Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দশম ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

দশম ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ


কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়া, ৰাজ্যমন্ত্ৰী শ্ৰীচন্দ্ৰশেখৰ পেম্মাসানী, বিভিন্ন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, জি এছ এম এ ব’ৰ্ডৰ সদস্যবৰ্গ, সমগ্ৰ বিশ্বৰ টেলিকম অপাৰেটৰসকলৰ প্ৰতিনিধিগণ, উদ্যোগ খণ্ডৰ নেতাসকল, বিশেষজ্ঞসকল, দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু ষ্টাৰ্টআপসমূহৰ লগতে মোৰ যুৱ বন্ধুসকল তথা ভদ্ৰ মহিলা আৰু ভদ্রলোকসকল।

আজি ৮ অক্টোবৰ, ভাৰতৰ বাবে এক বিশেষ দিন। আজিৰ দিনটো আমি বায়ু সেনা দিৱস হিচাপে পালন কৰো। মই আমাৰ সকলো সাহসী জোৱানক অভিবাদন জনাইছো আৰু দেশক বায়ু সেনা দিৱসৰ শুভেচ্ছা জনাইছো।

বন্ধুসকল,

কালি সিন্ধিয়াজীয়ে কোৱাৰ দৰে মই ‘চৰকাৰৰ মুৰব্বী’ হিচাপে দেশৰ সেৱা কৰি ২৫ বছৰ সম্পূৰ্ণ কৰিলোঁ। মোৰ বাবে এয়া সেৱাৰ এক মসৃণ যাত্ৰা আছিল। শুভেচ্ছাৰ বাবে মই প্ৰতিগৰাকী দেশবাসী তথা সমগ্ৰ বিশ্বৰ ভাৰতৰ প্ৰতিগৰাকী বন্ধুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল,

এইয়া এক কাকতালীয় সংযোগ যে একে সময়তে ‘ইণ্ডিয়া ম’বাইল কংগ্ৰেছ’ৰ সন্মিলনখনেও ১০ বছৰ সম্পূৰ্ণ কৰিছে। চলিত বৰ্ষত অনুষ্ঠিত হোৱা জি এছ এম এ ব’ৰ্ডৰ বৈঠকৰ বাবে ভাৰত নিৰ্বাচিত হয়। মই সমগ্ৰ বিশ্বৰ টেলিকম অপাৰেটৰ, উদ্যোগৰ নেতা, বিশেষজ্ঞ, শিক্ষাবিদ আৰু ষ্টাৰ্ট-আপৰ সকলো প্ৰতিনিধিকে ভাৰতলৈ স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি ৰাতিপুৱা বিখ্যাত অভিনেতা নানা পাটকাৰৰ দেহাৱসান হোৱাৰ আমি খবৰ পাওঁ। প্ৰতিভাৱান শিল্পী গৰাকীয়ে বিভিন্ন চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিছিল। নানা পাটেকাৰৰ জীৱন ত্ৰিৰংগাৰ সন্মান আৰু গৌৰৱৰ বাবে উৎসৰ্গিত আছিল। তেওঁ কেতিয়াও বন্ধনত আৱদ্ধ নাছিল। চিনেমাৰ আকাশত তেওঁ যেন আছিল মুক্ত বিহংগ। তেওঁ চলচ্চিত্ৰৰ জৰিয়তে সমাজত প্ৰচলিত বিশৃংখলতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। নেতিবাচক দিশবোৰৰ বিৰোধীতা কৰা তেওঁ এজন বিপ্লৱী আছিল। তেওঁৰ কণ্ঠ যিমানেই শক্তিশালী আছিল, নীৰৱতাও সিমানেই ফলপ্ৰসূ আছিল। তেওঁ ৰাষ্ট্ৰবিৰোধীসকলৰ ওপৰত নিৰন্তৰ নিয়ন্ত্ৰণ অব্যাহত ৰখাৰ পোষকতা কৰিছিল। মই নানা পাটেকাৰজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

