Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তেলেংগনাবাসীক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন প্ৰধানমন্ত্ৰীৰ; অন্ধ্ৰ প্ৰদেশবাসীলৈও শুভেচ্ছা জ্ঞাপন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগনাবাসীক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধ্ৰ প্ৰদেশৰ বাসিন্দাসকলকো শুভেচ্ছা জনায়৷

তেলেংগনাৰ প্ৰতিষ্ঠা দিৱসত মই এই মনোমোহা ৰাজ্যখনৰ বাসিন্দাসকলক শুভেচ্ছা জ্ঞাপন কৰিছো৷ তেলেংগনা ইয়াৰ নাগৰিকৰ কঠোৰ পৰিশ্ৰমৰ বাবে বিশেষভাৱে পৰিচিত, যিয়ে আমাৰ দেশৰ বিকাশত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আছে৷ মই তেলেংগনাৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনাইছো৷

অন্ধ্ৰ প্ৰদেশৰ ভাই-ভনীসকললৈও মোৰ শুভকামনা জনালো৷ বিজ্ঞানৰ পৰা ক্ৰীড়া, শিক্ষাৰ পৰা ব্যৱসায়লৈ—অন্ধ্ৰ প্ৰদেশৰ বৰঙণি অতি ব্যাপক৷ অনাগত দিনত ৰাজ্যখন অধিক সমৃদ্ধিশালী হৈ উঠাৰ আশা কৰিছো৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS