পি এম ইণ্ডিয়া
মাননীয়,
ইয়ুনমো ঝাং, বাণিজ্য, শিল্প আৰু শক্তি মন্ত্রী,
বিশিষ্ট বাণিজ্যিক নেতৃবৃন্দ,
বন্ধুসকল,
সকলোকে অভিনন্দন জনাইছো। ছিউলত আজি আপোনালোকৰ সৈতে এনেদৰে মিলিত হ’বলৈ পাই মই অতি আনন্দিত হৈছো। মাত্র ১২ মাহতে দক্ষিণ কোৰিয়াৰ বাণিজ্যিক নেতৃবর্গৰ সৈতে এয়া মোৰ তৃতীয়টো সাক্ষাৎ। আমাৰ সদিচ্ছা বহু। দক্ষিণ কোৰিয়াৰ পৰা ভাৰতত ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ যাতে বৃদ্ধি পায়, সেই বিষয়ে কথা পাতিবলৈ মই অত্যন্ত আগ্রহী। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো তেতিয়াও দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিলো। দক্ষিণ কোৰিয়া মোৰ বাবে অর্থনৈতিক বিকাশৰ আদর্শস্বৰূপ।
বন্ধুসকল,
১২৫ কোটি জনসংখ্যাৰ দেশ ভাৰতে সম্প্ৰতি ক্ষীপ্ৰ পৰিবর্তনৰ মাজেৰে আগবাঢ়িছে।
– ভাৰত কৃষি প্রধান অর্থনীতিৰ দেশৰ পৰা উদ্যোগ আৰু সেৱাভিত্তিক অর্থনীতিৰ দিশে আগবাঢ়িছে।
– ই এনে এক অর্থনীতি যি সমগ্ৰ বিশ্বৰ সৈতেই একত্রিত হৈ আছে।
– ই এনে এক অর্থনীতি যি, ৰঙাফিটাৰ মেৰপেচৰ পৰা মুক্ত হৈ ৰঙা কাৰ্পেটৰ দিশে আগুৱাইছে।
ভাৰতত সম্প্ৰতি যথেষ্ট সুযোগ বৃদ্ধি পাইছে। আমি ভাৰতৰ স্বপ্নক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে যেতিয়া কাম কৰো, তেতিয়া আমাৰ সহযোগী হিচাপে আমি বিচাৰো সম-মানসিকতাসম্পন্ন সহযোগী। এনেক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে দক্ষিণ কোৰিয়া প্রকৃততেই ভাৰতৰ সহযোগী হোৱাৰ বাবে যোগ্য দেশ। ভাৰত, দক্ষিণ কোৰিয়াৰ ১০টা বাণিজ্যিক সহযোগী দেশৰ এখন আৰু দক্ষিণ কোৰিয়াৰ পণ্য ৰপ্তানিৰ ষষ্ঠ বৃহত্তম লক্ষ্যস্থান। ২০১৮ চনত আমাৰ বাণিজ্যৰ পৰিমাণ আছিল ২১.৫ বিলিয়ন ডলাৰ। সুসংহত অর্থনৈতিক অংশীদাৰিত্বভিত্তিক চুক্তিখনক আৰু অধিক উন্নত কৰিবলৈ আলাপ-আলোচনা কৰিব লাগিব, যাতে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পৰা যায়। উল্লেখ্য যে ভাৰতত দক্ষিণ কোৰিয়াৰ বিনিয়োগৰ পৰিমাণ ৬ বিলিয়ন ডলাৰ।
বন্ধু সকল,