মই আপোনালোক সকলোৰে মাজত কেইবাখনো ‘ইণ্ডিয়া ম’বাইল কংগ্ৰেছ’ৰ অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাইছো। এই মঞ্চ টেলিকম খণ্ড আৰু ডিজিটেল সংযোগৰ বিকাশৰ সাক্ষী । ২০২২ চনত, এই প্লেটফৰ্মৰ পৰা, আমি দেশত 5জি প্ৰৱৰ্তন কৰাৰ পাছত ২০২৩ চনত, ভাৰতে 5জি ৰোল-আউটৰ পৰা 5জি ৰিচ-আউটলৈ আগবঢ়া সন্দৰ্ভত মই ব্যাখ্যা কৰিছিলো। আৰু আজি আমি সকলোৱে দেখিছোঁ যে 5জি সংযোগৰ জৰিয়তে দেশৰ প্ৰতিখন জিলাকে স্পৰ্শ কৰা হৈছে। আজি ভাৰতত ৫.৫ লাখতকৈও অধিক বেচ ষ্টেচন আছে, য’ৰ পৰা 5জি নেটৱৰ্ক চলি আছে। আৰু ২০২২ চনৰ তুলনাত মোবাইল ইণ্টাৰনেটৰ গতিও ১০ গুণ বৃদ্ধি হৈছে।

 

বন্ধুসকল,

২০২৪চনত, ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ এই মঞ্চতে, আমি আন্তঃৰাষ্ট্ৰীয় টেলিকমিউনিকেচন ইউনিয়ন, আই টি ইউ আৰম্ভ কৰিছো। তাৰ পিছত আমি ডিজিটেল জগতৰ বাবে আন্তৰ্জাতিক মানৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিলো। আৰু যোৱা বছৰ, আমি বিনিয়োগ, উদ্ভাৱন আৰু মেক ইন ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিছিলো। আজি টেলিকম খণ্ডত ভাৰত শক্তিশালী স্থিতিত উপনীত হোৱাৰ অন্তৰালত ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰো গুৰুত্বপূৰ্ণ ভূমিকা পালন আছে। বছৰ বছৰ ধৰি এই মঞ্চ ভাৰতৰ প্ৰগতিৰ বাবে, ভাৰতৰ সপোনৰ বাবে এক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। সেয়েহে, মই আপোনালোক সকলোকে বিশেষ শুভেচ্ছা জনাইছো।

বন্ধুসকল,

এই বছৰ আপোনালোক সকলোৱে এই সন্মিলনত আপোনাৰ চিন্তা-চৰ্চাৰ বিষয় নিৰ্ণয় কৰিছে, সেয়া হৈছে সীমাবিহীন পৰিসৰ, প্ৰতিটো সীমাৰ বাহিৰত সম্প্ৰসাৰণ। মই আপোনালোকক ভাৰতৰ অভিজ্ঞতাৰ পৰা ক’ব বিচাৰো যে আমি কেনেদৰে সীমাবিহীন পৰিসৰৰ সপোন পূৰণ কৰিছো।

বন্ধুসকল,

যেতিয়া আমি টেলিকমৰ কথা কওঁ, প্ৰায়ে নেটৱৰ্কৰ বিষয়ে আলোচনা হয়, স্পেকট্ৰামৰ ওপৰত বিতৰ্ক হয়, টাৱাৰ, ৰিচ, স্পিডৰ বিষয়ে আলোচনা হয়। কিন্তু টেলিকমৰ অৰ্থই হৈছে ভাৰতৰ জনসাধাৰণৰ বাবে এই পৰিধি অতিক্ৰম কৰে। বিগত ১০-১২ বছৰত ধৰি মোবাইল ফোন আধুনিক যোগাযোগৰ মাধ্যম হোৱাৰ লগতে সুশাসনৰ এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে আত্মপ্ৰকাশ কৰিছে। আৰু এইটোৱেই হৈছে আমাৰ ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীৰ মূল বিষয়।

