পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এগৰাকী জনপ্ৰিয় নেত্ৰী আৰু এগৰাকী উৎকৃষ্ট প্ৰশাসক হিচাপে প্ৰধানমন্ত্ৰীয়ে তেওঁক স্মৰণ কৰি কয় যে তেওঁ জনতাৰ হৃদয় আৰু মনত স্থায়ী স্থান অৰ্জন কৰিছে।
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যুগ পৰিৱৰ্তন কৰা কাৰ্যকালৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ মহিলা সবলীকৰণ, সামাজিক ন্যায় আৰু সামগ্ৰিক উন্নয়নৰ ওপৰত দৃঢ়তাৰে গুৰুত্ব আৰোপ কৰি কল্যাণমূলক শাসন কৰিছিল ।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে হোৱা বাৰ্তালাপক অতি আনন্দৰে স্মৰণ কৰে। শ্ৰী মোদীয়ে এই মাহৰ ‘মন কী বাত’ কাৰ্যসূচীত তেওঁৰ জীৱন আৰু কাম সন্দৰ্ভত কিছু নিৰ্দিষ্ট দিশ প্ৰতিফলিত কৰে ।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
“সন্মানীয় জয়াললিতাৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ কৰিছো। তেওঁ এগৰাকী জনপ্ৰিয় নেত্ৰী আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে অগণন লোকৰ হৃদয় আৰু মনত স্থান লাভ কৰিছে। তেওঁৰ জীৱন যাত্ৰা আছিল অপৰিসীম ধৈৰ্য্য আৰু সংকল্পৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ মহিলা সবলীকৰণ, সামাজিক ন্যায় আৰু সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি কল্যাণমূলক শাসন কৰিছিল। তেওঁ সহানুভূতিশীল হোৱাৰ লগতে তেওঁৰ নিৰ্ণায়ক গুণো আছিল। মই তেওঁৰ সৈতে হোৱা কথোপকথন অতি আনন্দৰে স্মৰণ কৰোঁ। এই মাহৰ #MannKiBaat কাৰ্যসূচীত মই তেওঁৰ বিষয়ে এইদৰে কৈছিলো। “
Remembering Jayalalithaa Ji on her birth anniversary. She has made a place in the hearts and minds of countless people as a charismatic leader and outstanding administrator. Her life journey was one of immense grit and determination. As the Chief Minister of Tamil Nadu, she… pic.twitter.com/oqOSgme0Hk
— Narendra Modi (@narendramodi) February 24, 2026
***
MJPS/VJ/PKK/DD

ஜெயலலிதா அவர்களை அவரது பிறந்த நாளில் நினைவுகூர்கிறேன். மனம் கவர்ந்த தலைவர் மற்றும் தலைசிறந்த நிர்வாகியாக எண்ணற்ற மக்களின் இதயங்களிலும், மனங்களிலும் அவர் இடம் பிடித்துள்ளார். அவரது வாழ்க்கைப் பயணம் மன உறுதி மற்றும் தீர்மானத்துடன் இருந்தது. தமிழ்நாட்டின் முதலமைச்சர் என்ற முறையில்,… pic.twitter.com/cegS3CG7OW
— Narendra Modi (@narendramodi) February 24, 2026