Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাৰ্মানীৰ চেঞ্চেলৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু স্বাস্থ্য সংকটৰ পৰা উদ্ধাৰ পাবলৈ আন্তৰ্জাতিক সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷

তেওঁলোকে মহামাৰীবিধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি আৰু পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ উপলব্ধতা সন্দৰ্ভত মত বিনিময় কৰে আৰু এই ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে সহমত হয়৷

প্ৰধানমন্ত্ৰীয়ে চেঞ্চেলৰগৰাকীক ভাৰতীয় সৰল যোগাভ্যাস আৰু বিশ্বৰ জনসাধাৰণৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদিক ঔষধৰ বিষয়ে উল্লেখ কৰে৷ চেঞ্চেলৰগৰাকীয়ে এনেধৰণৰ উপায়ৰ জৰিয়তে লক্-ডাউনৰ সময়ছোৱাত জনসাধাৰণৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰখাত সহায়ক হ’ব বুলি মন্তব্য প্ৰদান কৰে৷

***

VRRK/KP/MANN