পি এম ইণ্ডিয়া
দিল্লীৰ অকৰ্তৃত্বশীল কলনিত বসবাস কৰা লোকসকলক স্বীকৃতিৰ স্বত্বাধিকাৰ অথবা হস্তান্তৰ/বন্ধকীৰ অধিকাৰ প্ৰদানৰ অৰ্থে পৰামৰ্শ কমিটী গঠনৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দিল্লীৰ অকৰ্তৃত্বশীল কলনিত বসবাস কৰা লোকসকলক স্বীকৃতিৰ স্বত্বাধিকাৰ অথবা হস্তান্তৰ/বন্ধকীৰ অধিকাৰ প্ৰদানৰ অৰ্থে পৰামৰ্শ কমিটী গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ দিল্লীৰ লেফটেনেণ্ট জেনেৰেলৰ অধ্যক্ষতাত গঠিত হ’বলগীয়া কমিটীখনত নিম্নোলিখিত সদস্যসকলক থাকিবঃ–
১. দিল্লী উন্নয়ন প্ৰাধিকৰণ(ডিডিএ)ৰ উপাধ্যক্ষ
২. কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব
৩. দিল্লী চৰকাৰৰ মুখ্যসচিব
৪. দিল্লীৰ পূব, উত্তৰ আৰু দক্ষিণ পৌৰনিগমৰ আয়ুক্তসকল
৫. দিল্লী নগৰ কলা আয়োগৰ অধ্যক্ষ
৬. দিল্লীৰ আর্বান ট্রেন্সপোর্ট স্কুল অৱ প্লেনিং এণ্ড আর্কিটেকচাৰৰ অধ্যাপক
৭. ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠানৰ নগৰ পৰিকল্পনা আৰু সঞ্চালক
৮. দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ প্রাক্তন সঞ্চালক আৰু
৯. সদস্য সচিব হিচাপে থাকিব দিল্লী উন্নয়ন প্ৰাধিকৰণৰ কৰ্তৃত্বশীল মুখ্য সচিব
উল্লেখ্য যে এই কমিটীখনে ৯০ দিনৰ ভিতৰত কেন্দ্রীয় গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব৷ কমিটীৰ প্ৰতিবেদন লাভ কৰাৰ পাছত কেবিনেট সচিবালয়ক জনোৱা হ’ব৷ ইয়াৰ পাছত কমিটীৰ পৰামৰ্শৱলী বিবেচনা কৰি পৰৱর্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব৷
লাভালাভঃ
কমিটীকনৰ পৰামৰ্শৱলীয়ে দিল্লীৰ কলনিসমূহত অকৰ্তৃত্বশীলভাৱে বসবাস কৰি থকা লোকসকলে আবাসৰ স্বত্তাধিকাৰ অথবা হস্তান্তৰৰ কৰ্তৃত্ব/বন্ধকীৰ অধিকাৰ লাভ কৰিব৷ দিল্লীৰ কলনিসমূহত অকৰ্তৃত্বশীলভাৱে বসবাস কৰি থকা লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰক লৈ এয়াই প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
*****
AKT/SH/DB