Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে দিল্লীৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত এককালীন সাহায্যও ঘোষণা কৰে।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “দিল্লীৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত এককালীন সাহায্য প্ৰদান কৰা হ’ব।”প্ৰধানমন্ত্ৰী @narendramodi”

 

***

DS/ST/DB