Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’ট’ৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


ভাৰত ভ্ৰমণলৈ অহা টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’টে বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান শক্তিশালী কূটনৈতিক সম্পৰ্কৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টেক্সাছৰ সৈতে বাণিজ্য, শক্তি, উদ্যোগ, শিক্ষা আৰু জনসাধাৰণৰ পৰস্পৰে পৰস্পৰৰ যোগাযোগ সম্বন্ধৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰে৷ এই মৈত্ৰী অধিক শক্তিশালী কৰাৰ সপক্ষে দুয়োগৰাকী নেতাই মতপোষণ কৰে৷

গৱৰ্ণৰ এব্ব’টে টেক্সাছ তথা আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ অৰিহণাৰ শলাগ লয়৷

***

AKT/KP/VK/MANN