Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জামনগৰত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

জামনগৰত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

জামনগৰত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

জামনগৰত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


কেনে আছে! সুখেৰে আছে নে সকলো?

শিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

ভোলানাথে সকলোৰে ভাল কৰক৷

মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই তিনিবাৰ ভাৰত মাতা কী জয় ক’ম৷ আপোনালোকেও ক’ব৷

পৰাক্ৰমী ভাৰতৰ বাবে ভাৰত মাতা কী-জয়৷

বিজয়ী ভাৰতৰ বাবে ভাৰত মাতা কী-জয়৷

বীৰ জোৱানসকলৰ বাবে ভাৰত মাতা কী-জয়৷

মোক আশীৰ্বাদ দিবলৈ বিশাল হাৰত সমবেত হোৱা জামনগৰৰ মোৰ মৰমৰ ভাই-ভনীসকল,

আজি শিৱৰাত্ৰিৰ পবিত্ৰ দিন আৰু গুজৰাট এনে এক ঠাই, য’ত দুটাকৈ জ্যোতিৰ্লিংগ আছে৷ সোমনাথ আৰু নাগেশ্বৰৰ এই ভূমি মোৰ বাবে বহুত সুখকৰ এইবাবে যে শিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত মই সোমনাথ আৰু নাগেশ্বৰৰ ভূমিলৈ অহাৰ সুবিধা পালো৷

যেতিয়া মই মুখ্যমন্ত্ৰী হৈ আছিলো আৰু দেশৰ সকলো মুখ্যমন্ত্ৰীৰ বৈঠকলৈ গৈছিলো, তেতিয়া তেওঁলোকক মই কৈছিলো যে ভাই আপোনালোকে গুজৰাটত কি কি সমস্যা আছে বুলি ভাৱে৷ তেতিয়া তেওঁলোকে কয় সকলোবোৰ দেখোন ভাল, আপোনাৰ কিহৰ চিন্তা৷ যেতিয়া তেওঁলোকক মই মোৰ কথা বুজাইছিলো, তেতিয়া তেওঁলোক আচৰিত হৈছিল৷ মই তেওঁলোকক কৈছিলো যে আমাৰ ৰাজ্যখন এনেকুৱা যে তাত কোনো খনি অথবা খনিৰ বিশাল ভাণ্ডাৰ নাই৷ তাতকৈ ডাঙৰ সমস্যা হৈছে পানী৷ আমাৰ বহুসংখ্যক গাঁৱত খোৱাপানীৰ বাবে হাহাকাৰ কৰে, আমাৰ চৰকাৰৰ অধিকাংশ শক্তি, দহ বছৰৰ ভিতৰত ৭ বছৰ খৰাং তথা খোৱা পানী কিদৰে দিব পৰা যায়, তাত ব্যয় হয়৷ ঈশ্বৰে আমাক পানীৰ সুবিধা কৰি দিয়া হ’লে, আমি ইমান শক্তিশালী হ’লোহেতেন যে আমি গোটেই ভাৰতবৰ্ষক য’লৈ নিব খোজো তালৈ লৈ যাব পাৰিলোহেতেন, আমাৰ ভিতৰত ইমান শক্তি আছে৷

আমাৰ বাজেট, আমাৰ চৰকাৰৰ শক্তি সকলো আমি পানীৰ বাবদ খৰচ কৰিবলগীয়া হৈছিল, ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এইটো সঁচা যেন লগা নাছিল, ইমানবোৰ সমস্যা৷ তেওঁলোকে অনুমান কৰিব পৰা নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে আমাৰ সংকল্পও আছিল৷ আমাৰ ১২ মাহে বৈ থকা নদী নাই, বৰষুণ কম হয় আৰু গুজৰাটৰ বিকাশৰ পথত আগুৱাই যোৱাটো কান্দি-কাতি বহি থকাৰ বাবে একো নাই ভাই৷ আগতে পানী নাছিল বাবে কচ্ছ খালী আছিল, আমি সিদ্ধান্ত ল’লো পানী নাই বাবে আমি পানীৰ সমস্যা প্ৰথমে সমাধান কৰিম, পানী দিম আৰু দেশত গুজৰাটক পানীদাৰ বনাম আৰু এইটো বাস্তৱ যে চৰ্দাৰ সৰোবৰ বান্ধত ইমান বাধা আহিল, ইয়াৰ বাবে সেই সময়ৰ চৰকাৰেই দায়ী৷ তেওঁলোক সাৰিব নোৱাৰে, তেওঁলোকে উত্তৰ দিব লাগিব৷ যদি ৪০ বছৰৰ পূৰ্বে নৰ্মদাৰ কাম সম্পূৰ্ণ হোৱা হ’লে, তেতিয়া বিগত ৪০ বছৰত গুজৰাট চৰকাৰে পানীৰ বাবদ ইমান খৰচ কৰিবলগীয়া নহ’লহেতেন৷ বৰ্তমান চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ হ’ল, পানী আহিল, বান্ধ সম্পূৰ্ণ হোৱাৰ আগতে কচ্ছ আৰু কাথিয়াবাদৰ ভূমিত কিদৰে পানী পাবগৈ তাকলৈ বহুতে মতবিৰোধ কৰিলে আৰু প্ৰথমবাৰলৈ ‘ছেউনী’আঁচনি গ্ৰহণ কৰিলো, তেতিয়া ৰাজকোটলৈ আহি অধিকাংশ লোকে তৰ্ক কৰিবলৈ ধৰিলে যে নিৰ্বাচন আহিছে বাবে মোদীয়ে এই প্ৰসংগ উত্থাপন কৰিছে৷ মই যি কামেই নকৰো, তাক আপোনালোকে নিৰ্বাচনৰ সৈতে জড়িত কৰিব পাৰে৷ সেই সময়ত আশংকা আছিল যে এয়া অসম্ভৱ, হাজাৰ কোটি টকা, পানীৰ পাইপ লগোৱা, পানীৰ মাজে মাজে ফ্ল’ৰ, ঘৰ যিমান ওপৰলৈ লৈ যাব আৰু সেই সকলো অলপো সম্ভৱ যেন লগা নাছিল৷ কাৰণ আমি অধিক টেংকাৰ দেখিছো, হেণ্ডপাম্প দেখিছো, তাতকৈ ওপৰত পানীৰ সমাধানৰ কথা কেতিয়াও ভবা নাছিলো৷