বন্ধুসকল,

আজি আমি শুনিছোঁ যে ভাৰতত ডাটা সুলভ হৈছে, মোবাইল ফোন সুলভ হৈছে, মোবাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা ইমান বৃদ্ধি হৈছে। এই কথাবোৰ সঁচা। কিন্তু এয়া কেনেকৈ হ’ল? আৰু এয়া কিয় কৰা হ’ল?  আমি এয়া উপলব্ধি কৰিলে ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয় সকলোৰে বাবে অতি স্পষ্ট হ’ব।

বন্ধুসকল,

এক দশক আগলৈকে ভাৰতত ডিজিটেল বিভাজন এক বৃহৎ প্ৰত্যাহ্বান আছিল। আধুনিক প্ৰযুক্তি এক বিশেষ সুবিধা হৈ পৰিছিল। অৰ্থাৎ, কেৱল উপায় থকাসকলেহে আধুনিক প্ৰযুক্তিৰ সুবিধা ল’ব পাৰিব। ভাৰততো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল। ডিজিটেল ইণ্ডিয়া অভিযানৰ জৰিয়তে আমি এই পৰিস্থিতি সলনি কৰাৰ সিদ্ধান্ত লৈছো আৰু মোবাইল ফোনক ইয়াৰ কেন্দ্ৰলৈ লৈ আহিছো। এইটো প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ এক বৃহৎ প্ৰচেষ্টা আছিল। ইয়াৰ বাবে টেলিকম খণ্ডত প্ৰতিটো প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা হৈছিল, আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ কৰা হৈছিল। আমি ভাৰতত মোবাইল ফোন আৰু অন্যান্য টেলিকম হাৰ্ডৱেৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো।

 

বন্ধুসকল,

এনে প্ৰতিটো প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ সাধাৰণ নাগৰিকৰ বাবে মোবাইল ফোন আৰু ডাটা অধিক সুলভ হৈ উঠিছে। আৰু আজি ই ভাৰতৰ জনসাধাৰণৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিছে। আনকি ক’ভিডৰ সময়ছোৱাতো আমি সকলো বন্ধ হৈ পৰা দেখিছিলো। কিন্তু ভাৰতত কাৰ্যালয়বোৰ চলিছিল, বেংকবোৰ চলি আছিল, শিক্ষা ব্যৱস্থা চলি আছিল। ভাৰতৰ ডিজিটেল পৰিৱেশ তন্ত্ৰৰ বাবেই এয়া সম্ভৱ হৈছিল। মোবাইল আৰু ইণ্টাৰনেট সংযোগে শিক্ষা, স্বাস্থ্য, পৰিশোধ আৰু চৰকাৰী সেৱাসমূহ কোনো ব্যাঘাত নোহোৱাকৈ অব্যাহত ৰাখিছিল। আজি, দূৰৱৰ্তী গাঁৱৰ শিশু আৰু দৰিদ্ৰসকলেও মানসম্পন্ন জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে। ডিজিটেল শিক্ষা সকলোৰে বাবে সুলভ হৈ পৰিছে।

 

বন্ধুসকল,

মই আপোনালোকক এটা সংখ্যা দিওঁ, যিয়ে ডিজিটেল ইণ্ডিয়াৰ প্ৰভাৱ আৰু অধিক প্ৰতিফলিত কৰে। অনলাইন শিক্ষাৰ বাবে আমাৰ আমাৰ দীক্ষা মঞ্চ আছে। ক’ভিডৰ সময়ছোৱাত ২০২২ চনৰ জুলাই মাহলৈকে এই মঞ্চত ৫০০ কোটিৰো অধিক শিক্ষণ অধিবেশন আৰু প্ৰায় ৬ হাজাৰ কোটি শিক্ষণ মিনিট নথিভুক্ত কৰা হৈছিল। এতিয়া প্ৰায় ২৫ কোটি ছাত্ৰ-ছাত্ৰীক আমাৰ সকলো ডিজিটেল আৰু অনলাইন মাধ্যমৰ সৈতে সংযোগ কৰাটো আমাৰ প্ৰয়াস।

