Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থানেত অট্টালিকা ভাঙি পৰাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ থানেত এটা অট্টালিকা ভাঙি পৰাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই শোকাৱহ ঘটনাত তেওঁ অত্যন্ত ব্যথিত। এই কঠিন সময়ত তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;

‘মহাৰাষ্ট্ৰৰ থানেত এটা অট্টালিকা ভাঙি প্ৰাণ হেৰুওৱাৰ খবৰ শুনি দুখ পাইছো। দুখৰ এই সময়ত মই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক।

প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকা প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

***

MJPS/SS/ST/NB