ইফালে, সেই সময়ৰ চৰকাৰৰ মানসিকতা, তেতিয়া এনে লোকে শাসন কৰিছিল, যিসকলে টেংকাৰতকৈ ওপৰত একো দেখাই নাই আৰু আমি এনেকুৱা লোক আহিলো যি পাইপলাইনেৰে ৫০০-৭০০ কিলোমিটাৰ আৰু এনে পাইপলাইন য’ত মাৰুতি লৈ যাব পাৰে আৰু তাৰ ফলশ্ৰুতিত আজি ‘ছেউনী’ যোজনাৰ পানী পাবলৈ সক্ষম হৈছে৷ কচ্ছৰ সীমাত বিএছএফক জোৱানসকলে নৰ্মদাৰ বিশুদ্ধ পানী সেৱন কৰিবলৈ সক্ষম হৈছে আৰু এয়া প্ৰযুক্তি, অভিযান্তিক আৰু ইচ্ছাশক্তিৰ বাবে সম্ভৱ হ’ল৷ মই আনন্দিত হৈছো যে গুজৰাট এৰাৰ পাছতো আমাৰ টীমে একেই উৎসাহেৰে, সময়ানুসৰি এই সপোন বাস্তৱ কৰাৰ কামত লাগি আছিল আৰু এটাৰ পাছত এটা ‘ছেউনী’ যোজনাৰ দায়িত্ব সম্পূৰ্ণ কৰি গৈ আছে আৰু ইয়াৰ ফল অনাগত দিনত উপভোগ কৰিব৷ মই প্ৰায়েই কও যে নৰ্মদাৰ পানী সেই পানী নহয়, সেয়া পাৰশ৷ যিদৰে পাৰশে স্পৰ্শ কৰিলেই লোহা সোণলৈ পৰিণত হয়, সেইদৰে নৰ্মদাৰ স্পৰ্শত গুজৰাটৰ ভূমি সেউজীয়া হৈ যায়, সোণৰ দৰে উজ্বলি উঠে৷ আমাৰ কৃষকসকলে ঘাম বাহিৰ কৰে, কিন্ত সেই ঘামৰ সৈতে যেতিয়া নৰ্মদাৰ মিলন হয়, তেতিয়া সেই ঘাম উজ্বলি উঠে, জাগি উঠে আৰু সেয়া আজি গুজৰাটে কৰি দেখুৱাইছে৷

আজি ইয়াত মই গুৰু গোৱিন্দ সিংজী মেডিকেল কলেজৰ বাবে তথা ইয়াৰ সম্প্ৰসাৰণৰ লগতে নতুন নতুন আঁচনিৰ উদ্বোধনৰ সূযোগ লাভ কৰিলো। আমি মনত ৰাখিব লাগিব যে গুৰু পৰম্পৰাৰ সৈতে গুজৰাটৰ বিশেষ সম্পৰ্ক আছে। গুৰু গোৱিন্দ সিংজীৰ যি পহলে পঞ্চ প্যাৰে আছিল, সেই পঞ্চ প্যাৰেৰ ভিতৰত এক দ্বাৰিকা আৰু দৰ্জী সমাজৰ আছিল আৰু তেওঁ গুৰু গোৱিন্দ সিংজীৰ সন্মুখত আইনা কাটি দি ক’লে মই আপোনাৰ শিষ্য হৈ আহিছো। দ্বাৰিকাৰ পৰা গৈ দৰ্জীৰ পুত্ৰ আৰু গুৰু গোৱিন্দ সিংজীয়ে শিখ পৰম্পৰাৰ বাবে যি কাম কৰিলে তাত এক পহলে পাঁচ চিপাহীৰ ভিতৰত এগৰাকী আমাৰ দ্বাৰিকাৰ আছিল আৰু সেইবাবে সেই সময়ত দ্বাৰিকা জামনগৰৰ অংশ আছিল আৰু ইয়াৰ পৰিণামস্বৰূপে এই হস্পিটেল গুৰু গোৱিন্দ সিংজীৰ নামেৰে নামকৰণ হৈছে।

