Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জি-২০ সন্মিলনৰ আজৰি সময়ত ব্ৰিকছ নেতাৰে বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ


 

মহামান্যসকল,

প্ৰথমতে মই বোলছোনাৰোক ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছো৷ আৰু ব্ৰিকছ পৰিয়াললৈ তেওঁক আদৰণিও জনাইছো৷ মই ৰাষ্ট্ৰপতি বোলছোনাৰোক এই বৈঠক আয়োজনৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ এই সুযোগত আমাৰ বন্ধু ৰামাফোছাক পুনৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মই অভিনন্দন আৰু শুভকামনা জনাইছো৷

মহামান্যসকল,
এই ধৰণৰ অনানুষ্ঠানিক আলোচনাৰ মাজেৰে আমি জি-২০ৰ মুখ্য বিষয়ৰ ওপৰত পৰস্পৰৰ সৈতে সমন্বয়ৰ সুযোগ লাভ কৰো৷
আজি মই তিনিটা মুখ্য প্ৰত্যাহ্বানৰ ওপৰত মনোনিৱেশ কৰিম৷ প্ৰথম, বিশ্ব অৰ্থনীতিৰ মণ্ডাৱস্থা আৰু অনিশ্চয়তা৷ নিয়মৰ ওপৰত আধাৰিত বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ব্যৱস্থাৰ ওপৰত একপক্ষীয় নিৰ্ণয় আৰু প্ৰতিদ্বন্দ্বীতা বৃদ্ধি পাব ধৰিছে৷ আনহাতে, সম্পদৰ অভাৱ এই তথ্যত স্পষ্ট হয় যে সম্ভৱনাময় বজাৰ অৰ্থনীতিৰ আন্তঃগাথনিত বিনিয়োগৰ বাবে প্ৰায় ১.৩ ট্ৰিলিয়ন ডলাৰৰ অভাৱ আছে৷

দ্বিতীয়টো বৃহৎ প্ৰত্যাহ্বান হ’ল বিকাশ আৰু প্ৰগতিক ব্যাপক আৰু বহনক্ষম কৰি তোলা৷ তীব্ৰ গতিৰে সলনি হোৱা প্ৰযুক্তি যেনে ডিজিটেলকৰণ আৰু জলবায়ু পৰিৱৰ্তন কেৱল আমাৰ বাবেই নহয়, আহিবলগীয়া প্ৰজন্মৰ বাবেও চিন্তাৰ বিষয়৷ বিকাশ তেতিয়াহে প্ৰকৃত অৰ্থত বিকাশ হ’ব, যেতিয়া ই অসমতা হ্ৰাস কৰে আৰু সৱলীকৰণত আগভাগ লয়৷ সন্ত্ৰাসবাদ মানৱতাৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান৷ ইয়ে নিৰপৰাধী লোকৰ প্ৰাণ কাঢ়ি নিয়ে লগতে আৰ্থিক প্ৰগতি আৰু সামাজিক সুস্থিৰতাৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ সন্ত্ৰাসবাদক সমৰ্থন আৰু সহায় কৰা সকলো পথ আমি বন্ধ কৰিব লাগিব৷

মহামান্যসকল,
এই সমস্যাসমূহ নিৰ্মূল কৰাতো যদিও ইমান সহজ নহয়, তথাপি নিৰ্ধাৰিত সময়ৰ ভিতৰত মই ৫টা পৰামৰ্শ আগবঢ়াব বিচাৰো—

)ব্ৰিকছ দেশসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে একপক্ষীয় সিদ্ধান্তৰ কুপ্ৰভাৱ কিছু পৰিমাণে আমি নোহোৱা কৰিব পাৰো৷ সংশোধিত বহুপক্ষীয়তাবাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰু ব্যৱসায়িক সংস্থা তথা সংগঠনৰ প্ৰয়োজনীয় সংশোধনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷

) ধাৰাবাহিক আৰ্থিক বিকাশৰ বাবে প্ৰয়োজনীয় শক্তি সম্পদ যেনে তেল আৰু গেছ কম মূল্যত ধাৰাবাহিকভাৱে উপলব্ধ হোৱা উচিত৷

) নিউ ডেভেলাপমেণ্ট বেংকৰদ্বাৰা সদস্য ৰাষ্ট্ৰসমূহৰ ভৌতিক আৰু সামাজিক আন্তঃগাথনি তথা নৱীকৰণযোগ্য শক্তি কাৰ্যক্ৰমত বিনিয়োগে অধিক গুৰুত্ব লাভ কৰা উচিত৷ Coalition for Disaster Resilient Infrastructureৰ বাবে ভাৰতৰ পদক্ষেপ অনুন্নত আৰু বিকাশশীল দেশৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পৰাকৈ পৰ্যাপ্ত আন্তঃগাথনিত সহায়ক বিবেবিত হ’ব৷ এই ক্ষেতত্ৰত মই আপোনালোকৰ অন্তৰ্ভুক্তি আশা কৰিছো৷

) বিশ্বজুৰি দক্ষ কাৰিকৰৰ অহা-যোৱা সৰল হোৱা উচিত৷ ইয়াৰ ফলত সেই দেশৰো লাভ হ’ব য’ত জনসংখ্যাৰ এটা বৃহৎ অংশই কামকাজৰ বয়স অতিক্ৰম কৰিছে৷
) মই শেহতীয়াকৈ সন্ত্ৰাসবাদক লৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আহ্বান জনাইছো৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰয়োজনীয় সহমতিৰ অভাৱে আমাক নিষ্ক্ৰিয় কৰিব নোৱাৰে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজক প্ৰাধান্য দিয়াৰ বাবে মই ব্ৰাজিলক বিশেষভাৱে প্ৰশংসা কৰিছো৷

মহামান্যসকল,

ব্ৰাজিলিয়াত অনুষ্ঠিত হবলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰিছো৷ এই সন্মিলনক সফল কৰিবলৈ ভাৰতে পূৰ্ণ সহযোগ কৰিব৷

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷

****

AKT/KP/MS