Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড্রাগছৰ চাহিদা হ্রাস আৰু নিচাজাতীয়, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহ প্রতিৰোধ আৰু সংশ্লিষ্ট দিশত ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটত বুধবাৰে ড্রাগছৰ চাহিদা হ্রাস আৰু নিচাজাতীয় ঔষুধ, চাইকোট্রপিক ৰাসায়নিক পদাৰ্থ, প্রিকাৰ্ছৰৰ অবৈধ সৰবৰাহ প্রতিৰোধ আৰু সংশ্লিষ্ট দিশত ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়।

এই বুজাবুজি চুক্তিয়ে ড্রাগছৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতাৰ ক্ষেত্রসমূহ তালিকাভুক্ত কৰিব। তদুপৰি, এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত তথ্য আদান-প্রদানৰ প্রক্রিয়াক আৰু যাৰ মাজত বুজাবুজি চুক্তি ৰূপায়ণ আৰু তথ্য আদান-প্রদানৰ দায়িত্ব থাকিব, সেই উপযুক্ত কর্তৃপক্ষক সুনির্দিষ্ট কৰিব।

ড্রাগছজনিত দিশত এই সহযোগিতাৰ ফলত দুয়ো দেশৰ মাজত নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

এই বুজাবুজি চুক্তিৰ ফলত সংশ্লিষ্ট কর্তৃপক্ষই যিবোৰ বিষয়ত প্রচেষ্টা গ্রহণ কৰিব, সেয়া হৈছে:-

(১) নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহক কার্যকৰীভাবে মোকাবিলা কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাক উন্নত কৰিব আৰু প্রতিৰোধ, সজাগতা, শিক্ষা, সামাজিক কর্মসূচী, চিকিৎসা, পুনৰ সংস্থাপনৰ জৰিয়তে ড্রাগছৰ চাহিদা হ্রাসত সহযোগিতা আগবঢ়াব। আৰু

(২) ড্রাগছজনিত বিষয়ত কার্যকৰী, প্রযুক্তিগত আৰু সাধাৰণ বিষয় সম্বলিত বিভিন্ন তথ্যৰ আদান-প্রদান কৰিব আৰু নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিকৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণৰ ক্ষেত্রত বর্তমান আইন, বিধি, প্রক্রিয়া, সর্বোত্তম প্রয়াস আৰু পদ্ধতি আৰু বর্তমান আইনৰ আৰু সংশোধনীক লৈ নিজৰ ওচৰত থকা লিখিত তথ্য আৰু ৰচনাৰ আদান প্রদান কৰিব।

পটভূমিঃ

বিশ্বজুৰি ড্রাগছৰ চোৰাং সৰবৰাহ প্রতিৰোধত যি প্রচেষ্টা আৰম্ভ হৈছে, ভাৰতে সদায় তাক সমর্থন জনাই আহিছে। এইক্ষেত্রত ৰাষ্ট্রসংঘ আৰু বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক উদ্যোগত ভাৰতে সক্রিয় অংশ গ্রহণ কৰিছে। নিচাজাতীয় ঔষধৰ ক্ষেত্ৰত ৰাষ্ট্রসংঘৰ বুজাবুজিৰ ভিত্তিত প্রতিৱেশী দেশসমূহৰ সৈতে আৰু আমাৰ দেশত ড্রাগছৰ সমস্যা নিয়ন্ত্রণৰ বিষয়ে যিবোৰ দেশৰ প্রত্যক্ষ প্রভাৱ হৈছে, তেওঁলোকৰ সৈতে দ্বিপাক্ষিক চুক্তি/বুজাবুজি চুক্তি কৰাৰ প্রচেষ্টা লোৱা হৈছে। বিভিন্ন দেশৰ সৈতে ইতিমধ্যে এনে ধৰণৰ দ্বিপাক্ষিক চুক্তি/বুজাবুজি কৰা হৈছে। নেপালৰ সৈতে স্বাক্ষৰ কৰিব লগা এই প্রস্তাৱিত বুজাবুজি চুক্তি ড্রাগছজনিত সমস্যা নিয়ন্ত্ৰণত দ্বিপাক্ষিক সহযোগিতাৰে এক প্ৰচেষ্টা।

*****

AKT/VBA/SH/DB