Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ট্ৰেড ইউনিয়নক স্বীকৃতি প্ৰদানৰ বাবে ট্ৰেড ইউনিয়ন অধিনিয়ম, ১৯২৬ৰ সংশোধনীক কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ট্ৰেড ইউনিয়নক স্বীকৃতি প্ৰদান কৰাৰ বাবে ট্ৰেড ইউনিয়ন অধিনিয়ম, ১৯২৬ৰ সংশোধনীক অনুমোদন প্ৰদান কৰিছে৷

লাভসমূহঃ

এই অনুমোদনৰ দ্বাৰা হোৱা লাভসমূহঃ

) কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত ট্ৰেড ইউনিয়নসমূহৰ স্বীকৃতি

) ত্ৰিদলীয় সংস্থাত কৰ্মীসকলৰ প্ৰকৃত উপস্থাপনৰ নিশ্চিতি;

) চৰকাৰৰ দ্বাৰা কৰ্মীসকলৰ প্ৰতিনিধিৰ বিধিবহিৰ্ভূত মনোনয়নৰ পৰীক্ষণ; আৰু

) মোকৰ্দমা আৰু ঔদ্যোগিক অশান্তি হ্ৰাস৷

প্ৰস্তাৱিত এই অধিনিয়মে চৰকাৰৰ ত্ৰিদলীয় সংস্থাত কৰ্মীসকলৰ মনোনয়ন অধিক স্বচ্ছ কৰিব৷ ইয়াৰ দ্বাৰা ঔদ্যোগিক সদ্ভাৱ বৰ্তাই ৰখাৰ বাবে ট্ৰেড ইউনিয়নসমূহ অধিক দায়ৱদ্ধ ব৷ কেন্দ্ৰ/ৰাজ্য চৰকাত ট্ৰেড ইউনিয়নৰ স্বীকৃতিয়ে বিভিন্ন বিভাগত সংঘটিত নকল কাৰ্যসমূহ হ্ৰাস কৰিব৷ স্বীকৃতিপ্ৰাপ্ত ট্ৰেড ইউনিয়নসমূহক কেন্দ্ৰ অথবা ৰাজ্যিক পৰ্যায়ত বিশেষ কিছুমান দায়িত্ব পালন কৰিবলৈ দিয়া পাৰে৷ 

****

AKT/SH/MANN