ইতিহাসত সেই ঘটনাৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস এই কামৰ সৈতে জড়িত হৈ আছে। আজি এই হস্পিটেল আৰু চিকিৎসা খণ্ডত এক ডাঙৰ বিপ্লৱৰ কাম আমি কৰিলো। গুজৰাটত হৈ আছে। ইয়াৰ পৰা মই আহমেদাবাদলৈ যাম। তাতো চাৰিখন ডাঙৰ হস্পিটেলৰ প্ৰকল্প হাতত লৈছে। কাৰণ হস্পিটেলৰ ব্যৱস্থা অবিহনে, আধূনিক প্ৰযুক্তিৰ অবিহনে আজিকালি অতি ব্যস্ত জীৱনত আধূনিক চিকিৎসা সম্ভৱ নহয়।

আগতে সকলো ইমান সুস্থ আছিল যে গাঁৱত এগৰাকী বৈদ্যৰাজ থাকিলে গাঁৱৰ সকলো সুস্থ থাকে। এতিয়া বিশ্বৰ আমূল পৰিৱৰ্তন হৈছে। সোঁফালৰ চকুত এজন চিকিৎসক থাকিলে, বাওঁ চকুতো আন এজন চিকিৎসক থাকে। বিশেষজ্ঞৰ দিন। আমি তাৰ বাবে সাদু থাকিব লাগে আৰু আজি গুজৰাটত যি আধূনিক চিকিৎসালয় নিৰ্মাণ হৈছে, তাৰ প্ৰত্যক্ষ লাভ কৰিব, আয়ুষ্মান যোজনাই হওঁক বা মা-মুখ্যমন্ত্ৰী অমৃতম যোজনা। মই যেতিয়া গুজৰাটত আছিলো, তেতিয়া এক চিৰঞ্জীৱি যোজনা আৰম্ভ কৰিছিলো। দুখীয়া মহিলাসকলৰ প্ৰসৱ চিকিৎসালয়ত হওক, মাতৃসকল জীৱন ৰক্ষা হওক, সন্তানৰ জীৱন ৰক্ষা হওক আৰু সেই ক্ষেত্ৰত ইমান সফলতা লাভ কৰিছিলো আৰু তাৰ পাছত ইখনৰ পাছত সিখনকৈ গুজৰাটত চিকিৎসা ক্ষেত্ৰত আমি যোজনা আনিছিলো আৰু যেতিয়া ভাৰত চৰকাৰলৈ গ’লো, তেতিয়া আয়ুষ্মান ভাৰত নামৰ আঁচনি আহিল আৰু আয়ুষ্মান ভাৰত যোজনা বিশ্বৰ সৰ্ববৃহৎ যোজনাত পৰিণত হৈছে।

আপোনালোক সকলোৱে জানে যে মোৰ সৰু বস্তু পছন্দ নহয়। যিয়েই নকৰো ডাঙৰকৈ কৰো। পাইপলাইন দিবলগীয়া হ’লে ৫০০ কিলোমিটাৰ, ৭০০ কিলোমিটাৰ অথবা ৯০০ কিলোমিটাৰ দিয়া হয়। ৰৈ ৰৈ কাম নকৰো। সেই ধৰণৰ কাম কৰিয়েই আয়ুষ্মান যোজনাৰ অধীনত ভাৰতত আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাতকৈ অধিক লোকে সুবিধা লাভ কৰিব।

যিকোনো দুখীয়া পৰিয়ালে বছৰত ৫ লাখ টকালৈকে চিকিৎসাৰ সুবিধা লাভ কৰিব আৰু চৰকাৰে এই ধন যোগান ধৰিব। ইমানেই নহয়, ডাঙৰ চিকিৎসালয়ত ইয়াৰ চিকিৎসা কৰাব পাৰিব। এনেকুৱা নহয় যে তেওঁ সেই চৰকাৰী চিকিৎসালয়লৈ যাব আৰু আবেলি চিকিৎসকক নেদেখুৱাকৈ ঘুৰি আহিব। তেওঁৰো অধিকাৰ আছে। বৰ্তমান দেশৰ ১৫,০০০তকৈ অধিক চিকিৎসালয়ে আমাৰ এই আঁচনিৰ প্ৰতি সহযোগিতা আগবঢ়াইছে।

ইমানেই নহয়, আমাৰ জামনগৰৰ কোনো লোক ভূপাললৈ গ’ল আৰু তেওঁ তাত বেমাৰত আক্ৰান্ত হ’ল, তেতিয়া তেওঁ জামনগৰলৈ ঘুৰি আহি চিকিৎসা কৰোৱাৰ দৰকাৰ নাই, ভূপালৰ চিকিৎসালয়লৈ যাওক আৰু তেওঁ সেই কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ ইয়াৰ সেৱা গ্ৰহণ কৰিব পাৰে। কলকাতা, কোচি য’লৈকে নাযাওক তাতে সেই সুবিধা গ্ৰহণ কৰিব পাৰিব।

সেইদৰেই চিকিৎসাৰ সেৱা সাধাৰণ লোকেও পাইছে। এতিয়া কেৱল চিকিৎসাৰ সেৱা লাভ কৰাটোৱেই নহয়, ইয়াৰ ফলত যিবোৰ সৰু সৰু চহৰ আছে, তাতো ডাঙৰ ডাঙৰ চিকিৎসালয় খোলাৰ সম্ভাৱনা সৃষ্টি হৈছে। অতি কমও ২-৩ হাজাৰ নতুন চিকিৎসালয় নিৰ্মাণ হ’ব। এইবোৰৰ শ শ লোকে সংস্থাপন লাভ কৰিব। সৰু সৰু টেকনিছিয়ান তথা অন্যান্য লোকে ইয়াত কাম পাব। দেশৰ চিকিৎসা খণ্ডত ইয়াৰ ফলত বৃহৎ বিপ্লৱৰ সুচনা হ’ব আৰু এনে চিকিৎসালয়ৰ বাবে আজি মই ইয়ালৈ আহিবলগীয়া হৈছে।

পানীৰ কথা যেতিয়াই পাতো, তেতিয়াই ইয়াত এক সমস্যা থাকে। পানী এনে এক সামগ্ৰী যেতিয়াই মানুহে ইয়াৰ মৰ্যাদা লাঘৱ কৰে তেতিয়াই তাত সংকট আৰম্ভ হয়। ইমান বৃহৎ ‘ছেউনী’ যোজনা সম্পূৰ্ণ কৰাৰ পাছতো মোৰ এনেকুৱা লাগে যে গুজৰাটৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বাবে বৰষুণৰ পানী তথা নদীৰ পানী অবিহনে সদায় অসম্পূৰ্ণ হৈয়ে থাকিব। সেইবাবে বিশাল পৰিসৰত সাগৰৰ পানীক মিঠা বনোৱাৰ বাবে কোটি কোটি টকা ব্যয়েৰে আঁচনি গ্ৰহণ কৰাটো প্ৰয়োজন আৰু আজি তেনে এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। সাগৰৰ পানী মিঠা কৰি সেইসকল লোকক প্ৰদান কৰা হ’ব।

ইয়াৰ অৰ্থ এই যে পানীৰ পৰমাত্মাৰ প্ৰসাদ বুলি ভাবি ব্যৱহাৰ কৰিব লাগিব, গুজৰাটৰ পানী নষ্ট কৰাৰ অধিকাৰ একেবাৰে নাই৷ ইয়ান কষ্ট কৰি দুখীয়া লোকসকলে লাভ কৰে, তেওঁলোকে ১টকা পাব লাগে, ৮০ পইচা দিয়ে ২০ পইচা উলিয়াই পানী পাবলৈ৷ কাৰণ পানী নহ’লে জীয়াই থকাটো অসম্ভৱ৷ বিভিন্ন কাম যেনে- স্কুলৰ কোঠা নিৰ্মাণ, লাখ লাখ কোঠা বনাবলগীয়া হ’লে ১০,০০০ কোঠা কম কৰি সেই পইচা পানীৰ বাবে ৰাখিব লাগে৷ চিকিৎসালয় নিৰ্মাণ কৰিবলগীয়া হ’লে, অলপ পইচা পানীৰ নামত দিয়ক৷

গুজৰাটত প্ৰতিটো ক্ষেত্ৰত পানীৰ বাবে অলপ অলপ উলিয়াব লাগে৷ ইয়াৰ অৰ্থ হৈছে পানী আটাইতকৈ মূল্যবান হৈ পৰিছে৷ এনে সময়ত গুজৰাটৰ প্ৰতিগৰাকী নাগিৰিক পানী সংৰক্ষণৰ বাবে দায়বদ্ধ৷ কৃষকসকলে ড্ৰিপ জলসিঞ্চনৰ বাবে দায়বদ্ধ৷ পানী সংৰক্ষণ কৰাটো অতি আৱশ্যক৷ প্ৰতিটোপাল পানীৰ ব্যৱহাৰ কৰাৰ এক পৰিৱেশ গঢ় দিব লাগিব আৰু যিধৰণে দেশক স্বচ্ছতা অভিযানে এক বৃহৎ সফলতা লাভ কৰাৰ লগতে জন আন্দোলনত পৰিণত হ’ল, সেইদৰে এইবাৰৰ কুম্ভমেলালৈ গুজৰাটৰ পৰা যিসকল লোক আহিছিল, কুম্ভমেলালৈ যায় আৰু আকৌ অহা-যোৱা কৰি থাকে তেওঁলোকে কুম্ভমেলাৰ বহুত প্ৰশংসা কৰিছিল৷ কুম্ভমেলাৰ স্বচ্ছতাই জনতাৰ অন্তৰ ছুই গৈছে৷ দেশত স্বচ্ছতাৰ এক আন্দোলনত পৰিণত হ’ল৷

