Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জ্ঞান, প্রজ্ঞা আৰু দূৰদৰ্শিতাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জ্ঞান, প্রজ্ঞা আৰু দূৰদৰ্শিতাৰ দৰে গুণবোৰ হৈছে জীৱনৰ সফলতাৰ ভেটি। তেওঁ উল্লেখ কৰে যে এই গুণবোৰেৰে সমৃদ্ধ এজন ব্যক্তিয়ে আনকি আটাইতকৈ কঠিন প্ৰত্যাহ্বানবোৰো অতিক্ৰম কৰিবলৈ সক্ষম হয় আৰু বিজয়ী হিচাপে পৰিগণিত হয়।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে –

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

এই হিতোপদেশে বুজাইছে যে কোনো এটা বিষয়ৰ প্ৰামাণিক জ্ঞান, স্বাভাৱিক বিচক্ষণতা, নিৰ্ভীক আত্মবিশ্বাস, অনুশীলনৰ জৰিয়তে শুদ্ধ কৰা শক্তিশালী ভাষ্য, সময় অনুসৰি চাহিদাৰ চিনাক্তকৰণৰ দূৰদৰ্শিতা আৰু নিত্য নতুন প্ৰজ্ঞা, এই ছটা গুণ মানুহৰ প্ৰতিটো প্ৰচেষ্টাত ‘কামধেনু’ ৰ দৰে প্ৰমাণিত হয়, যি প্ৰতিটো লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“জ্ঞান, প্রজ্ঞা আৰু দূৰদৰ্শিতাৰ দৰে গুণবোৰ হৈছে জীৱনত সফলতাৰ মূল চাবিকাঠি। এইবোৰৰ দ্বাৰা সমৃদ্ধ এজন ব্যক্তি আনকি আটাইতকৈ কঠিন প্ৰত্যাহ্বানতো বিজয়ী হয়।

शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।

कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥”

*****************

MJPS/SS/ST/HS