Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টাইপেইত ভাৰত টাইপেই সংস্থা আৰু ভাৰতত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ স্বাক্ষৰত কেবিনেটৰ অনুমোদন প্ৰদান


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে টাইপেইত ভাৰত টাইপেই সংস্থা (আইটিএ) আৰু ভাৰতত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ (টিইচিচি) মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইএ)ৰ স্বাক্ষৰত অনুমোদন প্ৰদান কৰিছে৷

এই বিআইএৰ জৰিয়তে দুয়োপক্ষৰ মাজত বিনিয়োগ বৃদ্ধি হ’ব৷ ই আইটিএ আৰু টিইচিচিৰ মাজত বিনিয়োগক উপযুক্ত সুৰক্ষা প্ৰদান কৰিব৷ এই বিআইএৰ দ্বাৰা বিনিয়োগকাৰীয়ে স্বাচ্ছন্দ্যৰে বিনিয়োগ কৰাৰ নিশ্চিতি লাভৰ লগতে বিনিয়োগৰ পৰিবেশো সৃষ্টি কৰাত সহায়ক হ’ব৷ ই ভাৰতক বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ (এফডিআই)ৰ লক্ষ্যস্থান হিচাপে পৰিচিত কৰাত সহায় কৰিব৷ 

*****

NW/AKT/SH/MANN