পি এম ইণ্ডিয়া
নমস্কাৰ!!
মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!
আজি আমি সকলোৱে সমগ্ৰ বিশ্বৰ স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আয়োজন কৰিবলৈ পাইছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ মহা প্ৰৱন্ধক ডঃ টেড্ৰছৰ ওচৰত মই অত্যন্ত কৃতজ্ঞ। ডঃ টেড্ৰছে ভাৰতৰ যি প্ৰশংসা কৰিছে তাৰ বাবে মই প্ৰতিজন ভাৰতীয়ৰ হৈ তেখেতক যথেষ্ট ধন্যবাদ জনাইছোঁ। তেওঁ যিদৰে গুজৰাটী, হিন্দী আৰু ইংৰাজীৰ সংগম ঘটাই ভাষণ প্ৰদান কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয় স্পৰ্শ কৰিছে তাৰ বাবে মই তেওঁক বিশেষভাৱে অভিনন্দন জনাইছোঁ। ডঃ টেড্ৰছৰ সৈতে মোৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু যেতিয়াই আমি লগ পাওঁ তেতিয়াই তেওঁ সদায় ভাৰতৰ গুৰুসকলে তেওঁক যিধৰণে উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰিছে সেই কথা আনন্দ আৰু গৌৰৱৰে উল্লেখ কৰে। তেওঁ সদায় অতি আনন্দেৰে নিজৰ অনুভূতি প্ৰকাশ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ যি গভীৰ মৰম আছে সেয়া আজি পুনৰ এবাৰ আমাৰ সন্মুখত প্ৰতিফলিত হৈছে। তেওঁ মোক কৈছিল-“এইটো মোৰ সন্তান আৰু মই আপোনাক দিছোঁ; এতিয়া ইয়াক প্ৰতিপালন কৰাটো আপোনাৰ দায়িত্ব”। মই ডঃ টেড্ৰছক আশ্বাস দিছোঁ যে আপুনি যি বিশ্বাসেৰে ভাৰতক এই দায়িত্ব দিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলে যি উৎসাহেৰে এই সমগ্ৰ দায়িত্ব তেওঁৰ কান্ধত লৈছে, মই নিশ্চিত যে আমি নিশ্চিতভাৱে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিম।
মই মোৰ মৰমৰ বন্ধু তথা মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী জগনাথজীৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় তিনি দশক ধৰি তেওঁৰ পৰিয়ালৰ সৈতে মোৰ সম্পৰ্ক আছে। যেতিয়াই মই মৰিচাছলৈ গৈছোঁ, মই তেওঁৰ ঘৰলৈ যাও আৰু তেওঁৰ পিতৃক লগ কৰোঁ। তেওঁৰ পৰিয়ালৰ সৈতে মোৰ এক অতি ঘনিষ্ঠ সম্পৰ্ক আছে যিটো প্ৰায় তিনি দশক পুৰণি আৰু মই আনন্দিত যে আজি মোৰ নিমন্ত্ৰণত তেওঁ মোৰ গৃহ ৰাজ্য গুজৰাটলৈ আহিছে। গুজৰাট আৰু গুজৰাটী ভাষাৰ সৈতে সংযোগ স্থাপন কৰি তেওঁ আমাৰ সকলোৰে হৃদয় জয় কৰিছে। আমি সকলোৱে এইমাত্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ কথা শুনিছোঁ। সকলোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ এই আন্তৰ্জাতিক কেন্দ্ৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ।
বন্ধুসকল,
