পি এম ইণ্ডিয়া
তুৰ্কী গণৰাজ্যৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীমান ৰিকেপ টাইয়িপ ইৰ্ডোগানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷
ৰাষ্ট্ৰপতি ইৰ্ডোগানে শেহতীয়াকৈ জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত জোৱানসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গোলকীয় শান্তি আৰু সুৰক্ষাৰ প্ৰতি সন্ত্ৰাসবাদ এক বৃহৎ ভাবুকি হৈ পৰিছে৷ সকলো ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে তাৎক্ষণিক, শক্তিশালী ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ উল্লেখ কৰে৷
****
AKT/SH/MS
PM @narendramodi’s telephonic conversation with the President of Turkey @RT_Erdogan. https://t.co/VTuFtskZgg pic.twitter.com/8hWShHly9W
— PMO India (@PMOIndia) March 11, 2019