অৰ্থাৎ, টেলিকমৰ ক্ষেত্ৰত সংঘটিত হোৱা বিপ্লৱৰ পৰা ভাৰতৰ নাগৰিক প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে। আপোনালোকে জানে যে ভাৰত ভাষা আৰু ভূগোলকে ধৰি সকলো ক্ষেত্ৰত এক বৈচিত্ৰ্যময় দেশ। ইয়াৰ ফলত মানুহৰ জীৱনত বহুতো অসুবিধাৰ সৃষ্টি হয়। মোবাইল সংযোগে এই বৈচিত্ৰ্যকো সহজ কৰি তুলিছে। আগতে, বেছিভাগ বেংক চহৰত আছিল, চিকিৎসালয় চহৰত আছিল, চৰকাৰী কাৰ্যালয় ব্লক বা জিলা পৰ্যায়ত আছিল। অৰ্থাৎ যিকোনো কাম কৰিবলৈ, চৰকাৰী সেৱা ল’বলৈ, জনসাধাৰণৰ ধন আৰু সময় দুয়োটাই ব্যয় কৰা হৈছিল। ডিজিটেল প্ৰশাসনে এই পৰিস্থিতিবোৰ সলনি কৰিছে। আজি, মোবাইল ফোনত শ শ চৰকাৰী সেৱা আছে। চৰকাৰী সাহায্য এতিয়া পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টলৈ যায়। প্ৰত্যক্ষ লাভ হস্তান্তৰৰ পৰা প্ৰায় ৫০ লাখ কোটি টকা প্ৰত্যক্ষভাৱে হিতাধিকাৰীসকলৰ মোবাইললৈ, তেওঁলোকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। আৰু ইয়াৰ পৰা, প্ৰায় ৫ লাখ কোটি টকা, মন কৰিব যে এয়া সামান্য পৰিমাণ নহয়, ৫ লাখ কোটি টকা অযোগ্যৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰা হৈছে। এতিয়া মোক কওঁক, এই বিনামূলীয়া ধন উপাৰ্জনৰ পথ বন্ধ হোৱা সকলে মোদীক ভাল পাবনে? মই ঠিকেই কৰিছিলো নে নাই? এয়া কৰা উচিত নে অনুচিত? এই সকলোবোৰ অপৰাধ বন্ধ কৰা উচিত নে অনুচিত? তেওঁলোকে যিমানেই চিঞৰক, মই সেইটো কৰিবলৈ দৃঢ়প্রতিজ্ঞ।

বন্ধুসকল, পুৰণি ব্যৱস্থা বাহাল থাকিলে চৰকাৰৰ ৫লাখ কোটি টকা অপব্যয় হ’লহেঁতেন আৰু এনে লোকসকলৰ পকেট ভৰি থাকিলহেঁতেন। মোদীয়ে ইয়াক বন্ধ কৰিছে। আৰু এতিয়া সেই ধন সঠিক হিতাধিকাৰীৰ হাতলৈ গৈ আছে। বাকী ৰৈ যোৱা ধন সঠিক কামৰ বাবে ব্যৱহাৰ কৰা হৈছে।

বন্ধুসকল,

পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে আমি কৃষকসকলৰ বেংক একাউণ্টত ৪ লাখ কোটি টকাতকৈও অধিক ধন জমা কৰিছো। এই পৰিমাণটো প্ৰতি ৪ মাহৰ মূৰে মূৰে যায় আৰু কৃষকে মোবাইল ফোনত ইয়াৰ বাৰ্তা পায়। এই ধন কোটি কোটি ক্ষুদ্ৰ কৃষকসকলৰ ওচৰলৈ গৈছে যিসকলে কেতিয়াও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাছিল।