পৰম্পৰাগত চিকিৎসাৰ বাবে এই কেন্দ্ৰৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ সৈতে এক নতুন অংশীদাৰিত্বত মনোনিৱেশ কৰিছে। ই হৈছে পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ অৱদান আৰু ভাৰতৰ সম্ভাৱনা দুয়োটাৰ স্বীকৃতি। ভাৰতে এই অংশীদাৰিত্বক সমগ্ৰ মানৱ জাতিৰ সেৱা কৰাৰ এক বৃহৎ দায়িত্ব হিচাপে লৈছে। এই কেন্দ্ৰই সমগ্ৰ বিশ্বতে বিয়পি থকা পৰম্পৰাগত চিকিৎসা প্ৰতিষ্ঠানসমূহৰ সহযোগত সমগ্ৰ বিশ্বৰ লোকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰাত সহায় কৰিব। জামনগৰৰ ভূমিত ডঃ টেড্ৰছ আৰু প্ৰবীন্দজীৰ উপস্থিতিত মই ক’ব বিচাৰো যে ই কেৱল এটা ভৱন বা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন অনুষ্ঠান নহয়। সমগ্ৰ বিশ্বৰ যিসকল লোকে প্ৰাকৃতিক চিকিৎসা আৰু পৰম্পৰাগত ঔষধত বিশ্বাস কৰে তেওঁলোকক আজি মই ক’ব বিচাৰো যে যিহেতু ভাৰতে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰি আছে। এই সময়ছোৱাত স্থাপন কৰা এই আধাৰশিলাই আগন্তুক ২৫ বছৰৰ বাবে বিশ্বজুৰি এইধৰণৰ পৰম্পৰাগত চিকিৎসা কেন্দ্ৰৰ এক নতুন যুগৰ আৰম্ভ কৰিলে।
সামগ্ৰিক স্বাস্থ্যসেৱাৰ প্ৰতি ক্ৰমবৰ্ধমান চাহিদাৰ বিষয়টো আমি আগন্তুক ২৫ কিধৰণৰ হব সেয়া আমি কল্পনা কৰিব পাৰিছোঁ। ভাৰতে যেতিয়া স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়া সমগ্ৰ বিশ্বজুৰি প্ৰতিটো পৰিয়ালৰ বাবে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত এই কেন্দ্ৰটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। আৰু এই লক্ষ্যৰেই আজি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। আয়ুৰ্বেদত, অমৃত কালৰ যথেষ্ট গুৰুত্ব আছে আৰু এই কাৰ্যসূচীটো অমৃত কালত আৰম্ভ হৈছে। গতিকে মই এক নতুন বিশ্বাসৰ সৈতে এক সুদূৰপ্ৰসাৰী প্ৰভাৱৰ পূৰ্বানুমান কৰিব পাৰোঁ। ব্যক্তিগতভাৱে, আমাৰ জামনগৰত এই আন্তৰ্জাতিক কেন্দ্ৰটো স্থাপন হোৱাৰ বাবে মই অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। আয়ুৰ্বেদৰ সৈতে জামনগৰৰ এক বিশেষ সম্পৰ্ক আছে। পাঁচ দশকৰো অধিক আগতে, জামনগৰত বিশ্বৰ প্ৰথম আয়ুৰ্বেদ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াত আমাৰ এখন উন্নত আৰু আধুনিক আয়ুৰ্বেদ প্ৰতিষ্ঠান। ই হৈছে আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এই আন্তৰ্জাতিক কেন্দ্ৰই সমগ্ৰ বিশ্বৰ ৰোগী কল্যাণৰ ক্ষেত্ৰত জামনগৰক এক নতুন পৰিচয় প্ৰদান কৰিব। ৰোগ মুক্ত থকাটো জীৱন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব পাৰে, কিন্তু সুস্থতা আমাৰ চূড়ান্ত লক্ষ্য হোৱা উচিত।
বন্ধুসকল,
কোভিড মহামাৰীৰ সময়ত আমাৰ জীৱনত সুস্থতাৰ গুৰুত্ব উপলব্ধি কৰিছোঁ। সেইকাৰণে সমগ্ৰ বিশ্বই আজি স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত এক নতুন সমাধানৰ দিশ বিচাৰি আছে। মই আনন্দিত যে বিশ্ব স্বাস্থ্য সংস্থাই এই বছৰ “আমাৰ গ্ৰহ, আমাৰ স্বাস্থ্য” শীৰ্ষক বিষয়বস্তুক হিচাপে বাছনি কৰি ভাৰতৰ ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৃষ্টিভংগীক আগবঢ়াই লৈ যাব।
বন্ধুসকল,
