পি এম ইণ্ডিয়া
ঠাকুৰ সাংস্কৃতিক সমন্বয় পুৰস্কাৰ লাভ কৰা সকলো বিজয়ীলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো। শ্ৰী ৰাজকুমাৰ সিংহজিত সিং, শ্ৰী ৰাম সুতাৰজী ছায়ানাটৰ সন্মান, কলাৰ সন্মান, সংস্কৃতিৰ বাবে সন্মান আৰু লগতে জ্ঞানৰো সন্মান।
সংস্কৃতি যিকোনো দেশৰ বাবেই প্ৰাণবায়ুস্বৰূপ। ইয়াৰ দ্বাৰাই দেশৰ পৰিচয় আৰু অস্তিত্বই শক্তি লাভ কৰে। যিকোনো দেশৰ সন্মান আৰু সেই দেশৰ আয়ুস সংস্কৃতিৰ পৰিপক্কতা আৰু সাংস্কৃতিক শিপাৰ দৃঢ়তাৰ ভেটিতেই নিৰ্ণয় হয়।
ভাৰতৰ হাতত আছে কেবা হেজাৰ বছৰৰ সাংস্কৃতিক ঐতিহ্য, এই সাংস্কৃতিক ঐতিহ্যই দশৰ পৰাধীনতা, বহিৰাষ্ট্ৰৰ আক্ৰমণ আদিৰ পিছতো আজিও সগৌৰৱে থিয় হৈ আছে, সেই সকলো পৰিতিকূল অৱস্থাৰ প্ৰত্যাহ্বানো নেওচি আজিও স্থবিৰ প্ৰবাহমান হৈ আছে। এয়া সম্ভৱ হোৱাৰ আঁৰত আছে স্বামী বিবেকানন্দজী আৰু গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰে বহু মনীষীৰ অৱদান।
ভৰতৰ সামস্কৃতিক সামৰ্থ্য এডাল বহুৰঙী মালাৰ লেখীয়া, য’ত থকা বিভিন্ন ৰঙৰ ফুলে বিভিন্ন ধৰণৰ শক্তি প্ৰদান কৰি আহিছে।
ভাৰতৰ এই শক্তিকেই গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰে হৃদয়ঙ্গম কৰিব পাৰিছিলআৰু তেওঁৰ দ্বাৰা বিৰচিত ৰবীন্দ্ৰ সংগীতত এই বৈচিত্ৰতাক সামৰি ৰাখিছিল। ৰবীন্দ্ৰ সংগীতত সমগ্ৰ ভাৰতৰ বৈচিত্ৰতা সমাহিতহৈ আছে আৰু এয়া ভাষাৰ বান্ধোনেৰেও ভৰি আছে।
গুৰুদেৱে লোককলা আৰু পৰম্পৰাগত নৃত্যক দেশৰ সংস্কৃতিৰ পৰিচায়ক হিচাপে গণ্য কৰিছিল। মণিপুৰী নৃত্যগুৰু নৱকুমাৰ সিং তেওঁৰ দ্বাৰা কিমান প্ৰভাৱিত আছিল সেয়া তেওঁ শান্তি নিকেতনলৈ গৈহে জানিব পাৰিছিল।
আজি ঠাকুৰ সন্মানেৰে সন্মানিত শ্ৰী ৰাজকুমাৰ সিংহজিত সিং সেই সমৃদ্ধ সংস্কৃতিকেই প্ৰতিনিধিত্ব কৰে। ৰাজকুমাৰ জী মণিপুৰী নৃত্যৰ প্ৰচাৰ প্ৰসাৰৰ প্ৰতি সদায়েই সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে। তেওঁ মণিপুৰী নৃত্য পৰম্পৰাৰ মাধ্যমেৰে সাংস্কৃতিক সদ্ভাৱনাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা পালন কৰি আহিছে। আশা কৰিছো তেওঁ অনাগত দিনবোৰতো এইক্ষেত্ৰত তেওঁৰ অৱদান আগবঢ়াই যাব। এই পুৰস্কাৰৰ বাবে তেওঁক মোৰ আন্তৰিক অবিনন্দন জনাইছো।
