Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলীত অংশগ্ৰহণ কৰে৷

ৰেলীত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি প্ৰতিনিধি আৰু বন্ধুত্বপূৰ্ণ তথা চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটৰ অভিবাদন আৰু মাৰ্ষ্ট পাষ্ট নিৰীক্ষণ কৰে৷

সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি এনচিচি কেডেটসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত দুঃসাহসিক ক্ৰীড়া, সংগীত আৰু অন্যান্য কলা প্ৰদৰ্শনেৰে তেওঁলোকৰ সক্ষমতা দেখুৱায়৷ প্ৰধানমন্ত্ৰীয়ে দক্ষতাসম্পন্ন এনচিচি কেডেটসকলক বঁটাসমূহো প্ৰদান কৰে৷

এই উপলক্ষে আগবঢোৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বাবে যুৱসমাজৰ নিয়মানুৱর্তিতা, একাগ্ৰতা আৰু নিষ্ঠাৰ মানসিকতাক আৰু অধিক দৃঢ় কৰি তুলিবলৈ এনচিচি এক গুৰুত্বপূর্ণ মঞ্চ৷ তেওঁ লগতে কয় যে যুৱ সম্প্ৰদায়ৰ মাজত এই ধৰণৰ মূল্যবোধ দেশৰ উন্নয়ন আৰু অগ্ৰগতিৰ সহায়ক ব৷
 

প্ৰধানমন্ত্রীয়ে ভাৰতক বিশ্বৰ অন্যতম যুৱ দেশ হিচাপে বর্ণনা কৰি কয় যে দেশৰ জনসংখ্যাৰ ৬৫ শতাংশতকৈ অধিক লোক ৩৫ বছৰৰ কম বয়সীয়া৷আমি এই লৈ গর্বিত যে আমাৰ চিন্তাভাৱনাও নবীন হোৱা প্ৰয়োজন,প্ৰধানমন্ত্রীয়ে কয়৷ তেওঁ কয় যে চিন্তাভাবনাৰ ক্ষেত্রত নবীন হোৱাৰ অর্থ এইটো নহয় যে বিভিন্ন সমস্যাৰ দ্রুত সমাধানসূত্ৰ বিচাৰি পাবলৈ মন্থৰ হোৱাৰ অবকাশ আছে৷  তেওঁ লগতে কয়, এয়াই নবীন মানসিকতাৰ প্ৰত্যাশা আৰু এয়াই নতুন ভাৰতৰ মূল ৰূপ৷

 

প্ৰধানমন্ত্ৰীয়ে কয়, “পুৰণি প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ সমান্তৰালভাৱে আমি বর্তমান বিষয়বোৰৰ প্ৰয়োজনীয়তাৰ বিষয়েও যত্নশীল লাগিব, আমি ভৱিষ্যতৰ প্ৰত্যাশা পূৰণৰ লক্ষ্যৰে কাম কৰিম৷ তেওঁ কয় যে ভাৰতে আজি তৰুণ মানসিকতা আৰু সাহেৰে আগুৱাই গৈছে৷আজি ভাৰতৰ এক তৰুণ মানসিকতা আৰু হৃদয় আছে আৰু সেইবাবেই এই ভাৰতে ছার্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু বিদ্ৰোহী শিবিৰত প্ৰত্যক্ষভাৱে আঘাত হানিবলৈ সক্ষম৷তেওঁ কয়৷ প্ৰধানমন্ত্রীয়ে কয় যে তৰুণ মানসিকতাই এইটোৱেই বিচাৰে, সকলোকে লৈ আগুৱাই যোৱা, কাকো পিছ পেলাই নহয়৷ প্ৰধানমন্ত্ৰীয়ে কয়,এই মানসিকতাক সম্বল কৰিয়েই আমি বড়ো চুক্তি স্বাক্ষৰ কৰিছো, সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰা হৈছে আৰু চুক্তিও স্বাক্ষৰিত হৈছে৷

 

উত্তৰপূবৰ উন্নয়নমূলক প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই অঞ্চলৰ উন্নয়নৰ লগতে সংশ্লিষ্ট বিভিন্ন পক্ষক লগত লৈ উদাৰ মানসিকতা আৰু মুক্ত মনেৰে আলোচনা আৰম্ভ হৈছিল৷ ইয়াৰ পৰিণতিই বড়ো চুক্তি স্বাক্ষৰ ল৷ প্ৰধানমন্ত্রীয়ে কয়,এয়াই নতুন ভাৰতৰ চিন্তাধাৰা৷ আমি প্ৰত্যেকক লগত লৈ প্ৰত্যেকৰে অগ্ৰগতি কৰি তথা প্ৰত্যেকৰে আস্থা অর্জন কৰি দেশক আগুৱাই নিছো৷

 

***

VRRK/AKP/DB