Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টেলিমেট্ৰি ট্ৰেকিং আৰু টেলিকমাণ্ড ষ্টেচনৰ বাবে উপগ্ৰহ আৰু উৎক্ষেপণ যানৰ লগতে মহাকাশ গৱেষণা, বিজ্ঞান আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ব্ৰুনেই ডাৰুছেলামৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত টেলিমেট্ৰি ট্ৰেকিং আৰু টেলিকমাণ্ড ষ্টেচনৰ বাবে উপগ্ৰহ আৰু উক্ষেপণ যানৰ লগতে মহাকাশ গৱেষণা, বিজ্ঞান আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ব্ৰুনেই ডাৰুছেলামৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে। ২০১৮ৰ ১৯ জুলাইত নতুন দিল্লীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হৈছিল।

এই বুজাবুজি চুক্তিখন ফলত ভাৰতৰ মহাকাশ উৎক্ষেপণ যান আৰু উপগ্রহ প্রেৰণ অভিযানসমূহক সার্থক কৰি তুলিবলৈ উৎক্ষেপণ কেন্দ্রসমূহৰ সুস্থ পৰিচালনা, ৰক্ষণাবেক্ষণ আৰু তাৰ উন্নয়ন অব্যাহত ৰখা সম্ভৱ হৈ পৰিবএকেদৰে, মহাকাশ প্রযুক্তিৰ প্রয়োগৰ ক্ষেত্রত সেই দেশৰ বিষয়া আৰু শিক্ষাৰ্থীৰ প্রশিক্ষণ প্ৰদানৰ জৰিয়তে মহাকাশৰ বিভিন্ন কাম-কাজত ভাৰতে ইয়াৰ বিশেষজ্ঞ আৰু অভিজ্ঞতা বিনিময় কৰিব পাৰিব

এই বুজাবুজি চুক্তিৰ ফলত হোৱা সহযোগিতাই ভাৰত গ্ৰাউণ্ড ষ্টেচনৰ কাম-কাজ, পৰিচালনা আৰু ব্যৱস্থাপনাত নেতৃত্ব বহন কৰাৰ লগতে ভাৰতৰ মহাকাশ উৎক্ষেপণ আৰু উপগ্ৰহ অভিযানত সহায়ক হব। এই বুজাবুজি চুক্তিৰ ফলত সামগ্রিকভাৱে দেশৰ সমগ্র অঞ্চল আৰু সকলো শ্রেণীৰ লোক উপকৃত হ

বুজাবুজি চুক্তিখনে উৎক্ষেপণ কেন্দ্রসমূহৰ পৰিচালনাত নতুন গৱেষণাৰ সম্ভাৱনা তথা মহাকাশ প্রযুক্তিৰ প্রয়োগত প্রশিক্ষণ প্ৰদানৰ ক্ষেত্রত সহায়ক কৰিব

****

AKT/SH/DB