Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যতিক্ৰমী ৰাজহুৱা ব্যক্তিত্ব হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শিক্ষা, সামগ্ৰিক উন্নয়ন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ প্ৰতি থিৰু কে কামৰাজ জীৰ অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে স্মৰণ কৰিছো। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নিষ্ঠাবান আৰু ব্যতিক্ৰমী ৰাজহুৱা ব্যক্তিগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শিক্ষা, সামগ্ৰিক উন্নয়ন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ দৰে ক্ষেত্ৰৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক পথ প্ৰদৰ্শন কৰি আহিছে।

***

MJPS/SS/VJ/DD