মহাত্মা গান্ধীয়ে এশ বছৰ পূৰ্বে হৰিদ্বাৰৰ কুম্ভলৈ গৈছিল আৰু তেতিয়া তেওঁ কুম্ভ মেলা স্বচ্ছ হোৱাৰ ইচ্ছা প্ৰকট কৰিছিল, ১০০ বছৰে কৰিব নোৱাৰিলে, আমি কৰি দেখুৱালো আৰু সেইবাবে যিধৰণে স্বচ্ছতাৰ আন্দোলন সফল হ’ল, তেনেধৰণে গুজৰাটত পানী সংৰক্ষণ আন্দোনল সফল কৰিব নোৱাৰি নে? আমি সকলো সেই দিশ কাম কৰিব নোৱাৰো নে? আজি যেতিয়া প্ৰভূ শিৱক নৰ্মদাৰ জলেৰে অভিষেক কৰিছো সেয়েহে আজি শিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত সমগ্ৰ গুজৰাটবাসীয়ে সংকল্প কৰক যে আমি পানীও সংৰক্ষণ কৰিম৷ আপোনালোকে দেখিব এক ডাঙৰ বিপ্লৱ সৃষ্টি হ’ব৷

আজি ইয়াৰ ৰে’লৱেৰো কেইবাটাও প্ৰকল্প গ্ৰহণ কৰা হৈছে৷ ৰে’লৱেৰ কাম যেনে—বিদ্যুতীকৰণ, গজ পৰিৱৰ্তন, দ্বৈত পথ ইত্যাদিবোৰ পূৰ্বতকৈ দুগুণ অধিক হাৰত হৈছে৷ আপোনালোকৰ বাবে একো নতুনত্ব নাই, কাৰণ আপোনালোকে মোক দেখিছে, মই ইয়াত কিধৰণে কাম কৰিছিলো, কিন্তু দেশৰ বাকীবোৰে দেখি আচৰিত হৈছে যে এনেকৈও কাম হয়নেকি? মই তেওঁলোকক কও যোৱা গুজৰাটলৈ গৈ চাই আহা৷ তাত সকলো সম্ভৱ৷ দেশৰ ৰে’লৱেৰ কামৰ হাৰ বৃদ্ধি পাইছে৷ ৰে’লৱেৰ আধূনিকৰণ… আধূনিক ৰে’ল, ডবাৰ ব্যৱস্থা, এই সকলোবোৰ সম্ভৱ হৈছে আৰু পূৰ্বতকৈ দুগুন অধিক হাৰত হৈছে৷

আমি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি গ্ৰহণ কৰি ইয়াৰ অধীনত ৫ একৰ বা তাতকৈ কম ভূমি থকা কৃষকক বছৰি ৬হাজাৰকৈ টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰিছো৷ প্ৰতিটো ছিজনৰ পূৰ্বে ২ হাজাৰকৈ টকা লাভ কৰিব৷

তেওঁলোকৰ সাৰ ক্ৰয় কৰা, বীজ ক্ৰয় কৰা, ঔষধ ক্ৰয় কৰা ইত্যাদি দিশত কামত আহিব আৰু একাংশ লোকে ইমান মিছা কথা ক’ব পাৰে যে প্ৰতি ১০ বছৰৰ মুৰে মুৰে তেওঁলোকৰ জ্বৰ উঠে, কৰ ৰেহাই কৰাৰ, নিৰ্বাচন অহাৰ লগে লগে কৰ ৰেহাইৰ ভাষণ আৰম্ভ কৰি দিয়ে, কাম হ’লে একো নাই, ১০ বছৰলৈ কৃষক যেনে আছিল তেনেকৈয়ে থাকিব৷ আপোনালোকে জানি আচৰিত হ’ব যে ২০০৮-০৯ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কৰ ৰেহাই কৰাৰ কথা কৈছিল, পূৰ্বৰ চৰকাৰৰ দিনত ৬লাখ কোটি টকাৰ কৰ আছিল, দেশৰ কৃষকক কিমান ৰেহাই দিলে? ৫২ কোটি আৰু সকলোৰে ভোট চলনাৰে লৈ ল’লে, সকলোৰে চকুত ধুলি দিলে আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত কৃষকে কি কৰিব, তেওঁলোকে ভাবিব মোৰ নিয়মত নহ’ল বাবে নাহিল৷ তেওঁলোকক এনেকৈ মুৰ্খ সজাইছে৷

