পি এম ইণ্ডিয়া
প্ৰধানমমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত তামিলনাডুৰ মাদুৰাই বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে ঘোষণাত অনুমোদন জনোৱা হয়।
তামিলনাডুৰ মাদুৰাই চহৰত অৱস্থিত মাদুৰাই বিমান বন্দৰটো ৰাজ্যখনৰ এটা অতি প্ৰাচীন বিমানবন্দৰ। ই দক্ষিণ তামিলনাডুৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰাৰ লগতে পৰ্যটন আৰু তীৰ্থযাত্ৰাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগায়।
মাদুৰাই বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদালৈ উন্নীত কৰিলে আঞ্চলিক সংযোগ বৃদ্ধি পোৱাৰ লগতে বাণিজ্য প্ৰসাৰিত হ’ব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায়ক হ’ব। চহৰখনৰ ঐতিহাসিক প্ৰাধান্যৰ সৈতে সাদৃশ্য ৰাখি বিমানবন্দৰটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যটক আৰু ব্যৱসায়ীসকলক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে।
***
MJPS/ST/DB