Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডo এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড0 এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে ডo কালাম এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাপে স্মৰণীয়, যিয়ে যুৱ মনবোৰক প্রজ্জ্বলিত কৰিছিল আৰু দেশক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ লগতে কয় যে যে সফলতাৰ বাবে নম্রতা আৰু কঠোৰ পৰিশ্ৰম যে অত্যাৱশ্যকীয় সেয়া ডঃ কালামৰ জীৱনে আমাক মনত পেলাই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ডo কালামে কল্পনা কৰা শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সহানুভূতিশীল ভাৰত নিৰ্মাণ আমি অব্যাহত ৰাখিম।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;

“ডo এ পি জে আব্দুল কালামজীক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰিছো। তেওঁক এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাপে স্মৰণ কৰা হয় যিয়ে যুৱ মনবোৰক প্রজ্জ্বলিত কৰিছিল আৰু আমাৰ দেশক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ জীৱনে আমাক মনত পেলাই দিয়ে যে সফলতাৰ বাবে নম্রতা আৰু কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজনীয়। আমি তেওঁ কল্পনা কৰা ভাৰত নিৰ্মাণ অব্যাহত ৰাখিম…. এক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সহানুভূতিশীল ভাৰত।”

https://x.com/narendramodi/status/1978291330418622968?s=46

***

MJPS/VJ/MK