আমি এনেকুৱা আঁচনি গ্ৰহণ কৰিছো যে প্ৰতি বছৰে কৃষকক বেংক একাউণ্টত ৭৫ হাজাৰ কোটি টকা সোমাব আৰু ১০ বছৰত ৭.৫লাখ কোটি টকা কৃষকৰ একাউণ্টত সোমাব৷ ইয়াৰ অৰ্থ হৈছে গাঁৱত ৭.৫ লাখ কোটি টকা একেলগ হ’ব, ফলত গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন আহিব৷ ৭.৫লাখ কোটি টকা গাঁওবোৰ উৰি আছে অৰ্থাৎ গাঁওবাসীয়ে প্ৰথমে চাইকেল ক্ৰয় কৰা নাছিল, এতিয়া চাইকেল ক্ৰয় কৰিব, সন্তানৰ বাবে জোতা-মোজা ক্ৰয় কৰা নাছিল, এতিয়া জোতা-মোজা ক্ৰয় কৰিব, ঘৰৰ বাবে ভাল বাচন আনিব, ঘৰতে ভাল খাদ্য প্ৰস্তুত কৰিব ইত্যাদি ধৰণে গাঁৱৰ অৰ্থনীতিৰ পৰিৱৰ্তন সাধন কৰিব পৰা কাম আমি কৰিছো আৰু তেওঁলোকে কৰ ৰেহাই কৰি প্ৰতিখন গাঁৱৰ ২০-২৫গৰাকী কৃষকক উপকৃত কৰিব খুজিছে, কিন্তু আমাৰ আঁচনিৰ জৰিয়তে প্ৰতি বছৰে প্ৰতিখন গাঁৱৰ অতি কমেও ৯০গৰাকী কৃষক উপকৃত হ’ব৷

ভাই-ভনীসকল, সমস্যাৰ স্থায়ী সমাধান আৰু যিকোনো প্ৰকাৰে আপোন-পৰ এই মনোভাৱ অবিহনে সবকা সাথ সবকা বিকাশৰ মন্ত্ৰেৰে কাম কৰিলে বহুতেই লাভৱান হয়৷ এতিয়া আমি কৃষকে যি লাভ পায়, সেই লাভ পশুপালকসকলকো দিয়াৰ সিদ্ধান্ত লৈছো৷ কিষাণ ক্ৰেডিট কাৰ্ড পশুপালক সকলেও লাভ কৰিব৷ যিধৰণে কম সুদৰ হাৰত বেংকৰ পৰা কৃষকে ধন লাভ কৰে, সেইদৰে পশুপালক তথা মাছমৰীয়াসকলেও লাভ কৰিব৷ মাছমৰীয়াসকলৰ বাবেও ইয়াৰ ব্যৱস্থা কৰা হৈছে, দেশত প্ৰথমবাৰ যেতিয়া অটলজীৰ চৰকাৰ গঠন হৈছিল, তেতিয়া আদিবাসী লোকসকলৰ বাবে পৃথক বিভাগ গঠন কৰা হৈছিল৷ এই দেশত মোদী চৰকাৰ শাসনলৈ অহাৰ পাছ প্ৰথমবাৰলৈ মাছমৰীয়াসকলৰ বাবে পৃথক বিভাগ গঠন কৰা হয় আৰু মাছমৰীয়াসকলে, সাগৰৰ উপকূলৰ পৰা সমগ্ৰ দেশৰ মাছমৰীয়াৰ সমস্যা, উন্নয়ন, তেওঁলোকৰ পদ্ধতিৰ আধূনিকীকৰণ, মৎসপালনৰ ক্ষেত্ৰত কাম কৰিবলগীয়া লোকৰ বাবে আধূনিক সম্পদ ইত্যাদি সকলো কাম কৰা হৈছে৷ মাছমৰীয়াসকলেও কিষাণ কাৰ্ডৰ জৰিয়তে কম সুদৰ হাৰত বেংকৰ ঋণ লাভ কৰিব পৰাকৈ আমি কাম কৰিছো৷ এয়া স্থায়ী পৰিৱৰ্তনৰ দিশত কৰা এক কাম৷

গভীৰত সমুদ্ৰত মাছ মাৰিবলৈ যোৱাৰ অসুবিধাৰ বাবে আমাৰ মাছমৰীয়া ভাইসকলে কাষে-কাষে মাছ মাৰে, ফলত তেওঁলোকে বেছি মাছ নাপায়৷ কিন্তু মাজভাগত গৈ কম পৰিশ্ৰমতে মাছমৰাৰ অত্যাধূনিক সুবিধা আহৰণৰ বাবে আমাৰ চৰকাৰে ১৫ লাখলৈকে ৰাহসাহায্য প্ৰদান কৰিছে৷