হাজাৰ হাজাৰ বছৰ আগতে ৰচনা কৰা অথৰ্ব বেদত কোৱা হৈছে- জীবেম্ শৰদঃ শতম্। অৰ্থাৎ, ১০০ বছৰ জীয়াই থাকক! আমাৰ পৰম্পৰা অনুসৰি, এজন ব্যক্তিৰ ১০০ বছৰ জীয়াই থাকিবলৈ কামনা কৰাটো অতি সাধাৰণ বিষয়। কিয়নো সেই দিনবোৰত ১০০ বছৰ জীয়াই থকাটো কোনো ডাঙৰ কথা নাছিল। ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিয়ে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ পৰম্পৰাগত চিকিৎসা কেৱল নিৰাময়তে সীমাবদ্ধ নহয়। প্ৰকৃততে ই জীৱনৰ এক সামগ্ৰিক বিজ্ঞান। আপোনালোকৰ বহুতেই জানে যে আয়ুৰ্বেদত আৰোগ্য আৰু চিকিৎসাৰ উপৰিও, সামাজিক স্বাস্থ্য, মানসিক স্বাস্থ্য, সুখ, পৰিৱেশৰ স্বাস্থ্য, কৰুণা, সহানুভূতি, সংবেদনশীলতা আৰু উৎপাদনশীলতাও এই ‘অমৃত কলশ’ত অন্তৰ্ভুক্ত কৰা হৈছে। সেইকাৰণে আয়ুৰ্বেদক জীৱনৰ জ্ঞান হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদক পঞ্চম বেদ বুলিও জনা যায় আৰু চাৰিওখন বেদৰ দৰেই ইয়াৰ গুৰুত্ব একে।
বন্ধুসকল,
বৰ্তমান সময়ত, আধুনিক পৃথিৱীৰ জীৱনশৈলীৰ সৈতে সম্পৰ্কিত নতুন ৰোগবোৰ দূৰ কৰিবলৈ আমাৰ পৰম্পৰাগত জ্ঞান অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। উদাহৰণস্বৰূপে, সুস্বাস্থ্যৰ সৈতে সন্তুলিত আহাৰৰ পোনপটীয়া সম্পৰ্ক আছে। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে সন্তুলিত আহাৰে যিকোনো ৰোগৰ আধা নিৰাময় কৰিব পাৰে। আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত প্ৰতিটো ঋতুত কি খাব লাগে আৰু কি খাব নালাগে সেই বিষয়ে তথ্যৰে ভৰি আছে। আৰু এই তথ্যৰ আধাৰ হৈছে শ শ বছৰৰ অভিজ্ঞতাৰ সংকলন। উদাহৰণ স্বৰূপে, ভাৰতত এটা সময় আছিল যেতিয়া আমাৰ জ্যেষ্ঠসকলে বাজৰা বা মোটা শস্যৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। কিছু সময়ৰ বাগৰাৰ লগে লগে আমি ইয়াৰ ব্যৱহাৰ হ্ৰাস হোৱা দেখিছোঁ। অৱশ্যে, এতিয়া আকৌ এবাৰ বাজৰাৰ চাহিদা বৃদ্ধি হোৱা দেখিছোঁ। মই আনন্দিত যে বাজৰাৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে ভাৰতৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছে। ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰাটো মানৱ জাতিৰ বাবে এক অতি লাভজনক পদক্ষেপ।
মহামান্য ব্যক্তিসকল, আমাৰ প্ৰাচীন আৰু পৰম্পৰাগত শিক্ষাক ‘ৰাষ্ট্ৰীয় পুষ্টি অভিযান’ত গুৰুত্ব দিয়া হৈছে। আমি কোভিড-১৯ মহামাৰীৰ সময়তো আয়ুষ চিকিৎসা পদ্ধতিত ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলোঁ। আয়ুৰ্বেদ ভিত্তিক পাচন, যি “আয়ুষ ক্কাথ” নামেৰে অতি জনপ্ৰিয় হৈ পৰিছিল। আয়ুৰ্বেদ, সিদ্ধ, ইউনানি চিকিৎসা পদ্ধতিৰ বিশ্বব্যাপী যথেষ্ট চাহিদা আছে। আজি পৃথিৱীৰ বহুতো দেশে মহামাৰী প্ৰতিৰোধৰ বাবে পৰম্পৰাগত ভেষজ প্ৰণালীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
বন্ধুসকল,
