পি এম ইণ্ডিয়া
সন্মানীয় ব্যক্তিগণ
প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।
আমি এনে প্ৰযুক্তিৰ প্ৰয়োগক প্ৰসাৰিত কৰিব লাগিব যিবোৰ ‘বিত্ত কেন্দ্ৰিক’ নহয়, ‘মানৱকেন্দ্ৰিক’, যিবোৰ কেৱল ‘ৰাষ্ট্ৰীয়’ নহয়, ‘গোলকীয়’ আৰু যিবোৰে ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ আৰ্হি অনুসৰণ কৰে। ভাৰতে এই দৃষ্টিভংগীকে নিজৰ সকলো প্ৰযুক্তি প্ৰকল্পতে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।
ঠিক এই কাৰণেই ভাৰতে আজি বিশ্বৰ ভিতৰতে সৰ্বাধিক ডিজিটেল পেমেণ্টৰ ৰেকৰ্ড গঢ়ি তুলিছে। মহাকাশ প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তালৈকে আমি প্ৰতিটো খণ্ডতে ইতিবাচক আৰু বহল ভিত্তিৰ অংশগ্ৰহণৰ সাক্ষী হৈ আছো।
বন্ধুসকল,
এআইৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী তিনিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত – ন্যায্য প্ৰৱেশ, জনসংখ্যাৰ পৰিসৰৰ দক্ষতা, আৰু দায়িত্বশীল নিয়োগ। ভাৰত–এআই মিছনৰ অধীনত আমি সুলভ উচ্চ কাৰ্যক্ষম কম্পিউটিং বিকশিত কৰিছো , যাতে এআইৰ সুবিধাসমূহ প্ৰতিখন জিলা আৰু প্ৰতিটো ভাষালৈ যায়। ইয়াৰ দ্বাৰা মানৱ উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিসৰ আৰু গতি দুয়োটা লাভ কৰিব পৰা যাব।
একে সময়তে আমি সকলোৱে নিশ্চিত কৰিব লাগিব যে এআইক বিশ্বব্যাপী মংগলৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ অপব্যৱহাৰ ৰোধ কৰা হয়। ইয়াৰ বাবে আমাক এআইৰ ওপৰত এটা গ্ল’বেল কম্পেক্টৰ প্ৰয়োজন, যিটো কিছুমান মৌলিক নীতিৰ ওপৰত নিৰ্মিত। ইয়াৰ ভিতৰত ফলপ্ৰসূ মানৱ তদাৰকী, ডিজাইন অনুসৰি সুৰক্ষা, স্বচ্ছতা, আৰু ডিপফেক, অপৰাধ, আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এআই ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আদি অন্তৰ্ভুক্ত হ’ব লাগে।
মানৱ জীৱন, নিৰাপত্তা বা জনসাধাৰণৰ আস্থাত প্ৰভাৱ পেলোৱা এআই ব্যৱস্থাসমূহ দায়বদ্ধ আৰু নিৰীক্ষণযোগ্য হ’ব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এআইয়ে মানুহৰ সামৰ্থ্য বৃদ্ধি কৰিব পাৰে যদিও সিদ্ধান্ত গ্ৰহণৰ চূড়ান্ত দায়িত্ব সদায় মানুহৰ ওপৰত থাকিব লাগিব।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে আয়োজন কৰিব এ আই ইমপেক্ট ছামিট, যাৰ বিষয়বস্তু হ’ব: সৰ্বজন হিতায়া, সৰ্বজন সুখায়া – সকলোৰে কল্যাণ, সকলোৰে বাবে সুখ। আমি জি-২০ৰ সকলো দেশকে এই সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছো।
বন্ধুসকল,
এআইৰ এই যুগত আমি আমাৰ দৃষ্টিভংগীক ‘আজিৰ চাকৰি’ৰ পৰা ‘কাইলৈৰ সামৰ্থ্য’লৈ দ্ৰুতগতিত স্থানান্তৰিত কৰিব লাগিব। দ্ৰুত উদ্ভাৱনৰ বাবে প্ৰতিভাৰ গতিশীলতা মুকলি কৰাটো অতি প্ৰয়োজনীয়। নতুন দিল্লী জি-২০ সন্মিলনত আমি এই বিষয়ত অগ্ৰগতি লাভ কৰিলোঁ। আমি আশা কৰোঁ যে অনাগত বছৰবোৰত জি-২০-এ প্ৰতিভাৰ গতিশীলতাৰ বাবে এক বিশ্বব্যাপী কাঠামো গঢ়ি তুলিব।
বন্ধুসকল,
ক’ভিড যুগে বিশ্বব্যাপী যোগান শৃংখলৰ দুৰ্বলতা উদঙাই দিলে। সেই প্ৰত্যাহ্বানমূলক সময়তো ভাৰতে ১৫০ খনতকৈও অধিক দেশক ভেকচিন আৰু ঔষধ যোগান ধৰিছিল। দেশসমূহক কেৱল বজাৰ হিচাপে চাব নোৱাৰি; আমি সংবেদনশীল আৰু দীৰ্ঘম্যাদী পন্থা গ্ৰহণ কৰিব লাগিব।
ভাৰতৰ বাৰ্তা স্পষ্ট:
· উন্নয়ন বহনক্ষম হ’ব লাগিব,
· বাণিজ্যক বিশ্বাস স্থাপন কৰিব লাগিব,
· বিত্ত ন্যায্য হ’ব লাগিব,
· আৰু প্ৰগতিয়ে সৰ্বাংগীন সমৃদ্ধি নিশ্চিত কৰিব লাগিব।
তেতিয়াহে আমি সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত গঢ়ি তুলিব পাৰিম।
ধন্যবাদ।
ঘোষণা : এয়া প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ থুলমূল অনুবাদ। মূল বক্তব্য তেওঁ হিন্দীত প্ৰদান কৰিছিল ।
****
MJPS/SR/AK/DM
The third session of the G20 Summit in Johannesburg focussed on ensuring a fair and just future for all, with a focus on sectors such as critical minerals, AI and more. In my remarks, I called for promoting technology that is human centric, global and open source instead of… pic.twitter.com/QYaW7xJ7wh
— Narendra Modi (@narendramodi) November 23, 2025
India looks forward to welcoming the world to the AI Impact Summit in February 2026. We have picked the theme of Sarvajana Hitaya, Sarvajana Sukhaya or welfare for all, happiness for all.
— Narendra Modi (@narendramodi) November 23, 2025
In this era of AI, the approach must shift from thinking about 'jobs for today' to 'capabilities for tomorrow.' We hope that in the next few years, the G20 will develop a global framework for talent mobility. This will boost innovation and benefit the youth of our planet.
— Narendra Modi (@narendramodi) November 23, 2025
During the third G20 session in Johannesburg, PM @narendramodi presented India’s vision for the G-20 Global Framework for Talent Mobility to help countries prepare for the AI era with future-ready skills and stronger collaboration. pic.twitter.com/ZD54PkzUub
— PMO India (@PMOIndia) November 23, 2025