অৰ্থাৎ বন্ধুসকল, মোবাইল ফোন কেৱল কথা-বতৰাৰ মাধ্যম হৈয়েই থকা নাই, বৰং ইয়াৰ জৰিয়তে বহু কাম কম ভ্ৰমণ, কম অপেক্ষা, কম ব্যয়ৰ জৰিয়তে সম্পন্ন হোৱাই নহয় অধিক সুবিধাও নিশ্চিত হৈছে। আৰু এয়া হৈছে প্ৰযুক্তিৰ সৰ্ববৃহৎ নাগৰিক লাভালাভ।

বন্ধুসকল,

যোৱা দশকত ভাৰতৰ টেলিকম আন্তঃগাঁথনি নিৰন্তৰ সম্প্ৰসাৰিত হৈছে। দূৰৱৰ্তী অঞ্চলসমূহত টাৱাৰ স্থাপন কৰা হোৱাৰ লগতে অপ্টিকেল ফাইবাৰ অভূতপূৰ্বভাৱে সম্প্ৰসাৰিত হোৱাৰ উপৰি তথ্যও সুলভ হৈ উঠে। ইয়াৰ ফলত অৰ্থনীতিৰ নতুন খণ্ডৰো সৃষ্টি হৈছে। ইয়াৰ উপৰি ই প্ৰযুক্তি, মনোৰঞ্জন আৰু শিক্ষা খণ্ডত নতুন গ্ৰাহক তথা নতুন প্ৰজন্মৰ ক্ৰিয়েটৰ্চ সৃষ্টি কৰিছে। যদি আপুনি গেইমিং খণ্ডটোৰ ওপৰত চকু দিয়ে, তেন্তে অনুমান কৰা হৈছে যে আজি ভাৰতৰ ৫০ কোটিতকৈও অধিক লোক কোনো নহয় কোনো ধৰণে গেইমিং পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত হৈ আছে। তেওঁলোকৰ এক বৃহৎ সংখ্যক হৈছে ভাৰতৰ যুৱক-যুৱতী। দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰৰ যুৱক-যুৱতীসকলেও ইয়াৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে এতিয়া ই-ক্ৰীড়াত প্ৰতিদ্বন্দ্বিতা কৰি আছে, গেইমিং সমল সৃষ্টি কৰিছে আৰু নতুন গেইমিং ব্যৱসায়ো স্থাপন কৰিছে। অৰ্থাৎ, আজি ভাৰতত মোবাইল ফোনটোও এক গেইমিং কনছ’ল আৰু সৃষ্টিৰ ষ্টুডিঅ’ হিচাপে পৰিণত হৈছে।

বন্ধুসকল,

ভাৰতৰ টেলিকম বিপ্লৱে বিষয়বস্তুৰ জগতলৈও একেই পৰিৱৰ্তন কঢ়িয়াই আনিছে। উন্নত, দ্ৰুত সংযোগ আৰু সুলভ তথ্যই গাঁও আৰু চহৰসমূহলৈ একাধিক ভিডিঅ’ শ্বেয়াৰিং মঞ্চ, ছ’চিয়েল মিডিয়া আৰু আঞ্চলিক অ’ টিটিৰ সুবিধা কঢ়িয়াই আনিছে। ইয়াৰ জৰিয়তে ভাষা সম্পৰ্কীয় সমস্যাৰ উপৰি তাত থকা সীমাবদ্ধতাও আঁতৰ হৈছে। অৰ্থাৎ, কেৱল সমল সৃষ্টিৰ সৈতে জড়িত উদ্যোগটোৱেই আজি ভাৰতত হাজাৰ হাজাৰ কোটি টকাৰ মূল্যৰ হৈ পৰিছে, যিয়ে লাখ লাখ লোকক উপাৰ্জনৰ সুবিধা দিছে। অৰ্থাৎ, মোবাইল ফোনসমূহেও ভাৰতত সমল সৃষ্টি গণতান্ত্ৰিক কৰি তুলিছে।

