Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জ্যেষ্ঠ কবি কেদাৰনাথ সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ কবি কেদাৰনাথ সিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহান কবি, লেখক কেদাৰনাথৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। এইগৰাকী কবিয়ে তেওঁৰ কবিতাত ৰাজহুৱা জীৱনৰ অনুভূতিসমূহক স্থান দিছিল। তেওঁ সাহিত্য জগতৰ লগতে সাধাৰণ লোকসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰ’ব।”
উল্লেখ্য যে ২০১৩ চনত কেদাৰনাথ সিঙক জ্ঞানপীঠ বঁটাৰে সন্মানীত কৰা হৈছিল। “অভি বিলকূল অভি”, “জমীন পক ৰহি হ্যে” আৰু “অকল মে সৰছ” ইত্যাদি সাহিত্য কৰ্মৰ বাবে তেওঁ বিখ্যাত হৈ পৰিছিল।

******
AKT/HS/DB