Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডাক ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু জাপানৰ মাজত সম্পন্ন হোৱা এমএ’চিত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু জাপানৰ মাজত ডাক ক্ষেত্ৰত সহযোগিতাৰ বাবে সম্পন্ন হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰক (এমঅচি) অনুমোদন প্ৰদান কৰিছে৷ এই এমঅচিৰ দ্বাৰা দুয়োখন দেশৰ মাজত ডাক ক্ষেত্ৰত ডাক সেৱাৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হব৷

লাভসমূহঃ

এই এমঅচিখনে নিম্নোক্তসমূহৰ প্ৰণয়নৰ দ্বাৰা ডাক সেৱা আৰু ডাক ক্ষেত্ৰত সহযোগিতাৰ বিকাশ কৰিবঃ

  • ডাক নীতিৰ ক্ষেত্ৰত দুয়ো পক্ষৰ তথ্য আৰু অভিজ্ঞতাৰ বিনিময়;
  • সহযোগিতামূলক সম্বন্ধ স্থাপনৰ বাবে আলোচনাৰ উত্তৰণ;
  • দুয়ো পক্ষৰ দ্বাৰা সহযোগিতাৰ ক্ষেত্ৰসমূহত পাৰস্পৰিক ভাৱে গ্ৰহণ কৰা সিদ্ধান্তৰ দ্বাৰা ডাক সেৱা বিবৃতি স্থাপন কৰা৷

এই বুজাবুজিৰ চুক্তিপত্ৰখনে ভাৰত আৰু জাপানৰ মাজত সহযোগিতা বৃদ্ধি কৰি দুয়োখন দেশৰ মাজত ডাক সেৱাক লাভান্বিত কৰিব৷

***

AKT/SH/MANN