২০১৫ চনত মোৰ দক্ষিণ কোৰিয়া ভ্ৰমণৰ পিছত আমি সেই দেশখনক সহযোগিতাৰ বাবে ‘ইনভেষ্ট ইণ্ডিয়া’ৰ অধীনত “কোৰিয়া প্লাছ” কোষ এটা আৰম্ভ কৰিছিলো। হুণ্ডাই, ছেমছাং, এলজি ইলেক্ট্রনিক্স ভাৰতত এতিয়া নির্ভৰযোগ্য ব্ৰেণ্ডত পৰিণত হৈছে। ইয়াৰ মাজতে অচিৰেই ভাৰতীয় বজাৰৰ সৈতে জড়িত হ’ব KIA ব্ৰেণ্ড। ভাৰতত দক্ষিণ কোৰিয়াৰ ৬০০টা বাণিজ্যিক সংস্থাই বিনিয়োগ কৰিছে। আমি দক্ষিণ কোৰিয়াৰ পৰা আৰু অধিক বিনিয়োগ আশা কৰো। ইয়াৰ বাবে, দক্ষিণ কোৰিয়াৰ নাগৰিকসকলৰ বাবে ভিছা-অন-এৰাইভেলৰ ব্যৱস্থা কৰা হৈছে ২০১৮ চনৰ অক্টোবৰৰ পৰা। আমি ভাৰতত দক্ষিণ কোৰিয়াৰ বাণিজ্যিক দপ্তৰবোৰৰ আৰু অধিক উপস্থিতি কামনা কৰো। অদূৰ ভৱিষ্যতে ভাৰত ৫ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হোৱাৰ দিশে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। পণ্য-সেৱা কৰ (জিএছটি) ইতিমধ্যেই আৰম্ভ কৰা হৈছে। বিশ্ব বেংকৰ ব্যৱসায়-বাণিজ্য কৰাৰ সুচলতাৰ যি ৰেংকিং পদ্ধতি আছে, তাত ভাৰত ৬৫ টা স্তৰ আগুৱাই বৰ্তমান ৭৭ নং স্থানত উপনীত হৈছে। অহাবছৰ আমি ব্যৱসায়-বাণিজ্য কৰাৰ সুচলতাৰ দিশেৰে শীৰ্ষ ৫০ৰ ভিতৰত স্থান অধিকাৰ কৰাৰ লক্ষ্য হাতত লৈছো। বর্তমান প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত আমাৰ দুৱাৰ মুকলি। বিগত চাৰি বছৰত আমি ২৫০ বিলিয়ন ডলাৰৰ প্রত্যক্ষ বিদেশী বিনিয়োগ দেশলৈ আনিবলৈ সক্ষম হৈছো।
বন্ধুসকল,
আমি অৰ্থনৈতিক অন্তর্ভুক্তিৰ ক্ষেত্ৰতো যথেষ্ট উদ্যমেৰে আগবাঢ়িছো। বিগত তিনিটা বছৰত আমি সেইসকল লোকৰ প্ৰায় ৩০ কোটি বেংক একাউন্ট খুলিবলৈ সক্ষম হৈছো, যিসকলৰ কেতিয়াও কোনো বেংক একাউণ্টেই নাছিল। এতিয়া ভাৰতীয় পৰিয়ালসমূহৰ ৯৯ শতাংশৰেই বেংক একাউন্ট আছে আৰু এই একাউন্টবোৰত ১২ বিলিয়ন ডলাৰতকৈও অধিক ধন জমা হৈছে। বিগত তিনি বছৰত ‘মুদ্রা’ যোজনাৰে আমি ৯০ বিলিয়ন ডলাৰ মূল্যেৰ ক্ষুদ্র ঋণ দেশৰ ১২ কোটি ৮০ লাখ লোকক দিব পাৰিছো। ইয়াৰ মাজতে, ৭৪ শতাংশ ঋণ দিয়া হৈছে মহিলাসকলক। আমি বায়’মেট্রিক ব্যৱস্থাৰ লগতে, বেংক একাউন্ট আৰু মোবাইল ফোনৰ সুবিধা প্ৰদান কৰিছো, যাতে সঠিকধৰণে তেওঁলোকক সেৱা আগবঢ়াব পাৰি, যিসকলে ইমান দিনে কেতিয়াও বেংক ব্যৱস্থাৰ আওতাত নাছিল। গ্রামীণ বৈদ্যুতিকৰণৰ ক্ষেত্রতো আমি যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰত বর্তমান আন্তর্জাতিক শক্তি সংস্থাৰ দ্বাৰা সন্মান লাভৰ যোগ্য, কিয়নো ভাৰতৰ বহু গাওঁ ২০১৮ চনৰ ভিতৰত বৈদ্যুতিকীকৰণৰ আওতালৈ আহিছে। এই উদ্যোগ আৰু তাৰ লগতে আন্তর্জাতিক সৌৰ মৈত্ৰী গঢ়ি তোলাৰ ক্ষেত্ৰত যি উদ্যোগ গ্ৰহণ কৰা হৈছে তাত ‘গ্রীন গ্লোবেল ইকনমী’ সৃষ্টিৰ পথিকৃৎ হৈ পৰিব ভাৰত।
বন্ধু সকল,
অর্থনৈতিক প্রগতিৰ লগতে প্রত্যক্ষভাৱে জড়িত হৈ আছে বিশ্বমানৰ আন্তঃগাঁথনি – সেয়া পৰিবহনেই হওঁক, বা বিদ্যুৎ অথবা বন্দৰ কিম্বা জাহাজ নির্মাণ অথবা নগৰ আন্তঃগাঁথনিয়েই হওঁক। ভাৰতত এইবোৰৰ বিপুল চাহিদা আছে আৰু তাৰ সমান্তৰালকৈ দক্ষিণ কোৰিয়াৰো আছে বৃহৎ প্রযুক্তিগত ক্ষমতা। আমাৰ হিচাপ মতে, ভাৰতত ২০২২ চনৰ ভিতৰত আন্তঃগাঁথনি ক্ষেত্রত ৭০০ বিলিয়ন ডলাৰ ধন বিনিয়োগৰ প্রয়োজনীয়তা আছে। ‘সাগৰমালা’ প্রকল্পৰ অন্তর্গত কিছু বন্দৰ প্রকল্প চিহ্নিত কৰা হৈছে য’ত আগন্তুক পাচ বছৰত ১০ বিলিয়ন ডলাৰ বিনিয়োগৰ সুযোগ আছে। ২০২৫ চনৰ ভিতৰত ভাৰতৰ ৫০ কোটিতকৈও অধিক জনসংখ্যা নগৰকেন্দ্রিক হৈ পৰিব আৰু ইয়াৰ ফলতে ভাৰত স্মার্ট ছলিউশ্যন গঢ়ি তোলাৰ বাবে সহযোগিতাৰ বিপুল সম্ভাৱনা সৃষ্টি হ’ব। ভাৰতত পৰিকাঠামোমূলক উন্নয়নত সহযোগিতা কৰাৰ গুৰুত্ব অনুধাৱন কৰি ভাৰত আৰু দক্ষিণ কোৰিয়া, দক্ষিণ কোৰিয়াৰ অর্থনৈতিক উন্নয়ন সহযোগিতা আৰু ৰপ্তানি ঋণৰ অধীনত প্রকল্পবোৰত আর্থিক সাহায্য প্ৰদানৰ বাবে ১০ বিলিয়ন ডলাৰ ব্যয় নির্ধাৰণ কৰা হৈছে।
বন্ধু সকল,
চতুর্থ শিল্প বিপ্লৱৰ যুগত গৱেষণা আৰু উদ্ভাৱনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। ইয়াৰ বাবে আমি ফ্লেগশ্বিপ কাৰ্যসূচী ‘ষ্টার্ট-আপ ইণ্ডিয়া’ আৰম্ভ কৰিছো আৰু এই কাৰ্যসূচীৰ বাবে চাৰি বছৰত ১.৪ বিলিয়ন ডলাৰ ধন প্ৰদান কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে, যাতে ভাৰতত ষ্টার্ট-আপ ব্যৱস্থা আৰম্ভ কৰিব পাৰি। প্রেছিডেন্ট মুনৰ নেতৃত্বত দক্ষিণ কোৰিয়াই ২০২০ চনৰ ভিতৰত ৯.৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ এটা কাৰ্যসূচীৰ কথা জনাইছে, যাতে ষ্টার্ট-আপ উদ্যোগবোৰৰ মূলধনৰ প্রয়োজন বৃহৎ মাত্ৰাত পূৰণ কৰিব পাৰি। এটা ভাৰত-কোৰিয়া ষ্টার্ট-আপ কেন্দ্র গঢ়ি তোলাৰ বাবে মই এটা সপোন দেখিছো, যিটো দক্ষিণ কোৰিয়াৰ ষ্টার্ট-আপ উদ্যোগ আৰু ভাৰতৰ মেধাৰ মাজত সংযোগ গঢ়ি তোলাৰ ক্ষেত্রত এক কেন্দ্ৰ হিচাপে কাম কৰিব। ছাউথ কোৰিয়ান নেশ্যনেল আই টি ইণ্ডাষ্ট্ৰি