ভাৰতে আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ইয়াৰ অভিজ্ঞতা বিশ্বৰ সৈতে ভাগ বতৰা কৰাটো ইয়াৰ দায়িত্ব বুলি বিবেচনা কৰে। ভাৰতৰ যোগ পৰম্পৰাই ডায়েবেটিচ, মেদবহুলতা আৰু হতাশাৰ দৰে বহুতো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত বিশ্বক যথেষ্ট সহায় কৰিছে। আন্তৰ্জাতিক যোগ দিৱসৰ জৰিয়তে যোগ জনপ্ৰিয় হৈ উঠিছে, আৰু সমগ্ৰ বিশ্বৰ লোকসকলক চাপ হ্ৰাস কৰাত আৰু মন-শৰীৰ-চেতনাৰ ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰিছে। যোগৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত এই নতুন প্ৰতিষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন গ্ৰহণ কৰিব পাৰে।
মহামান্য ব্যক্তিসকল,
আজি এই আধাৰশিলা স্থাপন উপলক্ষে মই আন্তৰ্জাতিক স্তৰৰ এই কেন্দ্ৰটোৰ বাবে পাঁচটা লক্ষ্য নিৰ্ধাৰণ কৰিব বিচাৰোঁ। প্ৰথম লক্ষ্যটো হ’ল ডাটাবেচ বা তথ্যভাণ্ডাৰ সৃষ্টি কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰি পৰম্পৰাগত জ্ঞান সংগ্ৰহ কৰা। পৰম্পৰাগত ঔষধৰ বিভিন্ন দেশত বিভিন্ন পৰম্পৰা আছে। এই পৰম্পৰাবোৰ সংকলন কৰি এই কেন্দ্ৰত এটা গোলকীয় ভঁৰাল সৃষ্টি কৰিব লাগে। এই কেন্দ্ৰই এই পৰম্পৰাবোৰৰ উৎসবোৰ অধ্যয়ন কৰাৰ পিছত আৰু মূল অনুশীলনকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত এটা সংকলনো কৰিব পাৰে। এইটো কৰাটো অত্যাৱশ্যকীয় যাতে বিভিন্ন দেশৰ পৰম্পৰাগত ঔষধৰ গুৰুত্বপূৰ্ণ জ্ঞানে অনাগত প্ৰজন্মক লাভান্বিত কৰি থাকিব পাৰে।
বন্ধুসকল,
জিচিটিএমে পৰম্পৰাগত ঔষধৰ পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ বাবে আন্তৰ্জাতিক মানদণ্ড সৃষ্টি কৰিব লাগে। এইটো আপোনালোকৰ সংগঠনৰ আন এটা লক্ষ্য হ’ব পাৰে। ইয়াৰ ফলত এই ঔষধবোৰৰ প্ৰতি প্ৰতিখন দেশৰ মানুহৰ বিশ্বাস বৃদ্ধি পাব। আমি দেখিছোঁ যে ভাৰতৰ কেইবাটাও পৰম্পৰাগত ঔষধ বিদেশৰ লোকসকলেও যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে। কিন্তু গোলকীয় মানদণ্ডৰ অভাৱৰ বাবে, ইয়াৰ নিয়মীয়া ব্যৱসায় সীমিত হৈ আছে। সেয়েহে এই ঔষধবোৰৰ উপলব্ধতাও কম। মই ভাবো যে আন বহুতো দেশেও একে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই আন্তৰ্জাতিক কেন্দ্ৰটোৱেও ইয়াৰ সমাধানৰ দিশত কাম কৰা উচিত। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ আয়ুৰ্বেদ, পঞ্চকৰ্ম আৰু ইউনানীৰ বাবে বেঞ্চমাৰ্ক ডকুমেণ্টো প্ৰস্তুত কৰিছে। ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব।
বন্ধুসকল,
জিচিটিএমে এনে এখন মঞ্চও সৃষ্টি কৰিব লাগে য’ত পৃথিৱীৰ পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বিশেষজ্ঞসকল একত্ৰিত হ’ব পাৰে আৰু তেওঁলোকৰ অভিজ্ঞতা ভাগ বতৰা কৰিব পাৰে। এই আন্তৰ্জাতিক কেন্দ্ৰই ইয়াক ইয়াৰ তৃতীয় লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিব পাৰে। এই প্ৰতিষ্ঠানটোৱে বাৰ্ষিক অনুষ্ঠান বা বাৰ্ষিক পৰম্পৰাগত চিকিৎসা উৎসৱ অনুষ্ঠিত কৰিব পাৰিবনে য’ত বিশ্বৰ সৰ্বাধিক সংখ্যক দেশৰ বিশেষজ্ঞসকলে তেওঁলোকৰ চিন্তা, আৰু পদ্ধতিবোৰ ভাগ বতৰা কৰিব পাৰিব?
