Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জিছেট-১১ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিছেট-১১ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতীয় মহাকাশ গৱেষণা ই এক অন্যতম মাইলৰ খুঁটি, যিটোৱে দুৰ্গম অঞ্চলক সংযোগ কৰি কোটি কোটি ভাৰতীয়ৰ জীৱন সলনি কৰিব! আটাইতকৈ গধূৰ, সৰ্ববৃহৎ তথা অত্যাধূনিক প্ৰযুক্তিসম্পন্ন জিছেট-১১ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছো৷

আমাৰ বিজ্ঞানীসকলৰ এই কৃতিত্বত প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত, যিসকলে নতুনত্ব উদ্ভাৱন, উন্নত মানদণ্ড, কৃতিত্ব আৰু সফলতাৰে প্ৰতিষ্ঠা কৰিছে৷ তেওঁলোকৰ উল্লেখযোগ্য প্ৰচেষ্টাই প্ৰতিগৰাকী ভাৰতীয়ক প্ৰেৰণা যোগায়৷”

***

AKT/KP/DB