পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সভাপতিত্বত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ছোৱাজিলেণ্ডৰ (বর্তমান ছোৱাতিনি নামে পৰিচিত) মাজত সীমাবিহীন কৰ পৰিদৰ্শক কর্মসূচীৰ অধীনত দেশখনক কৰ সম্পৰ্কীয় সহযোগিতা প্রদানত এগৰাকী ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ সন্দৰ্ভত বিবেচনা কৰাক লৈ প্ৰস্তাৱিত চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে।
সীমাবিহীন কৰ পৰিদৰ্শক কর্মসূচীৰ অধীনত ভাৰত চৰকাৰ আৰু ছোৱাতিনি চৰকাৰৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত এগৰাকী ভাৰতীয় বিশেষজ্ঞক মনোনীত কৰা হৈছে। এই কর্মসূচীৰ অধীনত দেশখনক কৰ সাহায্য প্রদানত মনোনীত ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ সৈতে জড়িত চর্তাৱলীসমূহক চূড়ান্ত ৰূপ দিয়া হ’ব।
এই কর্মসূচীৰ অধীনত ভাৰতীয় বিশেষজ্ঞৰ নিযুক্তিৰ ফলত উন্নয়নশীল দেশসমূহক কৰৰ ক্ষেত্রত দক্ষতা বৃদ্ধিত ভাৰতৰ সাহায্য আৰু অধিক বৃদ্ধি পাব।
***
AKT/DB