পি এম ইণ্ডিয়া
মহামহিম,
আপোনাৰ উষ্ম আদৰণিৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ কাজানত আমাৰ মাজত অতিশয় ফলপ্ৰসূ আলোচনা সম্পন্ন হৈছিল, যি আলোচনাই আমাৰ সম্পৰ্কক এক ইতিবাচক মাত্ৰা প্ৰদান কৰিছিল। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু সুস্থিৰতাৰ পৰিবেশ গঢ় লৈ উঠিছে। আমাৰ বিশেষ প্ৰতিনিধিসকলে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হৈছে। কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে আৰু দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে। আমাৰ মাজৰ সহযোগিতা আমাৰ উভয় ৰাষ্ট্ৰৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থৰে সম্পৰ্কীয়। ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।
মহামহিম,
এছচিঅ’-ত চীনৰ সফল অধ্যক্ষতাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। চীন ভ্ৰমণলৈ আমন্ত্ৰণ আৰু আজিৰ বৈঠকৰ বাবে আকৌ এবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।
***
MJPS/VJ/VK/SB
Sharing my remarks during meeting with President Xi Jinping. https://t.co/pw1OAMBWdc
— Narendra Modi (@narendramodi) August 31, 2025