বন্ধুসকল,

আজি টেলিকম আৰু ডিজিটেল প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ। সেয়ে ইয়াৰ সৈতে জড়িত সুৰক্ষা পৰিকাঠামো কঠোৰ কৰাটোও অতি গুৰুত্বপূৰ্ণ। ফোন সুৰক্ষা আৰু নেটৱৰ্ক সুৰক্ষা আমাৰ সকলোৰে বাবে এক অগ্ৰাধিকাৰ। প্ৰট’কল বা স্থপতিবিদৰ ভাষাৰে চিন্তা নকৰা এজন সাধাৰণ নাগৰিকৰ বাবে বিশ্বাস অতি গুৰুত্বপূৰ্ণ। যেতিয়া তেওঁলৈ ফোন আহে, তেওঁ জনা উচিত কোনে ফোন কৰিছে। যেতিয়া তেওঁলৈ বাৰ্তা আহে, তেওঁ জনা উচিত যে এয়া সঁচা নে ভুৱা। যেতিয়া তেওঁ ধন পৰিশোধ কৰে, তেতিয়া তেওঁ ধনৰ সুৰক্ষা সন্দৰ্ভত আত্মবিশ্বাসী হোৱা উচিত। যেতিয়া তেওঁ কোনো তথ্যৰে আবেদন পূৰ কৰে, তথ্যৰ সুৰক্ষা সন্দৰ্ভত তেওঁ আত্মবিশ্বাসী হোৱা উচিত।

বন্ধুসকল,

বিশ্বাস প্ৰাপ্ত হ’লেহে প্ৰযুক্তিয়ে পৰিসৰ লাভ কৰে। আৰু আপোনালোক সকলোৱে জানে যে চাইবাৰ ফ্ৰড আৰু চাইবাৰ ক্ৰাইমেও সীমা বিবেচনা নকৰে। সেইবোৰ ইতিমধ্যে সীমাৰ বাহিৰলৈ গৈছে। এখন দেশত বহি থকা এজন ব্যক্তিয়ে আন এখন দেশৰ সহায়ত তৃতীয়খন দেশত অপৰাধ সংঘটিত কৰিব পাৰে। আমি এইটোও দেখিছোঁ যে ডিপ-ফেক কিমান ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিছে। সেয়েহে, আমি ইয়াৰ বাবে এক আন্তৰ্জাতিক পৰিকাঠামো অনুসৰি কাম কৰাটো প্ৰয়োজনীয়। চৰকাৰ, প্ৰযুক্তি কোম্পানী, টেলিকম অপাৰেটৰ আৰু বিত্তীয় প্ৰতিষ্ঠান সকলোৱে এই পৰিকাঠামোৰ সৈতে জড়িত হ’ব লাগিব। মই জি এছ এম এ আৰু মই বিশ্বৰ টেলিকম অপাৰেটৰসকলক অনুৰোধ জনাইছো, আহক এনে এক আন্তৰ্জাতিক ব্যৱস্থা সৃষ্টি কৰো যি জনসাধাৰণৰ ওচৰলৈ যোৱাৰ আগতেই এনে প্ৰতাৰণা বন্ধ কৰিব পাৰে। এই দিশত নিজৰ অভিজ্ঞতাৰ পৰা ভাৰতে বহুখিনি শিকিব পাৰিছে আৰু বিশ্বৰ সৈতে নিজৰ অভিজ্ঞতা বিনিময় কৰিবলৈ ভাৰত সদায় সাজু হৈ আছে।