আমাৰ প্ৰচেষ্টা এই যে এইখন দেশৰ প্ৰতিগৰাকী ব্যক্তিৰে ২০২২ চনৰ ভিতৰত নিজাকৈ এখন ঘৰ হওক৷ মই আগতেই কৈছো যে মই সৰু-সুৰা কাম পছন্দ নকৰো, যিটো কৰো সেয়া সম্পূৰ্ণ কৰো ডাঙৰ কৰো আৰু শীঘ্ৰে কৰো৷ পূৰ্বতে যি চৰকাৰ আছিল, তেওঁলোকে ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল৷ আমি ৫৫ মাহত ১ কোটি ৩০ লাখ ঘৰ নিৰ্মাণ কৰিলো আৰু কৈছো যে ২০২২ চনৰ ভিতৰত প্ৰত্যেকেই ঘৰ লাভ কৰিব৷ ঘৰ পোৱা মানে কেৱল, চাৰিখন বেৰ নহয়, গেছ সংযোগ, বিদ্যুৎ সংযোগ, পানীৰ সংযোগ, সমীপত স্কুল ইত্যাদি সকলোবোৰ থাকিব, একো বাকী নাথাকে৷  এই সম্পূৰ্ণ আঁচনিৰ কাম চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি জামনগৰত একাংশ ঘৰৰ চাবি দিয়াৰো সূযোগ পালো আৰু যিসকলে নাই পোৱা, তেওঁলোককো কৈ থও যে মোদী চৰকাৰ পুনৰ গঠন হ’ব আৰু ২০২২ৰ মোৰ সপোন পুৰণ কৰি সকলোকে ঘৰ প্ৰদান কৰা হ’ব৷ জামনগৰ লঘু উদ্যোগৰ বিকাশৰ বাবে ভাৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, প্ৰথমে আপোনালোকে অনলাইনত গৈ বেংকৰ ঋণৰ বাবে আবেদন কৰিব পাৰে৷ ইয়াৰ বাবে বেংকলৈ অহা-যোৱা কৰি থাকিব নালাগে, কেৱল অনলাইন পুৰণ কৰক, ৫৯ মিনিটতে আপুনি ১ কোটি টকালৈকে ঋণ লাভ কৰিব৷ কেৱল ৫৯ মিনিটত৷

কাৰো খানা খুওৱা, বেংকাৰক চাহ খুওৱা, চাৰ চাৰ ক’ৱলৈ দৰকাৰ নাই, অনলাইন কৰক, ৫৯ মিনিটত আপোনাৰ আবেদনৰ প্ৰত্যুত্তৰ পাব৷ এনে বিপ্লৱৰ দিশত বৰ্তমান চৰকাৰে কাম কৰি আছে আৰু ইয়াৰ ফলতে ইজ অৱ ডুইং বিজিনেছৰ ৰেংকিঙত ভাৰতে ১৪২ৰ পৰা ৭৭লৈ উন্নীত হৈছে৷ পূৰ্বতে দেখা দিয়া অনুজ্ঞাপত্ৰৰ সমস্যা দূৰ কৰাৰ ফলতে এই সফলতা অৰ্জন কৰিব পৰা গৈছে৷ ইয়াপ ফলতে জামনগৰ, মোৰবী, ৰাজকোটৰ সৰু সৰু কাৰখনাসমূহত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ লঘু উদ্যোগ, অভিযান্ত্ৰিক কাম কৰা লোকসকলৰ লগতে, উৎপাদন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে৷

জিএছটি আইনৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি থকা হৈছে আৰু ই বৰ্তমান সাধাৰণ জনতাৰ উপকাৰ কৰিছে৷ এফালে সাধাৰণ জনতাই ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ অধীনত নিজে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰিব পৰা নাছিল৷ সৰু কামেই হওক, সৰু সৰু সামগ্ৰী প্ৰস্তুত কৰাই হওক, কোনো প্লাষ্টিক বাল্টি নিৰ্মাণ কৰাই হওক, চকী-টেবুল বনোৱাই হওক, তেওঁলোকে একোৱেই কৰিব পৰা নাছিল৷ আমি একাট জিইএম পোৰ্টেল শুভাৰম্ভ কৰিলো, সেই পোৰ্টেলত আপুনি পঞ্জীয়ন কৰি লওক, ভাৰত চৰকাৰৰ য’লৈকে লিখে তাত লিখি লওক, পঠিয়াবলগীয়াটো লিখক, কোটি কোটি টকাৰ কাম আজিকালি সাধাৰণ জনতাই চৰকাৰলৈ প্ৰেৰণ কৰেস কোনো নিবিদা নহয়, কোনো মধ্যস্থতাকাৰী নাই, কোনো আপোন-পৰ নাই, কোনো দুৰ্নীতি নাই, সাধাৰণ জনতাই নিৰ্মাণ কৰা সামগ্ৰী আজিকালি চৰকাৰে ক্ৰয় কৰে৷ আগতে ডাঙৰ ডাঙৰ নিবিদা হৈছিল, চৰকাৰে যি কয় তাকে হৈছিল, সেয়েহে ডাঙৰ ডাঙৰ মানুহৰ তালৈ সকলো গৈছিল৷ এতিয়া সৰু সৰু লোকৰ হাতলৈ সেই ধন যায় আৰু এই কাম আজি ভাৰত চৰকাৰে কৰি দেখুৱাইছে৷ তাৰ লাভালাভ আমি দি আছো৷

ভাই-ভনীসকল, কোনেও দেশভক্তি, সামৰ্থ্য অবিহনে আগুৱাই যাব নোৱাৰে, আমাৰ গুজৰাটত ভাতৃঘাটি সংঘৰ্ষ হৈছিলে নে নাই? আমাৰ জামনগৰতো এনে হৈছিল নহয় নে? সকলো বন্ধ হৈ গ’ল নে? সকলো লোকে সুখে-শান্তিৰ থাকিব পাৰিছে নে নাই? সকলো প্ৰগতিৰ দিশত আগুৱাই যোৱা নাই নে? এতিয়া মোৰ কওকছোন দেশৰ পৰা সন্ত্ৰাসবাদী নিৰ্মূল হ’ব লাগে নে নালাগে? ইয়াৰ পুলিয়ে পোখাই উভালিব লাগে নে নালাগে?

