পি এম ইণ্ডিয়া

ছেন্সেলৰ ড. মৰ্কেল,
জাৰ্মান সঁজাতী দলটোৰ সন্মানীয় সদস্যবৃন্দ
মন্ত্ৰীবৰ্গৰ মোৰ সহযোগীসকল,
মোৰ বন্ধুসকল,
নমস্কাৰ
ছেন্সেলৰ ড. মৰ্কেল আৰু তেওঁৰ সৈতে অহা সঁজাতী দলটোক ভাৰতত স্বাগতম জনাবলৈ পাই, তেওঁলোকক আদৰিবলৈ পাই নথৈ আনন্দিত হৈছো। ছেন্সেলৰ মৰ্কেলক কেৱল জাৰ্মানী আৰু ইউৰোপেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে দীৰ্ঘসময় ধৰি সেৱা প্ৰদান কৰা বিশ্বৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত অন্যতম বুলি কোৱা হবয়। মই অতিশয় আনন্দিত যে এইগৰাকী বিশ্বনেতা ভাৰত আৰু মোৰ সুহৃদ। বিগত প্ৰায় ডেৰটা দশকত ছেন্সেলৰৰ ৰূপত তেওঁ ভাৰত-জাৰ্মানী সম্বন্ধ অতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰ বাবে তেওঁৰ প্ৰতি মই কৃতজ্ঞতা ব্যক্ত কৰিছো। আজি আমাৰ মাজত ‘ইণ্টাৰ গৱৰ্ণমেণ্টেল কনছালটেশ্যনছ’ৰ ৫ ম বৈঠক সম্পন্ন হৈছে। প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এনে তিনিখন বৈঠকত ছেন্সেলৰ মৰ্কেলৰ সৈতে অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল মোৰ। এই ব্যৱস্থাৰে আমাৰ সকলো ক্ষেত্ৰতেসহযোগিতা আৰু অধিক গাঢ় হৈ পৰিছে। আজি যিবোৰ চুক্তি স্বাক্ষৰিত হৈছে, সেয়া এইবোৰ কথাৰেই প্ৰতীক। মই অতিকৈ সুখী যে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই, বিশেষকৈ নতুন আৰু অত্যাধুনিক প্ৰযুক্তি সন্দৰ্ভত আৰু কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হৈছো।
বন্ধুসকল,
২০২২ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পূৰ্ণ হ’ব, আৰু তেতিয়ালৈ আমি নৱ-ভাৰত নিৰ্মাণ কৰাৰ লক্ষ্য হাতত লৈছো। এই অভিলাষী প্ৰয়াসত ভাৰতৰ প্ৰাথমিকতা আৰু প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত জাৰ্মানীৰ প্ৰযুক্তিগত আৰু Economic Power House ৰ ক্ষমতা উপযোগী হ’ব। সেইবাবে, আমি নতুন আৰু উন্নত প্ৰযুক্তি, প্ৰযুক্তিগত বুদ্ধিমত্তা বা কৃত্ৰিম বুদ্ধিমত্তাৰ দক্ষতা, শিক্ষা, চাইবাৰ সুৰক্ষাৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ই-মবিলিটি, ইন্ধন কোষ প্ৰযুক্তি, স্মাৰ্ট চিটি, আভ্যন্তৰীণ জলপথ, সমূদ্ৰ তীৰ ব্যৱস্থাপনা, নদ-নদীৰ পৰিস্কাৰ পৰিচ্ছন্নতা আৰু পৰিনৱেশ সংৰক্ষণত সহযোগিতাৰ ন ন সম্ভাৱনীয়তাৰ বিকশিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইবোৰ ক্ষেত্ৰত আমাৰ সহযোগিতা জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে কৰি অহা ধাৰাবাহিক প্ৰয়াসকো সহায় কৰিব। বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত নিজৰ বৃদ্ধি হোৱা অংশীদাৰীত্ব আৰু বঢ়াবলৈ আমি ব্যক্তিগত খণ্ডক উৎসাহিত কৰিছো। ছেন্সেলৰ আৰু মই দুয়োখন দেশৰ একাধিক উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ীক সাক্ষাৎ কৰিম। আমি জাৰ্মানীক প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰু তামিলনাডুত থকা ডিফেন্স কৰিড’ৰৰ সুযোগ গ্ৰহহণ কৰিবলৈও আহ্বান জনাইছো।
বন্ধুসকল,
ভাৰত আৰু জাৰ্মানীৰ বিশ্বাস আৰু মিত্ৰতাপূৰ্ণ সম্পৰ্ক, গণতন্ত্ৰ, আইন-কানুন শক্তিশালী ভেটিত প্ৰতিষ্ঠিত। ইয়াৰ বাবে, বিশ্বৰ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানবোৰ আমাৰ দৃষ্টিকোণেৰে সমমান। এইবোৰ বিষয়ত আমাৰ মাজত বিস্তাৰভাৱে আলোচনা কৰিম। সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ দৰে বিপদাশংকাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা আৰু ঘনিষ্ঠতা বৃদ্ধি কৰিম। Export control regimes আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সদস্যতাক জাৰ্মানীয়ে জনোৱা সমৰ্থনৰ বাবে আমি কৃতজ্ঞ। দুয়োখন দেশ সুৰক্ষা পৰিষদ, সংযুক্ত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত অন্য আৱশ্যকীয় সংশোধনী শীঘ্ৰে কৰাবৰ বাবে সহযোগিতা আৰু প্ৰয়াস অব্যাহত ৰাখিম।
মাননীয়,
ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ ভৱিষ্যত অতি উজ্জ্বল। ইয়াৰ বাবে মই আপোনাৰ সুনিপুণ নেতৃত্ব আৰু আমাৰ সকলো সহযোগীকে বহুমূলীয়া সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জনাইছো।
আপোনালোক সকলোকে বহু বহু ধন্যবাদ।
***
VRRK/KP/AK/RD
5th biennial India-Germany Inter-Governmental Consultations- PM @narendramodi ‘s Statement to the Media- “चांसलर डॉ मर्केल और उनके डेलीगेशन का भारत में हार्दिक स्वागत करते हुए मुझे बहुत प्रसन्नता हो रही है।”
— PMO India (@PMOIndia) November 1, 2019
PM- चांसलर मर्केल को जर्मनी और यूरोप ही नहीं, बल्कि विश्व की लंबे समय तक सेवा करने वाले प्रमुख नेताओं में गिना जाता है।
— PMO India (@PMOIndia) November 1, 2019
PM- पिछले लगभग डेढ़ दशक से चांसलर के रूप में उन्होंने भारत-जर्मनी संबंधों को प्रगाढ़ करने में महत्वपूर्ण योगदान दिया है। इसके लिए मैं उनके प्रति आभार व्यक्त करता हूं।
— PMO India (@PMOIndia) November 1, 2019
PM- हर दो साल के अंतराल पर होने वाली तीन IGC बैठकों में चांसलर मर्केल के साथ भाग लेने का मुझे सौभाग्य मिला है।इस अनूठी mechanism से हर क्षेत्र में हमारा सहयोग और भी गहरा हुआ है। आज जिन समझौतों, आदि पर हस्ताक्षर हुए हैं, वे इस बात का प्रतीक है।
— PMO India (@PMOIndia) November 1, 2019
PM- मुझे बहुत खुशी है कि भारत और जर्मनी के बीच हर क्षेत्र में, खास तौर पर New and Advanced Technology में दूरगामी और Strategic cooperation आगे बढ़ रहा है।
— PMO India (@PMOIndia) November 1, 2019
PM- सन् 2022 में स्वतंत्र भारत 75 वर्ष का होगा। तब तक हमने New India के निर्माण का लक्ष्य रखा है।
— PMO India (@PMOIndia) November 1, 2019
इस बहुआयामी प्रयास में भारत की प्राथमिकताओं और आवश्यकताओं के लिए जर्मनी जैसे technological और Economic Power House की क्षमताएं उपयोगी होंगी।
PM- हमने New and Advanced Technology, Artificial Intelligence स्किल्स, शिक्षा, Cyber Security जैसे क्षेत्रों में सहयोग बढ़ाने पर विशेष बल दिया है।
— PMO India (@PMOIndia) November 1, 2019
PM- E-mobility, fuel cell technology, smart cities, Inland water ways, Coastal management, नदियों की सफाई और पर्यावरण संरक्षण में सहयोग की नयी संभावनाओं को विकसित करने का हमने फैसला किया है।
— PMO India (@PMOIndia) November 1, 2019
PM- व्यापार और निवेश में अपनी बढ़ती हुई भागीदारी को और गति देने के लिए हम private sector को प्रोत्साहित कर रहे हैं। चांसलर मर्केल और मैं दोनों देशों के कुछ प्रमुख Business और Industry Leaders से मुलाकात करेंगे।
— PMO India (@PMOIndia) November 1, 2019
PM- हम जर्मनी को आमंत्रित करते हैं कि रक्षा-उत्पादन के क्षेत्र में उत्तर प्रदेश और तमिलनाडु में Defence Corridors में अवसरों का लाभ उठाएं।
— PMO India (@PMOIndia) November 1, 2019
PM- भारत और जर्मनी के विश्वास और मित्रतापूर्ण संबंध, Democracy, Rule of law जैसे साझा मूल्यों पर आधारित है। इसलिए, विश्व की गंभीर चुनौतियों के बारे में हमारे दृष्टिकोण में समानता है। इन विषयों पर हमारे बीच विस्तार से चर्चा शाम को जारी रहेगी।
— PMO India (@PMOIndia) November 1, 2019
PM- आतंकवाद और उग्रवाद जैसे खतरों से निपटने के लिए हम bilateral और multilateral सहयोग को और घनिष्ठ बनाएंगे।
— PMO India (@PMOIndia) November 1, 2019
PM- Export control regimes और विभिन्न अंतर्राष्ट्रीय मंचों में भारत की सदस्यता को जर्मनी के सशक्त समर्थन के लिए हम आभारी हैं।
— PMO India (@PMOIndia) November 1, 2019
दोनों देश सुरक्षा परिषद, संयुक्त राष्ट्र और अंतर्राष्ट्रीय व्यवस्था में अन्य आवश्यक सुधार शीघ्र कराने के लिए सहयोग और प्रयास जारी रखेंगे।