Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু আৰু কাশ্মীৰৰ নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

জম্মু আৰু কাশ্মীৰৰ নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

জম্মু আৰু কাশ্মীৰৰ নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

জম্মু আৰু কাশ্মীৰৰ নৱনিৰ্বাচিত পঞ্চায়ত মূৰব্বীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


জম্মু আৰু কাশ্মীৰৰ ৪৮খন নৱনিৰ্বাচিত গাওঁ পঞ্চায়তৰ মূৰব্বীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল সদৌ জম্মু আৰু কাশ্মীৰ পঞ্চায়ত কনফাৰেন্সৰ সভাপতি শ্ৰী শ্বফিক মীৰে৷

জম্মু আৰু কাশ্মীৰত সফল আৰু শান্তিপূৰ্ণ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে স্থানীয় প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলক অভিনন্দন জনায়৷ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁ প্ৰতিনিধিসকলক আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আৰু তেওঁৰ চৰকাৰ জনসাধাৰণৰ সৱলীকৰণৰ বাবে সংকল্পবদ্ধ আৰু ৰাজ্যখনৰ কল্যাণ আৰু উন্নতিৰ বাবে স্থানীয় চৰকাৰক সকলো সহযোগিতা আগবঢ়াব, যাতে অঞ্চলটোৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ হয়৷ জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰাধান্য দিবলৈ তেওঁ প্ৰতিনিধি দলটোক পৰামৰ্শ দিয়ে৷

যথেষ্ট বাধা-বিঘিনি, ভয়-ভাবুকি অতিক্ৰম কৰি পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাৰ বাবে স্থানীয় প্ৰতিনিধিসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ পঞ্চায়তীৰাজ ব্যৱস্থাক সফল আৰু সক্ৰিয় কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে৷ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণকো তেওঁ শলাগ লয়৷

****

AKT/KP/SBP/MS