Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ টকিঅ’ত ‘মেক ইন ইণ্ডিয়া’ কৰ্মশালা সম্বোধন প্ৰধানমন্ত্ৰীৰ

জাপানৰ টকিঅ’ত ‘মেক ইন ইণ্ডিয়া’ কৰ্মশালা সম্বোধন প্ৰধানমন্ত্ৰীৰ

জাপানৰ টকিঅ’ত ‘মেক ইন ইণ্ডিয়া’ কৰ্মশালা সম্বোধন প্ৰধানমন্ত্ৰীৰ

জাপানৰ টকিঅ’ত ‘মেক ইন ইণ্ডিয়া’ কৰ্মশালা সম্বোধন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ‘মেক ইন ইণ্ডিয়া’ শীৰ্ষক এখন কৰ্মশালা সম্বোধন কৰে৷

ভাৰতবৰ্ষৰ নাগৰিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিদৰে ইজ অৱ ডুয়িং বিজনেছ আৰু ইজ অৱ লিভিং প্ৰক্ৰিয়া উন্নত কৰিছে, সেয়া প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে৷ ভাৰতত থকা বৃহৎ পৰিমাণৰ জাপানীজ কোম্পানীসমূহক তেওঁ প্ৰশংসা কৰে৷ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰকল্পত জাপান সহযোগী হিচাপে আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিগত চাৰি বছৰত ভাৰতৰ অৰ্থনৈতিক পাৰদৰ্শিতাৰ উত্থান বিশ্লেষণ কৰে৷ তেওঁ কয় যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি৷ ডিজিটেল লেনদেন আৰু জিএছটিকে ধৰি ভাৰতীয় অৰ্থনীতিৰ আন গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথাও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ উদীয়মান অৰ্থনীতি, দ্ৰুত বিকশিত মধ্যম শ্ৰেণী আৰু তৰুণ শক্তিয়ে জাপানীজ বিনিয়োগকাৰীলৈ অনেক নতুন সুযোগ কঢ়িয়াই আনিছে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত স্বাৰক্ষিত বুজাবুজিৰ চুক্তিসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই ইণ্ডো পেচিফিক, দক্ষিণ আফ্ৰিকা আৰু আফ্ৰিকাকে ধৰি বিশ্বৰ আন প্ৰান্তৰ সৈতে উন্নয়নমূলক সহযোগিতা প্ৰসাৰিত কৰিব বিচাৰে৷

****

AKT/VJ/BM/MS