Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানত হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ কয়, “জাপানত হাগিবিছ ঘূৰ্ণীবতাহত প্ৰাণহানি হোৱাসকলৰ প্ৰতি মই সকলো ভাৰতীয়ৰ হৈ শোক প্ৰকাশ কৰিছো৷ প্ৰাকৃতিক দূৰ্যোগৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতি আৰু বিধ্বস্ত অৱস্থাৰ পৰা শীঘ্ৰে উদ্ধাৰ হোৱাটো কামনা কৰিছো৷ মই নিশ্চিত যে জাপানৰ জনসাধাৰণ আৰু মোৰ বন্ধু শ্বিনজো আবেৰ নেতৃত্বত দুৰ্যোগৰ পাছৰ অৱস্থাৰ সৈতে তৎপৰতা আৰু ধৈৰ্যৰে মোকাবিলা কৰিবলৈ সক্ষম হ’ব৷ প্ৰাকৃতিক দুৰ্যোগক লৈ জাপানৰ তৎপৰতা অতি প্ৰশংসনীয়৷ এই জটিল সন্ধিক্ষণত জাপানবাসীৰ প্ৰতি ভাৰতে সহমৰ্মিতা প্ৰকাশ কৰিছে৷ অতিশীঘ্ৰে সহায় কৰাৰ লক্ষ্যৰে ভাৰতীয় নৌসেনাৰ একাংশ জোৱান জাপানলৈ ৰাওনা হ’ব৷”

***

VRRK/AK/DB