আমি ইয়াত ঔষধ দিলে জানো হ’ব? য’ৰ পৰা কৰি আছে, তাত দিব নালাগিবনে? আপুনি যিকোনো চিকিৎসকৰ ওচৰলৈ যাওক, তেওঁ আপোনাৰ ক’ব আপোনাৰৰ এই ৰোগ ঠিকেই আছে, কিন্ত আপোনাৰ মুল সমস্যা তেজত আছে, তেজ ঠিক কৰিব লাগিব, তাৰ ঔষধ ল’লেই ঠিক হ’ব? অৰ্থাৎ মুল ৰোগৰ চিকিৎসা কৰিব লাগিব৷ এতিয়া মুল ৰোগ চুবুৰীয়া দেশত আছে, আপোনালোকৰ জামনগৰৰ কাষতে আছে, তাৰ পৰা খবৰ আহিয়েই থাকে, কচ্ছ আৰু জামনগৰত শীঘ্ৰে খবৰ আহে৷

মই জামনগৰবাসীক শুধিব বিচাৰিছো, আপোনালোকে দেশৰ সেনাই কোৱা কথাৰ ওপৰত ভৰসা আছে নে নাই? সেনাই কোৱা কথা সঁচা বুলি ভাবেনে নাভাবে? মইও মানিব লাগিবনে নাই? কিন্তু একাংশ লোকৰ পেটৰ বিষ হৈছে, এতিয়া তাৰপৰাও তেওঁলোকৰ সমস্যা হৈ আছে৷

ভাই-ভনীসকল, সেনাৰ পৰাক্ৰমক লৈ দেশবাসীয়ে গৌৰৱ কৰিব লাগে৷ মই কিছু সময়ৰ পূৰ্বে দিল্লীত এটা ভাষণ আগবঢ়ালো৷ তাত মই কৈছো যে দেশে সেনাৰ পৰাক্ৰমক লৈ গৌৰৱ কৰিছে, আমাৰ জোৱানসকলে অদ্ভূট পৰাক্ৰম দেখুৱালে৷ তাক লৈ কন্দা কটা কৰা কি দৰকাৰ৷ মই তেওঁলোকক ক’লো চোৱা আজি আমাৰ সেনাৰ হাতত ৰাফেল থকা হ’লে পৰিণাম আৰু ভয়ংকৰ হ’লহেতেন৷ যিসকলে মোৰ কথা বিশ্বাস কৰা নাই, তাত মোৰ কি দোষ? মই এই কথা কোৱাৰ পাছতে তেওঁলোকে কৈছে মোদীয়ে ভাৰতীয় বায়ু সেনাই কৰা কামক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ ডাঙৰীয়া সাবু লগাওক, সাবু মানে সামান্য বুদ্ধি৷

ইয়াৰ ষ্ট্ৰাইকৰ সময়ত আমাৰ জোৱালসকলৰ হাতত ৰাফেল থকা হ’লে আমাৰ একো নাযায় আৰু তেওঁলোকৰো একো সাৰি নগ’লহেতেন৷ কিন্তু এই দেশৰ বীৰসকলৰ লগতে বীৰ প্ৰজাক প্ৰণাম জনাইছো আৰু আমাৰ সংকল্প এই যে আমাৰ দেশৰ ক্ষতি কৰিব পৰা লোকসকলৰ আকা সিপাৰে বহি থকাৰ বাবে আমাৰ দেশত অশান্তি বিৰাজ কৰিছে৷ এতিয়া আমাৰ বিৰোধীৰো এই লৈ সমস্যা হৈছে মোদীয়ে কি কৰে৷ আহা আহি চাই লোৱা মোদীয়ে কি কৰিছে৷ তেওঁলোকৰ মন্ত্ৰ হৈছে একেলগ হোৱা আৰু মোদী নিঃশেষ কৰা৷ দেশৰ মন্ত্ৰ হৈছে, আহক আমি একেলগে সন্ত্ৰাসবাদ নিৰ্মূল কৰো৷ তেওঁলোকৰ মন্ত্ৰ মোদীক নিঃশেষ কৰা আৰু আমাৰ মন্ত্ৰ সন্ত্ৰাসবাদক নিৰ্মূল কৰা৷ আপোনালোকে সন্ত্ৰাসবাদ নিৰ্মূল কৰা সহযোগিতা আগবঢ়াবনে নাই?

বহুত বহুত ধন্যবাদ ভাইসকল৷ মোৰ সৈতে কওঁক,

ভাৰত মাতা কী—জয়

ভাৰত মাতা কী—জয়

ভাৰত মাতা কী—জয়

ধন্যবাদ৷ 

******

অতুল কুমাৰ তিৱাৰী/শ্বাহবাজ হছিবি/বাল্মীকী মাহাতো/দিগন্ত