বন্ধুসকল,
মই ভাবো, এই কেন্দ্ৰৰ চতুৰ্থ লক্ষ্য গৱেষণাত বিনিয়োগ হোৱা উচিত। জিচিটিএমে পৰম্পৰাগত ঔষধৰ গৱেষণাৰ বাবে পুঁজি সংগ্ৰহ কৰা উচিত। আমি দেখিছোঁ যে আধুনিক ফাৰ্মা কোম্পানীবোৰৰ বাবে গৱেষণা ক্ষেত্ৰত বিলিয়ন ডলাৰ ব্যৱহাৰ কৰা হয়। আমি পৰম্পৰাগত ঔষধৰ গৱেষণাৰ বাবে একেধৰণৰ সম্পদ সংগ্ৰহ কৰা উচিত। পঞ্চম লক্ষ্যটো চিকিৎসা প্ৰটোকলৰ সৈতে সম্পৰ্কিত। জিচিটিএমে কিছুমান নিৰ্দিষ্ট ৰোগৰ বাবে সামগ্ৰিক চিকিৎসা প্ৰটোকল বিকশিত কৰিব পাৰিবনে য’ত ৰোগীয়ে আধুনিক আৰু পৰম্পৰাগত দুয়োটা ঔষধৰ পৰা লাভান্বিত হব? আমাৰ স্বাস্থ্যসেৱা প্ৰণালীত এই প্ৰাচীন ৰীতি-নীতিসমূহৰ কাৰ্যকৰী একত্ৰীকৰণে কেইবাটাও ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।
বন্ধুসকল,
আমি ভাৰতীয়সকল এনে লোক যি ‘বসুধৈৱ কুটুম্বকম’ আৰু ‘সৰ্বে সন্তু নিৰাময়ঃ’ত বিশ্বাস কৰোঁ। সমগ্ৰ বিশ্বই এটা পৰিয়াল আৰু এই পৰিয়ালটো সদায়ে সুস্থ-সবল হৈ থাকক-এয়া আমাৰ দৰ্শন। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰটো স্থাপনৰ দ্বাৰা ভাৰতৰ এই পৰম্পৰা আজি সমৃদ্ধ হৈ উঠিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এই কেন্দ্ৰই সমগ্ৰ বিশ্বৰ জনগণৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব-এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। এতিয়া মই দুয়োজন অতিথিক তেওঁলোকৰ সময় দিয়াৰ বাবে আৰু অনুষ্ঠানটো অধিক প্ৰাসংগিক কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে বহুত ধন্যবাদ। নমস্কাৰ!