প্রমোশ্যন এজেন্সি বেঙ্গালুৰুত ইয়াৰ এক ভাৰতীয় শাখা খুলিছে যাতে ভাৰতত দক্ষিণ কোৰিয়াৰ ষ্টার্ট-আপ আৰম্ভ কৰিব পৰা যায়। উদ্ভাৱনৰ ক্ষেত্রতো দুয়োখন দেশে ‘ইণ্ডিয়া-কোৰিয়া ফিউচাৰ ষ্ট্ৰেটেজি গ্রুপ’ আৰু ‘ইণ্ডিয়া-কোৰিয়া চেন্টাৰ ফৰ ৰিছার্চ এণ্ড ইনোভেশ্যন কো-অপাৰেশ্যন প্রতিষ্ঠাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে।
বন্ধুসকল,
আমি আমাৰ দেশৰ নাগৰিকসকলৰ স্বপ্ন বাস্তৱায়িত কৰিবলৈ দক্ষিণ কোৰিয়াৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী। দুয়োখন দেশৰ বাণিজ্যিক নেতৃবৃন্দই আমাৰ এই স্বপ্নক নিজৰ মাজত যদিহে ভগাই নলয় তেন্তে আমাৰ দুয়োখন দেশৰেই চৰকাৰৰ প্রচেষ্টাৰ পূর্ণ ৰূপায়ণ অসম্ভৱ হৈ ৰৈ যাব। মই মোৰ বক্তব্য কোৰিয়াৰ ভাষাতেই শেষ কৰিবলৈ বিচাৰিছো –
হুনজা খাময়োন পল্লী খাজীমন
হমকে খাময়োন মল্লী খম্নিদা
অর্থাৎ, তুমি যদি খৰকৈ যোৱা তেন্তে তুমি অকলেই যোৱা, আৰু তুমি যদি বহুদূৰলৈ যাবলৈ বিচাৰিছা তেন্তে একেলগ হৈ যোৱা।
ধন্যবাদ।
আপোনালোক সকলোকে অশেষ ধন্যবাদ।
***
AKT/SH/SBP/RD
For the last four and a half years, India has witnessed unprecedented transformation.
— Narendra Modi (@narendramodi) February 21, 2019
I hope companies from the Republic of Korea leverage the series of opportunities India offers. pic.twitter.com/5EDbVBdxnu
Over the last four and a half years, the transformative changes have led to:
— Narendra Modi (@narendramodi) February 21, 2019
Sound economic fundamentals.
Consistent growth.
Pathbreaking reforms.
Fruits of development reaching the poorest of the poor.
Fast paced creation of futuristic infrastructure. pic.twitter.com/Wefyrk3dBl
The start-up sector has the energy of youngsters as well as the zeal to create something unique and beneficial for fellow citizens.
— Narendra Modi (@narendramodi) February 21, 2019
Both India and the Republic of Korea are giving topmost importance to this sector. Hence, it is natural to deepen cooperation in start-ups. pic.twitter.com/7ullbFkneC