পি এম ইণ্ডিয়া
মহামহিম,
১৪০ কোটি ভাৰতীয়ৰ হৈ মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰত আৰু জৰ্ডানৰ সম্পৰ্কক এক নতুন পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আপুনি অতিশয় ইতিবাচক ধাৰণা আগবঢ়াইছে। আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
এইবাৰ আমি আমাৰ ৰাজনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছো। এই উপলক্ষই আমাক আগন্তুক বহু বছৰলৈ নতুন শক্তিৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ এই বৈঠকে আমাৰ সম্পৰ্কক এক নতুন গতি আৰু গভীৰতা প্ৰদান কৰিব বুলি মোৰ বিশ্বাস জন্মিছে। আমি বাণিজ্য, সাৰ, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আদি ক্ষেত্ৰত সহযোগিতা অধিক বৃদ্ধি কৰিম।
মহামহিম,
বিশ্ব পৰ্য্যায়তো আমি ঘনিষ্ঠ যোগাযোগ অব্যাহত ৰাখিছো। আৰম্ভণিৰে পৰাই আপুনি গাজা সন্দৰ্ভত অতিশয় সক্ৰিয় আৰু ইতিবাচক ভূমিকা পালন কৰি আহিছে। এই অঞ্চলত শান্তি আৰু সুস্থিৰতাই বিৰাজ কৰিব বুলি আমি সকলোৱে আশা কৰোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি এক স্পষ্ট আৰু ঐক্যবদ্ধ স্থিতি গ্ৰহণ কৰিছো। আপোনাৰ নেতৃত্বত জৰ্ডানে সন্ত্ৰাসবাদ, উগ্ৰবাদ, আতংকবাদৰ বিৰুদ্ধে সমগ্ৰ মানৱ জাতিলৈ এক শক্তিশালী আৰু কৌশলগত বাৰ্তা প্ৰেৰণ কৰিছে। সীমিত বৈঠকৰ সময়ত আমি এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতাক অধিক সুদৃঢ়কৰণৰ সম্পৰ্কে আলোচনা কৰিলোঁ। ২০১৮-ত আপোনাৰ ভাৰত ভ্ৰমণৰ সময়ত আমি ইছলামিক ঐতিহ্য সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰিছিলো। এই কথাও মনত আছে যে ২০১৫-ত ৰাষ্ট্ৰসংঘত হিংসাত্মক উগ্ৰবাদ প্ৰতিহতকৰণক কেন্দ্ৰ কৰি আয়োজিত এক অনুষ্ঠানত আমাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। তেতিয়াও আপুনি এই বিষয়ত প্ৰেৰণাদায়ক মন্তব্য আগবঢ়াইছিল। মধ্যস্থতাক প্ৰসাৰিত কৰাৰ বাবে আপোনাৰ প্ৰচেষ্টা কেৱল আঞ্চলিক শান্তিৰ বাবেই নহয়, বৰঞ্চ বিশ্ব শান্তিৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। আমি একেলগে এই দিশত সুনিৰ্দিষ্টভাৱে আগবাঢ়ি যাম। আমি আমাৰ পাৰস্পৰিক সহযোগিতাৰ আন সকলো মাত্ৰাকে অধিক গভীৰ কৰিম। আকৌ এবাৰ আপোনাক আৰু জৰ্ডানৰ জনসাধাৰণক আপোনালোকৰ সৌহাদ্যপূৰ্ণ আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো।
***
MJPS/VJ/VK/SB
Sharing my remarks during meeting with His Majesty King Abdullah II of Jordan.@KingAbdullahII https://t.co/KvRB9zkeX8
— Narendra Modi (@narendramodi) December 15, 2025