মাৰাথন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ কিয়দাংশ

ছুৰাট মাৰাথন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ কিয়দাংশ

মানুহে যেতিয়া কিবা এটা পাবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লয়, কোনো শক্তিয়ে তেওঁক বাধা দিব নোৱাৰে৷ এয়া হৈছে মানুহৰ শক্তি৷ কোনো দেশ নেতা অথবা চৰকাৰৰদ্বাৰা নিৰ্মাণ নহয়৷ সাধাৰণ মানুহৰ শক্তিৰদ্বাৰাহে এখন দেশ নিৰ্মাণ হয়৷

আমি এখন নতুন দেশ গঢ়িব লাগিব, য’ত জাতিভেদ-ধৰ্মভেদ আৰু দুৰ্নীতিৰ কোনো স্থান নাথাকিব৷ আমি এনেকুৱা এখন দেশ গঢ়িব বিচাৰো য’ত প্ৰতিজন নাগৰিকেই সৱল৷

ছুৰাট চহৰ হ’ল অসাধাৰণ দৃঢ়তাৰ প্ৰতীক৷ শান্তি-সম্প্ৰীতিৰ ওপৰত এই চহৰ বিশ্বাসী৷ এই বছৰৰ জুনত অনুষ্ঠিত হ’বলগীয়া যোগ দিৱস আৰু অক্টোবৰত অনুষ্ঠিত হ’বলগয়া ৰান ফৰ ইউনিটীত ভাগ ল’বলৈ মই ছুৰাটবাসীক আহ্বান জনাম৷

এইধৰণৰ মাৰাথন স্বাস্থ্যৰ উন্নতিৰ বাবে অত্যন্ত লাভদায়ক৷ মই জনসাধাৰণক আবেদন জনাও যে সকলোৱে ক্ৰীড়াক আকোৱালি লওক৷ ইয়ে সুস্বাস্থ্য নিশ্চিত কৰিব আৰু ঐক্যবদ্ধভাৱে কাম কৰাৰ অনুপ্ৰেৰণা যোগাব৷

এখন নতুন ভাৰত গঢ়া আমাৰ লক্ষ্য৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ ত্যাগ কৰা পুৰুষ-মহিলাসকলৰ প্ৰতি এয়া হ’ব আমাৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি৷

***

AKT/HS/MS