বি.দ্ৰ.-এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ আক্ষৰিক অনুবাদ নহয়। মূল ভাষণ তেওঁ হিন্দীতহে প্ৰদান কৰিছিল।
***
DS/VJ/BM/IG/KG
The @WHO Global Centre for Traditional Medicine in Jamnagar aims to bring ancient wisdom and modern science together. https://t.co/nbi6TLs9aU
— Narendra Modi (@narendramodi) April 19, 2022
The @WHO Global Centre for Traditional Medicine is a recognition of India's contribution and potential in this field. pic.twitter.com/ovGWmvS7vs
— PMO India (@PMOIndia) April 19, 2022
Jamnagar’s contributions towards wellness will get a global identity with @WHO’s Global Centre for Traditional Medicine. pic.twitter.com/l0mgiFWEoR
— PMO India (@PMOIndia) April 19, 2022
Our ultimate goal should be of attaining wellness. pic.twitter.com/Q4tQKkXQrA
— PMO India (@PMOIndia) April 19, 2022
One Earth, One Health. pic.twitter.com/EBWJJCRGKl
— PMO India (@PMOIndia) April 19, 2022
India’s traditional medicine system is not limited to treatment. It is a holistic science of life. pic.twitter.com/ccqftPdKHn
— PMO India (@PMOIndia) April 19, 2022
Ayurveda goes beyond just healing and treatment. pic.twitter.com/wrxH0AiERh
— PMO India (@PMOIndia) April 19, 2022
Good health is directly related to a balanced diet. pic.twitter.com/ZYr0Xbcwhg
— PMO India (@PMOIndia) April 19, 2022
Matter of immense pride for India that 2023 has been chosen as the International Year of Millets by the @UN. pic.twitter.com/zC9Ox4aZB6
— PMO India (@PMOIndia) April 19, 2022
Demand for Ayurveda, Siddha, Unani formulations have risen globally. pic.twitter.com/H5wHSUrpcz
— PMO India (@PMOIndia) April 19, 2022
Yoga is gaining popularity across the world. pic.twitter.com/EwdbuawL6a
— PMO India (@PMOIndia) April 19, 2022
Goals which @WHO’s Global Centre for Traditional Medicine should realise. pic.twitter.com/UEfulhheFd
— PMO India (@PMOIndia) April 19, 2022
— PMO India (@PMOIndia) April 19, 2022
May the whole world always remain healthy. pic.twitter.com/VDDBGkpkR1
— PMO India (@PMOIndia) April 19, 2022
World Health Organisation ने जामनगर के Traditional Medicine Centre को लेकर भारत के साथ जो पार्टनरशिप की है, उसे हम पूरी मानवता की सेवा के लिए एक बहुत बड़ी जिम्मेदारी के रूप में ले रहे हैं। @WHO pic.twitter.com/PBZFrchDJE
— Narendra Modi (@narendramodi) April 19, 2022
भारत की पारंपरिक चिकित्सा पद्धति सिर्फ इलाज तक सीमित नहीं रही है, बल्कि ये Life की एक Holistic Science है। pic.twitter.com/AUNtV6n7D9
— Narendra Modi (@narendramodi) April 19, 2022
हमारे लिए यह बहुत ही संतोष की बात है कि मिलेट्स के उपयोग को बढ़ावा देने के लिए भारत का प्रस्ताव United Nations ने स्वीकार किया है। वर्ष 2023 को International Millet Year घोषित करना मानवता के लिए एक हितकारी कदम है। pic.twitter.com/Tyn4An6W96
— Narendra Modi (@narendramodi) April 19, 2022
आयुर्वेद और Integrative Medicine के क्षेत्र में अपने अनुभव को दुनिया के साथ साझा करना भारत अपना दायित्व समझता है। pic.twitter.com/ldDVEhevK4
— Narendra Modi (@narendramodi) April 19, 2022
मैं इस ग्लोबल सेंटर के लिए ये पांच लक्ष्य रखना चाहता हूं… pic.twitter.com/WhV4Actkys
— Narendra Modi (@narendramodi) April 19, 2022
India is proud of be home to the @WHO Global Centre for Traditional Medicine. At a time when traditional medicine is picking popularity, this Centre will go a long way in merging the traditional with modern in the quest for a healthier planet. pic.twitter.com/TWCwNe41ZP
— Narendra Modi (@narendramodi) April 19, 2022