বন্ধুসকল, গুৰুদেৱ সকলো সীমাৰে উৰ্ধ্বত আছিল। তেওঁ প্ৰকৃতি আৰু মানৱতাৰ প্ৰতি সমৰ্পিত আছিল। গুৰুদেৱে সমগ্ৰ বিশ্বকে নিজৰ ঘৰ বুলি জ্ঞান কৰিছিল, ঠিক তেনেদৰে সমগ্ৰ বিশ্বইয়ো তেওঁক সমানেই আদৰ কৰিছিল, আকোৱালি লৈছিল। আজিও আফগানী লোকসকলৰ মুখে মুখে কাবুলিৱালাৰ কাহিনী চৰ্চিত। আজিও বিশ্বৰ বিভিন্ন চহৰত তেওঁৰ নামৰ সৈতে জড়িত বহু স্মৃতি আছে, বহু প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত তেওঁৰ নামৰ আসন আছে। চাৰে তিনিবছৰ পূৰ্বে যেতিয়া মই তাজিকিস্তানলৈ গৈছিলো, তেতিয়া তাত গুৰুদেৱৰ এক প্ৰতিমা উন্মোচনৰ সুবিধা লাভ কৰিছিলো মই।
বন্ধুসকল, এনে ঘটনা বহু কমেই হয় যে কোনো বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত দুখনকৈ দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকে। এয়া আছিল গুৰুদেৱ প্ৰতি আত্মিকতা, সেয়া আচিল তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা, যাৰ বাবে বিশ্বভাৰতীৰ দীক্ষান্ত সমাৰোহত মোৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও উপস্থিত আছিল।
গুৰুদেৱৰ ৰচনা আমাৰ সোণাৰ বাংলা সমগ্ৰ বাংলাদেশৰেই চিনাকি বুলিলেও ভুল কোৱা নহ’ব, সেয়া দেশখনৰ ৰাষ্ট্ৰীয় সংগীত হিচাপেও পৰিচিত। ভাৰত আৰু বাংলাদেশৰ এই সাংস্কৃতিক সমন্বয়ক ছায়ানটে আৰু অধিক শক্তিশালী কৰি তুলিছে। ছায়ানটৰ মানৱতাবাদী আৰু সাংস্কৃতিক মূল্যবোধে গুৰুদেৱৰ চিন্তাধাৰাক অভিব্যক্ত কৰে। আজি তেওঁ লাভ কৰা সন্মানৰ বাবে বহু বহু শুভেচ্ছা জনাইছো।
বন্ধুসকল, গুৰুদেৱৰ কথা ওলালেই সততে মই গুৰুদেৱে গুজৰাটত অতিবাহিত কৰা দিনবোৰৰ কথা কওঁ। তেওঁৰ ভাতৃ আহমদাবাদৰ আয়ুক্ত আছিল আৰু নিজৰ ভাতৃৰ লগত থকা অৱস্থাত তেওঁ ভালেমান কবিতা ৰচনা কৰিছিল। গুৰুদেৱৰ ৰচনাই জন-গণ-মনৰ যি চিন্তাধাৰাৰ জন্ম দিয়ে, সেই চিন্তাধাৰাকেই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ স্বপ্ন দেখা চৰ্দাৰ বল্লভ ভাই পেটেলে অদিক সুদৃঢ় কৰিছে।
মই অতিকৈ আনন্দিত যে এই দুয়োগৰাকী মহানায়ককে সমগ্ৰ দেশে শ্ৰদ্ধাৰে সুঁৱৰিছে। শ্ৰী ৰাম সুতাৰজী আজি গুৰুদেৱ আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰ মাজত এক সেঁতু স্থাপন কৰিছে। সুতাৰজীয়ে ষ্টেছ্যু অৱ ইউনিটিৰ মাধ্যমেৰে সমগ্ৰ দেশকেই গৌৰৱান্বিত কৰিছিল। ৰাষ্ট্ৰীয় একতাৰ ভাৱনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় লোকসকলৰ মাজত গৌৰৱৰ ভেটি শক্তিশালী কৰা সুতাৰজীক আজি এই মুহুৰ্ত্তত বহু বহু অভিনন্দন জনাইছো। আৰু এতিয়া মই তেখেতৰ ভাষণ শুনিছো, তেখেতে ৯৩ বছৰ ডেওনা অতিক্ৰম কৰিছে, কিন্তু তেওঁৰ ভাষণৰ মূলমন্ত্ৰ এয়াই আছিল যে এতিয়াও তেওঁৰ যেন কৰিবলগীয়া কাম বহু আছে। এই কথাই দেশৰ যুৱ প্ৰজন্মক নিশ্চিতভাৱে প্ৰেৰণা দিব।
বন্ধুসকল, গুৰুদেৱৰ কৃতিত্ব আৰু তেওঁৰ বাৰ্তাসমূহ সদায়েই সময়, কাল আৰু পৰিস্থিতিৰ উৰ্ধ্বত। মানৱতা ৰক্ষাৰ বাবে তেওঁ যি আগ্ৰহ প্ৰকাশ কৰি আহিছে, সেই আগ্ৰহক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজি বিশ্বত যিধৰণৰ প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ’বলৈ গুৰুদেৱে শিকাই যোৱা পথেৰে অগ্ৰসৰ হোৱাটো অধিক প্ৰাসঙ্গিক হৈ পৰিছে।
মই গুৰুদেৱৰ এফাঁকি কবিতাৰে মোৰ ভাষণ শেষ কৰিবলৈ বিচাৰিছো –
গুৰুদেৱে লিখিছিল –
”I slept and dreamt that life was joy.
I awoke and saw that life was service.
I acted and behold, service was joy.
অৰ্থাত্,
”মই শুলো আৰু সপোন দেখিলো যে জীৱন আনন্দময়
মই সাৰ পালো আৰু দেখিলো যে জীৱন এক সেৱা
মই সেৱাৰ প্ৰতি ধাবিত হলো আৰু দেখিলো যে সেৱাই প্ৰকৃত আনন্দ’
আমি সকলোৱেই এই সেৱাৰ চিন্তা ধাৰা নিজৰ মাজত সমাহিত কৰি ৰাখিব লাগে, দেশৰ সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবৰ বাবে কাম কৰি যাব লাগে, এই কামনাৰেই আপোনালোক সকলোকে ধন্যবাদ জনাইছো।
এই ছেগতে ৰাষ্ট্ৰপতি মহোদয়কো ধন্যবাদ জনাইছো যে তেওঁ তেওঁৰ বহুমূলীয়া সময় উলিয়াই আজিৰ সভাৰ শোভা বৰ্ধন কৰিছে। মোৰ ভাতৃপ্ৰতীম মহেশ শৰ্মাজীকো ধন্যবাদ জনাইছো যে তেওঁৰ বিভাগে অতি বিচক্ষণতাৰে এই বঁটা প্ৰদানৰ যোগেদি দেশৰ ঐক্য-সংহতিক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
বহু বহু ধন্যবাদ।
***
अतुल तिवारी / शहबाज़ हसीबी / तारा/RD
Joined the programme to mark the conferring of the 'Tagore Award For Cultural Harmony' for 2014, 2015 and 2016.
— Narendra Modi (@narendramodi) February 18, 2019
I congratulate Rajkumar Singhajit Singh Ji, Chhayanaut and Ram V. Sutar Ji on being conferred the Tagore Award for their rich contribution to culture, art and music. pic.twitter.com/davsqdFHX4