Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তামিলনাডুৰ চেন্নাইত এটা অট্টালিকা ভাঙি প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ চেন্নাইত এটা অট্টালিকা ভাঙি পৰি  প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি  গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে ।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে;

 

‘তামিলনাডুৰ চেন্নাইত এটা অট্টালিকা ভাঙি পৰি হোৱা দুৰ্ঘটনাত মৰ্মাহত।এই কঠিন সময়ত মোৰ ভাবনা  ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।

 

পিএমএনআৰএফৰ পৰা প্ৰতিগৰাকী  মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আৰ্থিক সাহায্য  দিয়া হ’ব। আহতসকলক দিয়া হ’ব  ৫০,০০০ টকাকৈ: প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰ মোদী

 

 MJPS/ST/DM