Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ এনএছএছৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


জাপানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিবালয়(এনএছএছ)ৰ মহাসচিব শ্ৰীযুত শ্বিগেৰু কিটামুৰাই আজি নতুন দিল্লীত প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

যোৱা ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা সচিবালয়ৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথম ভাৰত ভ্ৰমণলৈ অহা শ্ৰীযুত কিটামুৰাক আদৰণি প্ৰধানমন্ত্রীয়ে সমগ্ৰ অঞ্চলটোৰ শান্তি, প্ৰগতি আৰু নিৰাপত্তাৰ বাবে দুয়োখন দেশৰ মাজত ক্ৰমবর্ধমান কৌশলগত অংশীদাৰিত্বৰ ওপৰত জোৰ দিয়ে৷ প্ৰধানমন্ত্রীয়ে দৃঢ় বিশ্বাসেৰে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে শ্ৰীযুত কিটামুৰাৰ আলোচনাই দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্বপূর্ণ বিষয়সমূহ আৰু অধিক সুদৃঢ় কৰাৰ পথ সুগম কৰিব৷

জাপানৰ প্ৰধানমন্ত্রী শ্ৰীযুত আবেৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্বৰ কথা দোঁহাৰি প্ৰধানমন্ত্রীয়ে কয় যে অহা মাহত ভাৰত-জাপান বার্ষিক সন্মিলনৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতে তেওঁ আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই আছে৷

***

VVRK/VJ/VK/DB