Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তেলেংগানা ৰাজ্য চৰকাৰে পথ বহল কৰাৰ বাবে হায়দৰাবাদৰ নল্লাগন্দলাত কেন্দ্ৰীয় জল আয়োগৰ ভূমি অধিগ্ৰহণত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত কোনো মাচুল অবিহনে ৩০ নং ৰেডিয়েল পথ বহলীকৰণৰ জৰিয়তে উন্নয়ন কৰাৰ লক্ষ্যৰে তেলেংগানা ৰাজ্য চৰকাৰে হায়দৰাবাদৰ নল্লাগন্দলাত কেন্দ্ৰীয় জল আয়োগৰ ১০ একৰ ভূমিৰ পূব দিশৰ চৌহদৰ বেৰ(প্ৰায় ২০০ মিটাৰ)কে ধৰি মুঠ ৩৭২ মিটাৰ ভূমি অধিগ্ৰহণত অনুমোদন জনাইছে৷

পথটোৰ উন্নয়নৰ ফলত কেন্দ্ৰীয় জল আয়োগৰ সুবিধা হ’ব, কিয়নো আবণ্টিত ভূমিত অত্যাধূনিক ৰূপত ইয়াৰ কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷

******

AKT/DB