বন্ধুসকল,

এই দশকত মাত্ৰ চাৰি বছৰহে বাকী আছে। এইবেলি ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ এই অধিবেশনত আপোনালোকে কৰা আলোচনাই পৰৱৰ্তী দশকৰ বাবে পৰিকল্পনা শক্তিশালী কৰিব। আৰু এই পৰিকল্পনাই ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ মোবাইল বজাৰক দিশ প্ৰদান কৰিব। বছৰ বছৰ ধৰি ভাৰতে গ্ৰাহকৰ পৰা ক্ৰিয়েটৰ্চলৈ যাত্ৰা আৰম্ভ কৰিছে। এতিয়া ভাৰতে সেই লক্ষ্যৰ দিশে আগবাঢ়িছে, য’ত সামগ্ৰী, ডিজাইন ভাৰততো হ’ব। ইয়াৰ প্ৰযুক্তি আৰু আই পি ভাৰততো হ’ব। ইয়াৰ বাবে প্ৰতিটো প্ৰয়োজনীয় উদগণিমূলক ধন দিয়া হৈছে, প্ৰতিটো প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা হৈছে। অৰ্থাৎ টেলিকম খণ্ডত ৰিফৰ্ম এক্সপ্ৰেছও দ্ৰুতগতিত আগবাঢ়িছে। আমি বহু দশক পুৰণি আইনসমূহৰ আধুনিকীকৰণ কৰি আছো। টেলি-কমিউনিকেচন আইনৰ জৰিয়তে আমি এক আধুনিক নিয়ামক পৰিকাঠামো সৃষ্টি কৰিছো। আমি এ জি আৰ আৰু বেংক গেৰাণ্টিৰ দৰে গাঁথনিগত বোজা যুক্তিসংগত কৰাৰ বাবেও কাম কৰি আছো। আৰু গতিশক্তি যোগাযোগ প’ৰ্টেলে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাইট অৱ ৱে অনুমোদন দ্ৰুত কৰি তুলিছে।

 

বন্ধুসকল,

ভাৰতৰ ছেমিকণ্ডাক্টৰ আৰু ছেমিকণ্ডাক্টৰ নিৰ্মাণ ব্যৱস্থাই গতি লাভ কৰিছে। এতিয়ালৈকে পাঁচটা স্থানত বাণিজ্যিক উৎপাদনো আৰম্ভ হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ পৰৱৰ্তী পৰ্যায়ত, আমাৰ মনোযোগ সমগ্ৰ যোগান শৃংখলৰ ওপৰত আছে। অৰ্থাৎ, ভাৰতে টেলিকম খণ্ডৰ সৈতে জড়িত প্ৰতিটো ক্ষেত্ৰতে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি আছে।

বন্ধুসকল,

বিগত বছৰবোৰত ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ জৰিয়তে বহুখিনি ইতিবাচক পৰিৱৰ্তন হৈছে। কিন্তু উন্নয়নৰ এই যাত্ৰা হৈছে নিত্য নতুন মাইলৰ খুঁটি অতিক্ৰম কৰাৰ। আমাৰ সন্মুখত এখন বিকশিত ভাৰতৰ মহান সংকল্প আছে। ইয়াৰ বাবে আমি নিৰন্তৰভাৱে আমাৰ প্ৰচেষ্টা বিস্তৃত কৰিব লাগিব। ইয়াত প্ৰদৰ্শিত প্ৰযুক্তিসমূহৰ নিজস্ব গুৰুত্ব আছে। কিন্তু ইয়াত সৃষ্টি হোৱা অংশীদাৰিত্বৰ বাবে আই এম চি ক স্মৰণ কৰিব লাগিব। ইয়াত আৰম্ভ হোৱা গৱেষণা প্ৰকল্পসমূহৰ বাবে, ইয়াৰ পৰা বিশ্বলৈ ৰপ্তানি হোৱা সামগ্ৰীসমূহৰ বাবে আৰু ভাৰতত উদ্ভৱ হোৱা তথা মানৱতাক সেৱা আগবঢ়োৱা উদ্ভাৱনসমূহৰ বাবে স্মৰণীয়। আমি আই এম চি ক এনে এক মঞ্চ হিচাপে গঢ়ি তুলিব লাগিব যি প্ৰযুক্তি, গৱেষণা, উদ্যোগ, বিনিয়োগ আৰু ধাৰণাৰ সংযোগস্থল হৈ উঠিব। মই নিশ্চিত যে আপোনালোক সকলোৱে ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। এই আশাৰে আপোনালোক সকলোকে আকৌ এবাৰ বহু শুভেচ্ছা জনালোঁ।

 

বহুত ধন্যবাদ।

*****

MJPS/SS/SS/RK/DD