পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে জম্মু আৰু কাশ্মীৰ সংৰক্ষণ(সংশোধনী)বিধেয়ক,২০১৯ত অনুমোদন জনাইছে৷ সংসদৰ সমাগত অধিৱেশনত উভয় সদনতে বিধেয়কখন উত্থাপন কৰা হ’ব৷
কেবিনেটৰ এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী মোদীৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰ প্ৰতি সমৰ্পিত জন কল্যাণকামী চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷
লাভালাভঃ
এই সিদ্ধান্তৰ ফলত জম্মু আৰু কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে সংলগ্ন অঞ্চলত বাস কৰা লোকসকলে দীৰ্ঘ অপেক্ষাৰ অন্তত সকাহ লাভ কৰিব৷
তেওঁলোকে এতিয়া নিয়োগ, পদোন্নতি আৰু বিভিন্ন পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা লাভ কৰিব৷
প্ৰয়োগঃ বিধেয়কখনে জম্মু আৰু কাশ্মীৰ সংৰক্ষণ আইন,২০০৪ৰ সংশোধন ঘটাই ‘জম্মু আৰু কাশ্মীৰ সংৰক্ষণ(সংশোধনী) অধ্যাদেশ,২০১৯ৰ ৰূপ ল’ব আৰু ইয়ে জম্মু আৰু কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন অঞ্চলত বাস কৰা লোকসকলক সংৰক্ষণৰ সুবিধা আগবঢ়াব৷
পটভূমিঃ
জম্মু আৰু কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে সংলগ্ন অঞ্চলত বসবাস কৰা লোকসকল জম্মু আৰু কাশ্মীৰ সংৰক্ষণ আইন,২০০৪ আৰু অধিনিয়ম,২০০৫ৰ অধীনত অন্তৰ্ভুক্ত হোৱা নাছিল৷ ইয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সৈতে সংলগ্ন অঞ্চলৰ বাসিন্দাকে ধৰি বিভিন্ন কেটেগ’ৰীৰ লোকক প্ৰত্যক্ষ নিযুক্তি, পদোন্নতি আৰু পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা আগবঢ়াইছে৷ কিন্তু এই আইনৰ অন্তৰ্ভুক্ত নোহোৱাৰ বাবে তেওঁলোকে দীৰ্ঘ সময় ধৰি এইসমূহ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷
সীমান্তৰ সীপাৰৰ ধাৰাবাহিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন অঞ্চলত বাস কৰা লোকসকল সামাজিক-অৰ্থনৈতিক আৰু শিক্ষাৰ সমস্যাত ভুগি আহিছে৷ সীমান্তৰ সীমাৰৰ পৰা গুলীচালনা আৰম্ভ হ’লে তেওঁলোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যাবলগীয়া হয় আৰু ইয়ে তেওঁলোকৰ শিক্ষাত বাধাৰ সৃষ্টি কৰে৷ কিয়নো তেনে পৰিস্থিতি শিক্ষা প্ৰতিষ্ঠানসমূহো দীৰ্ঘদিনৰ বাবে বন্ধ হৈ পৰে৷
সেয়ে, নিয়ন্ত্ৰণ ৰেখাৰ নিকটৱৰ্তী লোকসকলৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন অঞ্চলৰ বাসিন্দাসকলকো সংৰক্ষণৰ আওতালৈ অনাতো ন্যায়সংগত বিষয় হিচাপে অনুভৱ কৰা হৈছিল৷
******
AKT/SH/MS