পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি শিল্পী ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ ভূপেন হাজৰিকাৰ কণ্ঠই অসমৰ আত্মা তথা উত্তৰ-পূবৰ প্ৰাণশক্তিক সমগ্ৰ দেশলৈ কঢ়িয়াই লৈ গৈছিল। সংগীতৰ জৰিয়তে ড০ হাজৰিকাই অগণন লোকৰ চিন্তা আৰু ভাৱনাক সুন্দৰকৈ প্ৰকাশ কৰাৰ লগতে জনসাধাৰণৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
শ্ৰী মোদীয়ে যোৱা বছৰ গুৱাহাটীৰ ড০ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি কাৰ্যসূচীত উপস্থিত থকাৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ জীৱন আৰু কৰ্মই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“কিংবদন্তি ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক সুঁৱৰিছো।
তেওঁৰ কণ্ঠই অসমৰ আত্মা তথা উত্তৰ-পূবৰ প্ৰাণশক্তিক সমগ্ৰ দেশলৈ লৈ গৈছিল।
সংগীতৰ জৰিয়তে তেওঁ অগণন লোকৰ চিন্তা আৰু মনোভাৱক সুন্দৰভাৱে প্ৰকাশ কৰিছিল। তেওঁৰ গীতসমূহে মানুহৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিছিল।
যোৱা বছৰ গুৱাহাটীত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা মই আন্তৰিকতাৰে স্মৰণ কৰিছো। ভূপেন দাৰ জীৱন আৰু কৰ্মই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”
On his 100th birth anniversary, remembering the legendary Dr. Bhupen Hazarika Ji.
His voice carried the soul of Assam and the spirit of the Northeast to the entire nation.
Through his music he beautifully gave expression to the thoughts and spirit of countless people. His… pic.twitter.com/92YZ7B52ld
— Narendra Modi (@narendramodi) September 8, 2026
*****
MJPS/SS/ST/DD

কিংবদন্তি ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
— Narendra Modi (@narendramodi) September 8, 2026
তেখেতৰ কণ্ঠই সমগ্ৰ দেশবাসীৰ ওচৰলৈ অসমৰ আত্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভিমান বহন কৰিছিল।
সংগীতৰ জৰিয়তে তেখেতে অগণন জনগণৰ চিন্তা আৰু ভাৱনাক সুন্দৰভাৱে প্ৰকাশ কৰিছিল। তেখেতৰ গীতে মানুহক অধিক ওচৰ চপাই… pic.twitter.com/4L9q9PmGQn