Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছিলভাছাত চিকিৎসা মহাবিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে দাদৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন প্ৰদান কৰিছে৷

বিশেষ বৈশিষ্টসমূহঃ

. কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত ১৮৯ কোটি টকা বাজেটেৰে চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰা হব যি দুটা বৰ্ষ ২০১৮১৯ আৰু ২০১৯২০ত ক্ৰমে ১১৪ কোটি টকা আৰু ৭৫ কোটি টকাকৈ আৱণ্টন দিয়া হব৷ বছৰি ১৫০ গৰাকী শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰিব পাৰিব৷

. এই প্ৰকল্পটো ২০১৯২০ত সম্পূৰ্ণ হব আৰু নিৰ্মাণ তথা মূলধনী ব্যয় ভাৰতীয় চিকিৎসা পৰিষদ (এমচিআই)ৰ নিয়মাৱলী অনুসৰি তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পালন কৰা হব৷

. চিকিৎসা মহাবিদ্যালয়খনৰ বাৰ্ষিক ব্যয় কেন্দ্ৰীয় শাসিত অঞ্চললৈ আৱণ্টন দিয়া বাজেটৰ দ্বাৰা ব্যৱস্থাপনা কৰা হব৷

. স্থাপনা ব্যয় সমিতি (চিইই)ৰ পৰামৰ্শ অনুসৰি ১৪টা জেএছ পৰ্যায়ৰ ২১টা নিয়মীয়া পদ আৰু বাকী ৩৫৭টা নিয়মীয়া পদ (শৈক্ষিক আৰু অনাশৈক্ষিক পদক সামৰি)সৃষ্টি কৰা হব৷

লাভসমূহঃ

এই অনুমোদনৰ দ্বাৰা পৰ্যাপ্ত সংখ্যাত চিকিৎসক উপলব্ধ হব৷ ই দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষাৰ্থীসকলক চিকিৎসা শিক্ষাৰ সুবিধা প্ৰদান কৰিব৷ তাৰোপৰি ই অঞ্চলটোত বিদ্যমান জিলা চিকিৎসালয়সমূহৰ ব্যৱহাৰিক উপযোগিতা বৃদ্ধি কৰাৰ লগতে আন্তঃগাঁথনিও সুদৃঢ় কৰিব৷ এই চিকিৎসা মহাবিদ্যালয়খনে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনজাতি তথা গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলক সামাজিক সমতা স্থাপনত সহায় কৰিব৷ চিকিৎসকৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে অঞ্চলটোত স্বাস্থ্যসেৱাৰ গুণগতমান বৃদ্ধি হব৷

 

**********

AKT/MANN